এক অগতানুগতিক আৰু সৰ্বপ্ৰথম ডিজিটেল প্ৰচেষ্টাত, Federal Bank আৰু Network18-ৰ নেতৃত্বত ভেকচিন সজাগতা অভিযানৰ প্ৰচাৰৰ গীত ‘Sanjeevani: জীৱনৰ এক শ্বট’ অহা ২১ জুন, সোমবাৰৰ পুৱা ১১ বজাত সকলো Network18- চেনেলত মুকলি কৰা হ’ব।
ভাৰ্চুৱেলী অনুষ্ঠিত হ’বলগীয়া শীৰ্ষ গীত মুকলি অনুষ্ঠানটি আনন্দ নৰসিংহনে সঞ্চালন কৰিব। য’ত সুৰকাৰ, গায়ক শংকৰ মহাদেৱন আৰু ব্ৰেণ্ড এম্বেচাদৰ চনু সুদে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনৰ উপস্থিতিত এই সংগীত মুকলি কৰিব।
এই গীত ৰচনাৰ আঁৰৰ দলটোৰ লগতে গীতিকাৰ তানিষ্ক নাবৰ আৰু গায়িকা হৰ্ষদীপ কৌৰ, সিদ্ধাৰ্থ মহাদেৱন আৰু শিৱম মহাদেৱনৰ সৈতে এই অধিৱেশনত অন্য বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।
আন্তৰ্জাতিক যোগ দিৱসৰ দিনা এই সংগীত শুভাৰম্ভ কৰাৰ প্ৰধান মক্ষ্য হৈছে, কোভিড-19ৰ বিৰুদ্ধে যুঁজত সমগ্ৰ দেশৰ লোককে একত্ৰিত কৰা। এই গীতটি হৈছে ভেকছিন সম্পৰ্কীয় দ্বিধা আৰু ভুল ধাৰণা আঁতৰ কৰাৰ এটা প্ৰয়াস। ‘টিকা’ৰ (ভেকচিন) দৰে সকলোৱে বুজিব পৰা শব্দ ব্যৱহাৰ কৰি সৃষ্টি কৰা এই আকৰ্ষণীয় গীতটি হৈছে এক আশাৰ সুৰ, যি মানুহক নিজৰ সময় আহিলে টীকাকৰণ কৰোৱাত উৎসাহিত কৰে।
এই গীতৰ টীজাৰ ইতিমধ্যে মুকলি কৰা হৈছে আৰু ইতিবাচক শক্তিৰে ভৰা এই সুৰত অনেক আশাবাদ অনুভৱ কৰিব পাৰি।
টীজাৰটো চাব পাৰিবঃ https://www.youtube.com/watch?v=_BQCBxiIvTk
সম্পূৰ্ণ গীতটোৰ বাবে শুনিবলৈ Sanjeevani অভিযান অনুসৰণ কৰক, আৰু ২১ জুন, সোমবাৰে পুৱা ১১ বজাত সংগীত মুকলি অনুষ্ঠানটি উপভোগ কৰক: https://www.moneycontrol.com/sanjeevani
- First Published :