কানাড়া অভিনেত্ৰীগৰাকীৰ ৰুট কেনেল অস্ত্ৰোপচাৰ ভুল হোৱাৰ পিছত মুখখন ফুলি চিনিব নোৱাৰা হৈ পৰিছে।
কানাড়া অভিনেত্ৰীগৰাকীৰ ৰুট কেনেল অস্ত্ৰোপচাৰ ভুল হোৱাৰ পিছত মুখখন ফুলি চিনিব নোৱাৰা হৈ পৰিছে।
অভিনেতা-অভিনেত্ৰীৰ বাবে মুখৰ সৌন্দৰ্য আৰু চেহেৰা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। গতিকে, যেতিয়া তেওঁলোকৰ মুখমণ্ডলত কিবা এটা অঘটন ঘটে, তেতিয়া ই তেওঁলোকৰ কেৰিয়াৰৰ বাবে ক্ষতিকাৰক হৈ পৰে। শেহতীয়াকৈ কানাড়া অভিনেত্ৰী স্বাথী সতীশে তেওঁৰ ৰুট কেনেল অস্ত্ৰোপচাৰ ভুল হোৱাৰ পিছত ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে।
বেংগালুৰুৰ অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ ৰুট কেনেল থেৰাপী বিফল হোৱাৰ পিছত বিষত জৰ্জৰ হৈ পৰে আৰু মুখখন ফুলি উঠে। অভিনেত্ৰীগৰাকীৰ মুখখন ফুলাৰ দুই-তিনি দিনৰ পিছত ভাল হ’ব বুলি দন্ত চিকিৎসকে আশ্বাস দিছিল। কিন্তু তিনি সপ্তাহৰ পাছতো অভিনেত্ৰীগৰাকীয়ে মুখখন ফুলা অৱস্থাত থকাৰ লগতে প্ৰচণ্ড বিষত ভুগি আছে। ফুলি উঠা মুখখনৰ বাবে মোহময়ী অভিনেত্ৰীগৰাকীক চিনিব নোৱাৰা হৈ পৰিছে আৰু ঘৰৰ পৰা ওলাই যোৱাটো তেওঁৰ বাবে কঠিন হৈ পৰিছে।
উপায়হীন অভিনেত্ৰীগৰাকীয়ে অনুৰাগীক জনাইছে সবিশেষ। চিকিৎসকে চিকিৎসা সন্দৰ্ভত অসম্পূৰ্ণ তথ্য আৰু ভুল ঔষধ প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰীগৰাকীয়ে। এতিয়া আন এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অভিনেত্ৰীগৰাকী। FIR আৰু 6 to 6 ৰ দৰে ছবিত কৰা কামৰ বাবে পৰিচিত অভিনেত্ৰীগৰাকীয়ে Oryx Dental Multispecialty হাস্পতালত ৰুট কেনেল চিকিৎসা গ্ৰহণ কৰিছিল। অভিযোগ অনুসৰি এই প্ৰক্ৰিয়াৰ সময়ত তাইক এনাস্থেচিয়াৰ পৰিৱৰ্তে চেলিচিলিক এচিড দিয়া হৈছিল। স্বাথীয়ে চিকিৎসাৰ বাবে আন এখন চিকিৎসালয়লৈ যোৱাৰ পিছতে তেওঁ এই কথা গম পায়। তেওঁ বৰ্তমান ঘৰতে জিৰণী লৈ সুস্থ হোৱাৰ চেষ্টা কৰি আছে।
যোৱা মাহত আন এগৰাকী জনপ্ৰিয় কানাড়া টিভি অভিনেত্ৰী চেথানা ৰাজৰ বিফল প্লাষ্টিক চাৰ্জাৰীৰ জটিলতাত মৃত্যু হয়। মাত্ৰ ২১ বছৰ বয়সত তেওঁণ বেংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত ফেট ফ্ৰী কচমেটিক অস্ত্ৰোপচাৰ কৰিছল।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|