• Home
  • »
  • News
  • »
  • health-well-being
  • »
  • নিৰাপদ বুলি গণ্য কৰা এই ৫ বিধ শাক–পাচলিয়ে বৃদ্ধি কৰিব পাৰে ইউৰিক এচিড, কষ্ট লাঘৱৰ বাবে বৰ্জনৰ পৰামৰ্শ বিশেষজ্ঞৰ

নিৰাপদ বুলি গণ্য কৰা এই ৫ বিধ শাক–পাচলিয়ে বৃদ্ধি কৰিব পাৰে ইউৰিক এচিড, কষ্ট লাঘৱৰ বাবে বৰ্জনৰ পৰামৰ্শ বিশেষজ্ঞৰ

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে ইউৰিক এচিড থাকিলে কিছুমান বিশেষ খাদ্য পৰিহাৰ কৰিব লাগে।

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে ইউৰিক এচিড থাকিলে কিছুমান বিশেষ খাদ্য পৰিহাৰ কৰিব লাগে।

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে ইউৰিক এচিড থাকিলে কিছুমান বিশেষ খাদ্য পৰিহাৰ কৰিব লাগে।

  • Share this:
ইউৰিক এচিডৰ সমস্যাত প্ৰায়ে বহু লোক ভোগে। ই হৈছে এক গুৰুতৰ ৰোগ। এই ৰোগত আক্ৰান্ত হ’লে শৰীৰত জটিল সমস্যাৰ সৃষ্টি হয়। তেনে এটা সমস্যা হ’ল গাউট। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে ইউৰিক এচিড থাকিলে কিছুমান বিশেষ খাদ্য পৰিহাৰ কৰিব লাগে।

কচু পৰিহাৰ কৰক

কচুত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু মিনাৰেল থাকে। এই খাদ্য এন্টিঅক্সিডেন্টেৰে ভৰপূৰ। এতিয়া দেখা গৈছে যে এই খাদ্য অত্যধিক খালে বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ভিতৰত অক্সালেট আদিও আছে। আৰু সেইটো ইউৰিক এচিডৰ বাবে বেয়া। গতিকে এই খাদ্যৰ পৰা যিমান পাৰি আঁতৰত থাকক।

বিলাহী খালে ইউৰিক এচিড বৃদ্ধি পায়

বিলাহী নাথাকিলে আজিকালি পাকঘৰ নচলাৰ দৰে। কিন্তু বিলাহীও এই অসুখৰ বাবে ভাল নহয়। বিলাহীত বেছি পৰিমাণে ডায়েটেৰী ফাইবাৰ থাকে। ডায়েটেৰী ফাইবাৰৰ শৰীৰৰ বাবে উপকাৰী, বিলাহীত থকা ভিটামিন আৰু খনিজ পদাৰ্থও শৰীৰৰ বাবে প্ৰয়োজনীয়। কিন্তু ইয়াত অক্সালেটৰ উপস্থিতিৰ বাবে এই খাদ্য খালেও ইউৰিক এচিড বৃদ্ধি পাব পাৰে।

ভেণ্ডি
ভেণ্ডিত বহু বেছি পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে। সেয়ে ই অউৰিক এছিড বহুখিনি বৃদ্ধি কৰিব পাৰে। গতিকে ইউৰিক এছিডৰ পৰা ৰক্ষা পাবলৈ ভেণ্ডি খাদ্যতালিকাত নৰখাই ভাল।

শতমূলৰ ফলত গাউট হয়
এই খাদ্য ঠাইভেদে খোৱা নহয় বা কমকৈ খোৱা হয়। কিন্তু কিছু অঞ্চলত ই অতি জনপ্ৰিয়। শতমূলত অক্সালেট প্ৰচুৰ পৰিমাণে থাকে। সেয়ে অক্সালেটে গাউটৰ সমস্যা বৃদ্ধি কৰিব পাৰে। গতিকে আপুনি গাউটৰ পৰা আঁতৰত থাকিব বিচাৰিলে এই খাদ্য্যও বাদ দিব লাগিব।

বিট (Beetroot)
স্বাস্থ্যৰ বাবে বিট প্ৰয়োজনীয়। এই খাদ্যত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু মিনাৰেল থাকে। দেখা গৈছে যে নিয়মিতভাৱে এই খাদ্য খালে বহু সমস্যাৰ সমাধান হ’ব পাৰে। কিন্তু বহুক্ষেত্ৰত এই খাদ্যই গাউট ৰোগীৰ সমস্যা বৃদ্ধি কৰে।

বিঃদ্ৰঃ এই তথ্য সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। নিউজ১৮ অসমে ইয়াক নিশ্চিত নকৰে। ইউৰিক এছিডৰ গুৰুতৰ সমস্যাত ভোগা ৰোগীয়ে চিকিত্‍সকৰ পৰামৰ্শ লোৱা উচিত।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি