বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে কোৰোনা ভাইৰাছৰ নতুন প্ৰকাৰ ওমিক্ৰনক লৈ উদ্বেগ প্ৰকাশ কৰিছে। বিজ্ঞানীসকলো (Scientists )এই বিষয়ক লৈ চিন্তিত। বিজ্ঞানীসকলৰ মতে কোৰোনা ভাইৰাছে যথেষ্ট পৰিৱৰ্তনৰ পিছত এই নতুন ৰূপটো পাইছে।
বিবিচিৰ প্ৰতিবেদন (BBC report) মতে, এগৰাকী বিজ্ঞানীয়ে কোৰোনাৰ এই নতুন প্ৰকাৰটোক "ভয়ানক" বুলি অভিহিত কৰাৰ লগতে তেওঁলোকে ইমান ভয়ানক প্ৰকাৰ আগেয়ে দেখা নাছিল বুলি উল্লেখ কৰে।
বিজ্ঞান আলোচনী নেচাৰ (Science Magazine NATURE)ৰ মতে, এই প্ৰকাৰটো প্ৰথমে বটচৱানা (Botswana)ত পোৱা গৈছিল। ইয়াৰ পিছত দক্ষিণ আফ্ৰিকাত ইয়াক চিনাক্ত কৰা হয়। ইয়াৰ ঠিক পিছতে হংকঙত চিনাক্ত কৰা হয় ওমিক্ৰন (Omicron)ক। অৱশ্যে, দক্ষিণ আফ্ৰিকা (South Africa)ত প্ৰকাৰটো চিনাক্ত হোৱাৰ পিছতহে দেশখনে এই তথ্য ভাগ-বাটোৱাৰা কৰে।
এই তথ্য পোৱাৰ পিছত ওমিক্ৰন প্ৰকাৰক লৈ ভিন্ন প্ৰশ্ন উত্থাপন হয়। এই প্ৰকাৰটো কিমান দ্ৰুতগতিত বিয়পে? অথবা টিকাকৰণৰ পিছত এই প্ৰকাৰটো প্ৰতিৰোধ কৰিবলৈ সক্ষম নে? আদি ভিন্ন প্ৰশ্ন উত্থাপন হৈছে।
কিন্তু এই প্ৰশ্নবোৰৰ উত্তৰ খুব কমেহে জনা যায়। প্ৰকাৰটোৰ বিষয়ে উল্লেখ কৰি আফ্ৰিকাৰ চেণ্টাৰ ফৰ এপিডেমিক ৰেচপন্স এণ্ড ইনোভেচনৰ সঞ্চালক টুলিঅ' ডি অলিভেৰিয়াই কয় যে ই অস্বাভাৱিকভাৱে ৰূপান্তৰিত হৈছে আৰু আন যিকোনো প্ৰকাৰতকৈ পৃথক। তেওঁ কয়- ''এই ভেৰিয়েন্টটোৱে আমাক হতবাক কৰি দিছে। ই জিনীয় চৰিত্ৰ ৫০বাৰ সলনি কৰাৰ পিছত ওমিক্ৰন প্ৰকাৰলৈ সলনি হৈছে। আৰু ইয়াৰ স্পাইক প্ৰ'টিন ৩০বাৰলৈ সলনি কৰিছে।''
ভাইৰাছবিধ (corona virus)ৰ ওপৰত কৰা সূক্ষ্ম অধ্যয়নে এই কথাও পোহৰলৈ আনিছে যে ইয়াৰ মানৱ শৰীৰৰ সংস্পৰ্শলৈ অহা ৰিচেপ্টৰ বাইণ্ডিং ডমেইনটো ১০বাৰলৈ সলনি হৈছে। এতিয়ালৈকে চিনাক্ত কৰা আটাইতকৈ সংক্ৰামক ডেল্টা প্ৰকাৰৰ কোৰোনা ভাইৰাছৰ ক্ষেত্ৰত এই পৰিৱৰ্তন মাত্ৰ দুবাৰ আছিল।
নিউয়ৰ্ক টাইমছে কয় যে নতুন প্ৰকাৰৰ ভাইৰাছৰ স্পাইক প্ৰ'টিনৰ যি পৰিৱৰ্তন, সেয়া চিন্তাৰ বিষয়। কিয়নো ৰোগ প্ৰতিৰোধ প্ৰণালী বা টিকাকৰণৰ দ্বাৰা সৃষ্টি হোৱা ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে কাম কৰিব নে নকৰে তাক লৈ সন্দেহ আছে। কিন্তু ইটালীৰ শীৰ্ষ ভাইৰোলজিষ্ট ৰবেৰ্টো বুৰিয়নিয়ে কয় যে ৰাইজ চিন্তিত হোৱা উচিত নহয়। এটা টুইটত তেওঁ লিখিছিল যে প্ৰকাৰটোৰ বিষয়ে এতিয়ালৈকে একো বিশেষ জনা হোৱা নাই।
কোৱাজুলু-নাটাল বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰিচাৰ্ড লেচেলছে কয় যে ভাইৰাছটোৰ বিষয়ে চিন্তাৰ কাৰণ হৈছে যে প্ৰকাৰটোৰ সংক্ৰমণ ক্ষমতা তুলনামূলকভাৱে উচ্চ হ'ব পাৰে। ইয়াৰ উপৰি এই প্ৰকাৰটোৱে ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল কৰিব পাৰে। কিন্তু এনে কেইবাটাও উদাহৰণ আছে যে কোৰোনাৰ নতুন প্ৰকাৰক লৈ প্ৰথমাৱাস্থাত যি উদ্বেগ প্ৰকাশ কৰা হয়, সেয়া প্ৰকৃততে নহয়। উদাহৰণ স্বৰূপে, বিটা প্ৰকাৰৰ বিষয়ে উল্লেখ কৰিব পাৰি। এই বছৰৰ আৰম্ভণিতে এই প্ৰকাৰটোক লৈও উদ্বেগ আছিল। কাৰণ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে ইয়াৰ প্ৰতি সঠিক সঁহাৰি দিয়া নাছিল। কিন্তু তাৰ পিছত অতিসংক্ৰামক প্ৰকাৰৰ ডেল্টা আহিছিল আৰু গোটেই পৃথিৱীত বিয়পি পৰিছিল।
ওমিক্ৰন প্ৰকাৰৰ ওপৰত গৱেষণা এতিয়াও চলি আছে। পৰীক্ষাগাৰৰ পৰা ইয়াৰ এটা স্পষ্ট ছবি পোৱা যাব। কিন্তু উদ্ভৱ হোৱা প্ৰশ্নবোৰৰ উত্তৰ প্ৰকৃততে সংক্ৰমিত ৰোগীক নিৰীক্ষণ কৰি পোৱা যায়। তাৰ বাবে কিছু অপেক্ষাৰ প্ৰয়োজন আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|