ভাৰতীয় আইনৰ দ্বাৰা কি গৰ্ভপাত বৈধ বা স্বীকৃত? হয়, দেশৰ আইন চিকিৎসাগত প্ৰয়োজনীয়তাই চিকিৎসকৰ প্ৰেচক্ৰিপশ্যনৰ ভিত্তিত গৰ্ভপাতক স্বীকৃতি দিছে।
কোন সময়ৰ গৰ্ভপাত চিকিৎসকৰ সহায়ৰ ভিত্তিত আইনসন্মত ভাবে কৰিব পৰা যায়?
১. গৰ্ভাৱস্থাৰ ২০ সপ্তাহৰ কম হ'লে চিকিৎসকৰ পৰামৰ্শ আৰু সহায়ত গৰ্ভপাত কৰিব পৰা য়ায়। এইক্ষেত্ৰত এজন চিকিৎসকৰ উপস্থিতিয়েই যথেষ্ট।
২. যদি গৰ্ভাৱস্থাৰ ২০ সপ্তাহ অতিক্ৰম কৰিছে, কিন্তু ২৪ সপ্তাহৰ মাজত আছে, সেইক্ষেত্ৰতো চিকিৎসকৰ পৰামৰ্শ আৰু সহায়ত গৰ্ভপাত কৰিব পৰা যায়। কিন্তু এই ক্ষেত্ৰত দুজন চিকিৎসকৰ উপস্থিতি বাধ্যতামূলক।
১৮ বছৰৰ তলৰ গৰ্ভৱতীয়ে গৰ্ভপাত কৰিব পাৰিবনে? ১৮ বছৰৰ তলৰ গৰ্ভপাতো আইনৰ অনুমোদন অনুসৰি বৈধ। এই ক্ষেত্ৰত প্ৰসূতিৰ অভিভাৱকৰ অনুমতিৰ প্ৰয়োজন।