• Home
  • »
  • News
  • »
  • health-well-being
  • »
  • যত্ন লওঁতাসকল সাৱধান! ডায়েবেটিচ ৰোগীৰ ক্ষেত্ৰত লক্ষ্য ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ কথা

যত্ন লওঁতাসকল সাৱধান! ডায়েবেটিচ ৰোগীৰ ক্ষেত্ৰত লক্ষ্য ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ কথা

  • Share this:
NetraSuraksha স্ব-পৰীক্ষা ইয়াত কৰাওক

আমাৰ স্বাস্থ্য সম্পৰ্কীয় কথা যেতিয়া আহি পৰে, আমাৰ বেছিভাগেই সঠিক পদক্ষেপ গ্ৰহণ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হয়। যদিও আমি জানো যে আমি ব্যায়াম কৰা উচিত, ভিটামিন গ্ৰহণ কৰা উচিত, মিঠা চেনি থকা লঘু আহাৰ পৰিহাৰ কৰিব লাগে আৰু কেৱল তেতিয়াহে খোৱা উচিত যেতিয়া আমাৰ সঁচাকৈয়ে ভোক লাগে, আমি সেয়া পালন নকৰোঁ। এইবোৰ মানি চলাটো কঠিন কাম। আমাৰ বয়স, সামাজিক আৰু বিত্তীয় স্থিতি যিয়েই নহওক কিয়, আমি লাগিলে বিবাহিতই হওঁ বা অবিবাহিত; আমাৰ দৈনন্দিন জীৱনৰ চাপ অত্যন্ত কঠিন। যেতিয়া আমি আমাৰ প্ৰিয়জনৰ যত্ন লোৱাৰ দায়িত্বও লাভ কৰোঁ- তেতিয়া ই অৰ্থহীন হৈ পৰে।



যিহেতু আমাৰ সকলোৰে বয়স আগুৱাই গৈছে, আৰু লগতে আমাৰ পিতৃ-মাতৃ, ককা-আইতা, শহুৰ-শাহু, আৰু মামা, খুৰাই আমাক তেওঁলোকৰ সহায়ৰ লাখুটি হিচাপে গণ্য কৰে, তেন্তে নিশ্চিতকৈ আমাৰ ওপৰত থকা দায়িত্ব বাঢ়িবহে। তেন্তে আমি এই কাৰ্যক কেনেদৰে সঠিক ৰূপ দিব পাৰিম? উত্তৰ হৈছে- তথ্য, তথ্য, আৰু তথ্য। আমি যিমানেই বেছি জানিম, সিমানেই বেছিকৈ দেখা পাম, আৰু পৰিস্থিতিৰ প্ৰতি আমি সিমান সোনকালে সঁহাৰি জনাব পাৰিম। সময় সদায়েই গুৰুত্বপূৰ্ণ।



ডায়েবেটিচ হৈছে এনে এক ৰোগ যিটোৰ বিষয়ে সাম্ভাব্য যত্ন লওঁতা হিচাপে, আমি সকলোৱে জনাটো উচিত। এই ৰোগবিধ আৰু ইয়াৰ সম্পৰ্কিত জটিলতাৰ ফলস্বৰূপে প্ৰতি বছৰে লাখ লাখ লোকৰ মৃত্যু হয়: আন্তৰ্জাতিক ডায়েবেটিচ ফেডাৰেশ্যন এটলাছ 2019 অনুসৰি, 2019 চনত এই সংখ্যা 4.2 নিযুত হৈছিল। কেৱল ডায়েবেটিচে, বা যেতিয়া ইয়াক উচ্চ ৰক্তচাপৰ সৈতে যুক্ত কৰা হয়, ই বিশ্বব্যাপী 80% বৃক্কৰ ৰোগৰ অন্তিম পৰ্যায়ৰ কাৰণ হয়। ডায়েবেটিচ আৰু দীৰ্ঘম্যাদী বৃক্কৰ ৰোগ দুয়োটা কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগৰ সৈতে গভীৰভাৱে সম্পৰ্কিত1। ডায়েবেটিক ভৰি আৰু হাত-ভৰিৰ তলৰ অংশৰ জটিলতাই বিশ্বব্যাপী 40 ৰ পৰা 60 নিযুত ডায়েবেটিচ থকা লোকক প্ৰভাৱিত কৰে1। দীৰ্ঘম্যাদী আলচাৰ আৰু অঙ্গচ্ছেদৰ ফলত জীৱনৰ মানদণ্ড যথেষ্ট হ্ৰাস হয় আৰু আগতীয়া মৃত্যুৰ আশংকা বৃদ্ধি হয়1।



আপোনাৰ পৰিয়াল আৰু সমাজৰ আশে-পাশে ডায়েবেটিচ থকা লোক আছে, আজিয়েই এই জটিলতাবোৰৰ বিষয়ে পঢ়িবলৈ আৰু শিকিবলৈ আৰম্ভ কৰক। ডায়েবেটিচৰ লগত জড়িত আটাইবোৰ জটিলতাৰ ক্ষেত্ৰতেই, আগতীয়াকৈ ৰোগ নিৰ্ণয়ৰ ফলত আৰোগ্য হোৱাৰ সম্ভাৱনা থাকে।



ডায়েবেটিচৰ আটাইতকৈ কম পৰিচিত, কিন্তু সম্ভৱতঃ আটাইতকৈ ভয়াৱহ, জটিলতাবোৰৰ ভিতৰত এটা হৈছে দৃষ্টিশক্তি হেৰুৱা বা হ্ৰাস হোৱা। ডায়েবেটিচ সম্পৰ্কীয় নেত্ৰৰ জটিলতাবোৰ মুখ্যতঃ ডায়েবেটিক ৰেটিনোপেথী, ডায়েবেটিক মেকুলাৰ এডিমা, ছানি পৰা আৰু গ্লুক’মা, লগতে ডবল ভিজন আৰু দৃষ্টি কেন্দ্ৰীভূত কৰিবলৈ অক্ষম অৱস্থা1। ইয়াৰ ভিতৰত, ডায়েবেটিক ৰেটিনোপেথীক বিধ্বংসী ব্যক্তিগত আৰু আৰ্থসামাজিক পৰিণামৰ সৈতে কৰ্মৰত বয়সৰ জনসংখ্যাৰ মাজত অন্ধত্বৰ এক মুখ্য কাৰণ বুলি স্বীকাৰ কৰা হয়1। লগতে ইয়াক সকলোবোৰৰ ভিতৰতে আটাইতকৈ ৰহস্যজনক বুলিও ক’ব পাৰি, কিয়নো ৰোগটোৰ প্ৰাৰম্ভিক পৰ্যায়ত, ই সম্পূৰ্ণৰূপে লক্ষণহীন হৈ থাকে। ইয়াৰ অৰ্থ হৈছে যে আপুনি লক্ষণবোৰ দেখালৈকে দৃষ্টিশক্তিৰ অপৰিৱৰ্তনীয় ক্ষতি ইতিমধ্যে ঘটে।



কেইটামান লক্ষণৰ বিষয়ে উল্লেখ কৰা হৈছে যিবোৰ আপুনি এগৰাকী যত্ন লওঁতা শুভাকাংক্ষী হিচাপে মন কৰি থকা উচিত।



পঢ়াত অসুবিধা হোৱা 

এইটো এটা জটিল কাৰণ আমি জানো যে বয়সৰ লগে লগে আমাৰ চকুৰ দৃষ্টি দুৰ্বল হৈ পৰে। কিন্তু যেতিয়া আমি পঢ়ো, তেতিয়া আমি মেকুলা নামৰ চকুৰ এটা অংশ ব্যৱহাৰ কৰোঁ যিটো হৈছে- তীক্ষ্ণ দৃষ্টিৰ বাবে সমৰ্পিত এলেকা2। এইটো হৈছে একেটা অংশ যিটো আমি গাড়ী চলাওঁতে আৰু চেহেৰাবোৰত মনোনিৱেশ কৰিবলৈ ব্যৱহাৰ কৰোঁ। ডায়েবেটিচৰ ফলত মেকুলা ফুলি যাব পাৰে- যিটো হৈছে ডায়েবেটিক মেকুলাৰ এডিমা নামৰ এক অৱস্থা, যিটো ডায়েবেটিক ৰেটিনোপেথী ক্লাষ্টাৰৰ অংশ3।



যদি আপুনি লক্ষ্য কৰে যে চশমা সলোৱাৰ পাছতো পঢ়াত অসুবিধা হৈছে, তেন্তে ইয়াক উপেক্ষা নকৰিব। ৰেটিনা চছাইটি অৱ ইণ্ডিয়াৰ যুটীয়া সচিব ড০ মনীষা আগৰৱালাৰ মতে, এইটো হৈছে ডায়েবেটিক ৰেটিনোপেথিৰ প্ৰাৰম্ভিক লক্ষণবোৰৰ ভিতৰত এটা, আৰু দৃষ্টিৰ পৰিসৰত ই ক'লা বা ৰঙা দাগৰ ডাৱৰলৈও বৃদ্ধি পাব পাৰে, বা আনকি চকুত ৰক্তক্ষৰণৰ ফলত হঠাতে ব্লেকআউটো হ'ব পাৰে।



চকুৰ চিকিৎসকৰ ওচৰলৈ যোৱাটোত গুৰুত্ব দিয়ক, আৰু আপুনি চিকিৎসকক লগ নোপোৱালৈকে দৃষ্টিশক্তি সম্পৰ্কীয় আন যিকোনো লক্ষণৰ কথা টুকি ৰাখক। যেতিয়া চকুৰ কথা আহি পৰে, সকলো বিৱৰণেই প্ৰাসংগিক বুলি গণ্য কৰা হয়।



অস্পষ্ট দৃষ্টি 

অস্পষ্ট দৃষ্টি বিভিন্ন ধৰণে ধৰা পৰিব পাৰে- কিছুমান লোকে ৰঙৰ ক্ষেত্ৰত সাধাৰণ নিস্তেজতাৰ অভিযোগ কৰে, তেওঁলোকে ৰঙৰ তাৰতম্যৰ মাজত পাৰ্থক্য কৰিব নোৱাৰা হয় (যেনে বগা বেৰত লগোৱা বগা লেম্প এটা দেখা নাপায়), তেওঁলোকে নিশাৰ সময়ত চাবলৈ সংগ্ৰাম কৰিব লগা হ’ব পাৰে, আৰু আটাইতকৈ স্বাভাৱিক চিহ্ন- অস্পষ্ট, ঢাকনি থকাবা কুঁৱলীয়ে ঢকা যেন দৃষ্টি, যেন পৃথিৱীখন কঁপি থকা দৰে দেখা। দৰাচলতে, ঠিক সেয়াই ঘটিব পাৰে4।



কেটেৰেক্ট বা ছানি পৰাই চকুৰ লেন্সক প্ৰভাৱিত কৰে, লেন্সত কিবাকিবি জমা হোৱাৰ স্তৰ সৃষ্টি কৰে। ডায়েবেটিচ থকা লোকসকলৰ ক্ষেত্ৰত ছানি পৰা নামৰ এই অস্পষ্ট লেন্স বিকশিত হোৱাৰ সম্ভাৱনা অধিক। ডায়েবেটিচ থকা লোকসকলৰ ডায়েবেটিচ নোহোৱা লোকৰ তুলনাত সোনকালে ছানি পৰিব পাৰে। গৱেষকসকলে ভাবে যে উচ্চ গ্লুক’জৰ স্তৰৰ ফলত লেন্সত গেদ জমা হয়5।



চকুত চাপৰ অনুভৱ 

চকু ফুলা অভিযোগৰ প্ৰতি লক্ষ্য ৰাখিব- প্ৰায়ে ৰোগীয়ে ফুলি যোৱাটো দৃশ্যমান হোৱাৰ বহু আগতেই ফুলা যেন অনুভৱ কৰে। যদিও কেইবাটাও চকুৰ ৰোগৰ ফলত ফুলিব পাৰে, ডায়েবেটিচ থকা লোকে সদায়েই গ্লুক’মাৰ কথা ধ্যান দিয়া উচিত6।

ডায়েবেটিচে গ্লুক’মা হোৱাৰ সম্ভাৱনা দুগুণ কৰি তোলে3,6, যাৰ ফলত আগতীয়াকৈ চিকিৎসা নকৰিলে দৃষ্টিশক্তি হ্ৰাস পাব পাৰে আৰু অন্ধত্ব নামি আহিব পাৰে। বয়সৰ সৈতে বিপদাশংকাও বৃদ্ধি হয়6।

চকুত চাপ বাঢ়িলে গ্লুক’মা হয়। এই চাপটোৱে ৰেটিনা আৰু অপ্টিক স্নায়ুলৈ তেজ কঢ়িয়াই অনা ৰক্ত নলীবোৰত খোঁচাবিন্ধা কৰে। ৰেটিনা আৰু স্নায়ু ক্ষতিগ্ৰস্ত হোৱাৰ বাবে দৃষ্টিশক্তি ক্ৰমান্বয়ে হেৰাই যায়6।

ডাঠ ৰঙী ফ্লটাৰ 

আমি সকলোৱে সময়ে সময়ে আমাৰ চকুত ফ্ল’টাৰ বা ওপঙি থকা আকৃতি দেখিবলৈ পাওঁ- সেই আকৰ্ষণীয়, স্বচ্ছ সৰু বৃত্তবোৰ আপুনি কেৱল তেতিয়াহে লক্ষ্য কৰে যেতিয়া আপুনি এটা ডাঠ ৰঙৰ দেৱাল, বা আকাশলৈ চায়। এয়া সম্পূৰ্ণ স্বাভাৱিক। কিন্তু যদি আপুনি ডাঠ ফ্ল’টাৰ, বা ডাঠ ৰঙৰ যেন লগা ফ্ল’টাৰৰ কথা শুনিছে, তেন্তে আপুনি ইয়াক অতি গুৰুত্বসহকাৰে লোৱা উচিত7।



এই লক্ষণটো ইমানেই ক্ষণস্থায়ী যে ফ্ল’টাৰৰ কথা ৰোগীয়ে লক্ষ্য নকৰিবও পাৰে। গতিকে নিজেই সোধক। বিশেষকৈ যদি আপুনি পঢ়াত সমস্যা, বা গাড়ী চলোৱাত বা চেহেৰা দেখাত অসুবিধাৰ বিষয়ে শুনিবলৈ আছে। ডায়েবেটিক ৰেটিনোপেথীৰ পাছৰ পৰ্যায়ত, ৰক্তনলীবোৰ চকুৰ ভাইট্ৰিয়াছ তৰলত লীক হয়, যাৰ ফলত এই ফ্ল’টাৰ আৰু ডাঠ হৈ পৰে8। সমস্যাটো হ'ল যে এইবিলাক নিজেই সমাধান হৈ যায়8, আৰু সমস্যাৰ সৃষ্টি নকৰে। গতিকে সেইবোৰৰ বিষয়ে যত্ন লওঁতা বা আপোনাৰ ওচৰত উল্লেখ কৰাৰ সম্ভাৱনা কম। এইটো সম্পৰ্কে ব্যক্তিজনৰ দৃষ্টি আকৰ্ষণ কৰাই ভাল, যাতে তেওঁলোকে গম পায় যে এইটোৰ বিষয়ে তেওঁলোকে আপোনাৰ ওচৰত অভিযোগ কৰা উচিত!



ডায়েবেটিচ থকা লোকৰ ক্ষেত্ৰত হ’ব পৰা সকলো চকুৰ বিকাৰৰ ভিতৰত, ডায়েবেটিক ৰেটিনোপেথী হৈছে আটাইতকৈ বেছি বিপদাশংকা সৃষ্টি কৰা বিকাৰ1। বেছিভাগ দেশতেই, ডায়েবেটিক ৰেটিনোপেথীক প্ৰতিৰোধযোগ্য আৰু চিকিৎসাযোগ্য হোৱা স্বত্বেও বিধ্বংসী ব্যক্তিগত আৰু আৰ্থসামাজিক পৰিণামৰ সৈতে কৰ্মৰত বয়সৰ জনসংখ্যাৰ মাজত অন্ধত্বৰ এক মুখ্য কাৰণ বুলি স্বীকাৰ কৰা হয়1।



অৱশ্যে, যিটো কথাই ইয়াক আৰু অধিক দুখজনক কৰি তোলে সেয়া হ'ল ডায়েবেটিক ৰেটিনোপেথী প্ৰতিৰোধযোগ্য! যুক্তৰাজ্যৰ (UK) দৰে দেশত, য'ত চকু স্ক্ৰীণিং নীতি প্ৰৱৰ্তন কৰা হৈছিল, ডায়েবেটিক ৰেটিনোপেথী কৰ্মৰত লোকসকলৰ অন্ধত্বৰ মুখ্য কাৰণ হোৱাটো লাহেকৈ বন্ধ হৈছিল। দৰাচলতে, ৱেলছত, তেওঁলোকে যোৱা আঠবছৰত নতুন দৃষ্টিশক্তিৰ দুৰ্বলতা আৰু অন্ধত্বৰ প্ৰমাণপত্ৰৰ ঘটনা প্ৰায় 40-50% হ্ৰাস পোৱা দেখিছিল1।



এইটোৱে কি প্ৰমাণ কৰে? আপোনাৰ চকুৰ চিকিৎসকৰ দ্বাৰা কৰোৱা এক সৰল, নিয়মীয়া আৰু বিষহীন চকু পৰীক্ষাই (চশমাৰ দোকানত নহয়!) ডায়েবেটিক ৰেটিনোপেথীক ৰোধ কৰিব পাৰে! যিহেতু এইটো এনে এবিধ ৰোগ যিটো প্ৰাৰম্ভিক পৰ্যায়ত লক্ষণহীন, সেই পৰ্যায়ত ইয়াক ধৰা পেলোৱাৰ অৰ্থ হৈছে দৃষ্টিশক্তি হেৰুৱা নাই, আৰু ৰোগীসকলে তেওঁলোকৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰণ কৰি ৰোগটো বিকশিত হোৱাৰ পৰা সাৰি থাকিব পাৰে।



এইবাবেই Novartisৰ সহযোগত Network18-এ আৰম্ভ কৰিছে 'Netra Suraksha' - India Against Diabetes initiative, ডায়েবেটিক ৰেটিনোপেথীৰ চিকাৰ হ’ব পৰা লোকক সজাগ কৰিবলৈ। এই পদক্ষেপে ভাৰতৰ বাবে প্ৰযোজ্য বাস্তৱ সমাধানৰ বাবে শ্ৰেষ্ঠ চিন্তাবিদ; ঔষধ আৰু নীতি নিৰ্ধাৰকসকলক একত্ৰিত কৰিছে। এই উদ্যোগৰ উদ্দেশ্য হৈছে ঘূৰণীয়া মেজৰ আলোচনা, ব্যাখ্যাকাৰী ভিডিঅ' আৰু প্ৰবন্ধৰ জৰিয়তে ডায়েবেটিক ৰেটিনোপেথীৰ বিষয়ে সজাগতা বৃদ্ধি কৰা; এইবিলাক আপুনি News18.comৰ Netra Suraksha initiative পৃষ্ঠাত লাভ কৰিব পাৰে।



সম্ভাৱ্য যত্ন লওঁতা হিচাপে, আমি আমাৰ নিজৰ স্বাস্থ্য যত্ন লোৱাটোও গুৰুত্বপূৰ্ণ। আমি পৰামৰ্শ দিওঁ যে সকলোৱে যাতে নিজৰ আৰু লগতে প্ৰিয়জনৰ বিপদাশংকা মূল্যাংকন কৰিবলৈ আমাৰ অনলাইন Diabetic Retinopathy Self Check Up কৰায়। তাৰ পাছত, আমি বাৰ্ষিক চকু পৰীক্ষাবোৰ নিয়মীয়াকৈ কৰোৱাৰ পৰামৰ্শ দিওঁ, এটা অভ্যাস গঢ়ি তুলিব পৰাকৈ। এই পৰীক্ষাটো বাৰ্ষিক তেজ পৰীক্ষা, আৰু অন্যান্য স্বাস্থ্য-সম্পৰ্কীয় কাৰ্যৰ সৈতে মিলাই লওক। আপুনি এনে এটা ৰোগৰ কথা ভাবিব পাৰিবনে যিটো আপুনি সোনকালে গম পোৱাৰ সলনি পলমকৈ গম পাব খুজিছিল?

গতিকে, পলম নকৰিব।



References:

  1. IDF Atlas, International Diabetes Federation, 9th edition, 2019

  2. https://socaleye.com/understanding-the-eye/ 18 Dec, 2021

  3. https://www.niddk.nih.gov/health-information/diabetes/overview/preventing-problems/diabetic-eye-disease 18 Dec, 2021

  4. https://www.mayoclinic.org/diseases-conditions/cataracts/symptoms-causes/syc-20353790 18 Dec 2021

  5. https://www.ncbi.nlm.nih.gov/pmc/articles/PMC3589218/ 18 Dec, 2021

  6. https://my.clevelandclinic.org/health/diseases/4212-glaucoma 19 Dec, 2021

  7. https://www.medicalnewstoday.com/articles/325781#causes 29 Dec, 2021

  8. https://www.mayoclinic.org/diseases-conditions/diabetic-retinopathy/symptoms-causes/syc-20371611 18 Dec, 2021


(This is a partnered article)
First published: