• Home
  • »
  • News
  • »
  • health-well-being
  • »
  • kidney Disease: গম নোপোৱাকৈ হৈ থাকিব পাবে বৃক্কৰ সমস্যা, আগতীয়া লক্ষণবোৰৰ বিষয়ে জানি লোৱা উচিত

kidney Disease: গম নোপোৱাকৈ হৈ থাকিব পাবে বৃক্কৰ সমস্যা, আগতীয়া লক্ষণবোৰৰ বিষয়ে জানি লোৱা উচিত

kidney disease symptoms : সাধাৰণতে বৃক্কৰ ৰোগৰ আগতীয়া উমান পোৱা যায়।

kidney disease symptoms : সাধাৰণতে বৃক্কৰ ৰোগৰ আগতীয়া উমান পোৱা যায়।

kidney disease symptoms : সাধাৰণতে বৃক্কৰ ৰোগৰ আগতীয়া উমান পোৱা যায়।

  • Share this:
এনে ঘটনা সচৰাচৰ শুনা যায় যে গম নোপোৱাকৈ কোনো লোকৰ বৃক্ক বিকল হোৱাৰ উপক্ৰম হৈছে। চলা-ফিৰা ঠিক মতে চলি আছে যদিও হঠাতে গম পোৱা যায় যে বৃক্ক বিপজ্জনক দিশলৈ অগ্ৰসৰ হৈছে। কিন্তু এয়া খুব কমেই ঘটে। সাধাৰণতে বৃক্কৰ ৰোগৰ (kidney disease) আগতীয়া উমান পোৱা যায়। এইক্ষেত্ৰত সাৱধানতাই আপোনাক ৰক্ষা কৰিব পাৰে। মানৱ শৰীৰৰ এই আটাইতকৈ গুৰুত্বপূৰ্ণ অঙ্গৰ সমস্যাবোৰ সেয়ে সময়মতে নিয়ন্ত্ৰণ কৰা দৰকাৰ। আপুনি আগতীয়াকৈ সাৱধান হ'ব লগা এনে লক্ষণবোৰৰ (symptoms) বিষয়ে জানি লওক।

১. সদায় ভাগৰুৱা অনুভৱ
কামৰ মনোভাৱ হেৰুওৱাটো বৃক্কৰ সমস্যাৰ এটা মুখ্য লক্ষণ। বৃক্কৰ মুখ্য কাম হৈছে তেজ বিশুদ্ধ কৰা। সেয়েহে যদি বৃক্কই সঠিকভাৱে কাম নকৰে, তেজত বিষাক্ত পদাৰ্থ আৰু অপ্ৰয়োজনীয় উপাদান বৃদ্ধি হয়। ফলস্বৰূপে, ভুক্তভোগীয়ে ভাগৰ অনুভৱ কৰে। আনকি ৰক্তহীনতাৰ সমস্যাও উদ্ভৱ হ'ব পাৰে। ৰক্তহীনতাৰ এটা মুখ্য লক্ষণ হৈছে স্বাভাৱিকতকৈ অধিক ভাগৰ।

২. অনিদ্ৰা
যদি বৃক্কই সঠিকভাৱে কাম নকৰে, তেন্তে প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা অপ্ৰয়োজনীয় আৱৰ্জনা ওলাই আহিব নোৱাৰে। এইটো অনিদ্ৰাৰ এটা কাৰণ। বিশেষজ্ঞসলৰ মতে, বৃক্কৰ সমস্যাত ভুগি থকা লোকসকলৰ স্বাস্থ্যৱান লোকতকৈ টোপনি নোযোৱাৰ সমস্যা বহুত বেছি।

৩. ছালৰ সমস্যা
মানৱ শৰীৰত প্ৰয়োজনীয় নিমখ আৰু খনিজ পদাৰ্থৰ ভাৰসাম্য ৰখাটোও বৃক্কৰ এটা মুখ্য কাৰ্য। এই উপাদানবোৰে ছালৰ জীৱনীশক্তি বজাই ৰখা আৰু হাড়ৰ স্বাস্থ্য সুৰক্ষিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ফলস্বৰূপে, শুকান শুকান ছাল, ছালৰ ঘা আৰু হাড়ৰ সমস্যা বৃক্কৰ ৰোগৰ এটা লক্ষণ হ'ব পাৰে।

৪. প্ৰস্ৰাৱৰ সমস্যা
যদি আপুনি বাৰে বাৰে প্ৰস্ৰাৱ কৰিব লগা হয়, ই বৃক্কৰ ৰোগৰ লক্ষণ হ'ব পাৰে। বিশেষকৈ যদি আপুনি নিশা স্বাভাৱিকতকৈ অধিক সঘনাই প্ৰস্ৰাৱ কৰিব বিচাৰে, আপুনি সাৱধান হোৱা উচিত প্ৰস্ৰাৱৰ সৈতে ৰক্তক্ষৰণ বা প্ৰস্ৰাৱত অত্যধিক ফেন ওলোৱাটোও বৃক্কৰ সমস্যাৰ লক্ষণ। প্ৰস্ৰাৱত উচ্চমাত্ৰাত এলব'মিন থাকিলে অতিৰিক্ত ফেনৰ সৃষ্টি হয়।

৫. ভৰি ফুলা
বৃক্কৰ সমস্যাই ছডিয়ামৰ ভাৰসাম্য নষ্ট কৰে। ইয়াৰ ফলত ভৰি ফুলি যায়। কেতিয়াবা খনিজ নিমখৰ ভাৰসাম্যই শৰীৰৰ পেশীকো কোমল কৰে। এইটো মুখ্যতঃ কেলচিয়াম আৰু ফছফৰাছৰ সমস্যাৰ বাবেও হয়। কিন্তু সাৱধান হোৱা দৰকাৰ।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি