মাংকীপক্স (Monkeypox)ৰ আতংক বাঢ়িছে। ইটোৰ পিছত সিটো সংক্ৰমণৰ খবৰ পোৱাৰ পিছতে দেশত প্ৰথমবাৰৰ বাবে মাংকীপক্সত মৃত্যু (First Monkeypox Death)ৰ খবৰে উদ্বেগ বৃদ্ধি কৰিছে। ভাৰতত বোধহয় এয়াই প্ৰথম মাংকীপক্সত মৃত্যুৰ বাতৰি। কেৰালা (Kerala)ত সংঘটিত হৈছে মাংকীপক্সৰ সন্দেহজনক প্ৰথমজন লোকৰ মৃত্যু। শনিবাৰে আলাপ্পুজাৰ আইচিএমআৰ-নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীলৈ পৰীক্ষাৰ বাবে ৰোগীজনৰ স্বাবৰ নমুনা প্ৰেৰণ কৰা হয়। জানিব পৰা মতে বিদেশৰ পৰা উভতি অহা যুৱকজনৰ মৃত্যু হৈছে।
পুনেৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীৰ পৰা মাংকীপক্সত আক্ৰান্ত হৈছে নে নাই সেয়া নিশ্চিত কৰাৰ বাবে চৰকাৰে অপেক্ষা কৰি আছে। কেৰালাৰ স্বাস্থ্যমন্ত্ৰী (Kerala Health Minister)বীনা জৰ্জে কয় যে, ভাৰতলৈ উভতি অহাৰ এদিন পূৰ্বে সংযুক্ত আৰব আমিৰশ্বাহী (UAE)ত ২২ বছৰীয়া যুৱকজনৰ দেহত মাংকীপক্স পজিটিভ পোৱা গৈছিল।
দেশত বোধহয় এয়াই প্ৰথম মাংকীপক্সত মৃত্যু হোৱা লোক। আৰু আফ্ৰিকা (Africa)ৰ বাহিৰত চতুৰ্থ। অসুস্থতাৰ বাবে যুৱকজনক থ্ৰিছুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। শনিবাৰে তাতেই তেওঁৰ মৃত্যু হয়। জানিব পৰা মতে, যুৱকজনে ২১ জুলাইত ভাৰতলৈ আহি পৰিয়ালৰ সৈতে থাকিছিল।
২৭ জুলাইত তেওঁক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বিদেশত তেওঁ মাংকীপক্সত আক্ৰান্ত হোৱাৰ খবৰ পোৱাৰ পাছতো কিয় চিকিৎসা গ্ৰহণ কৰাত পলম হ’ল সেই সন্দৰ্ভত বিশদ তদন্ত কৰা হ’ব বুলি কৈছে কেৰালাৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|