ভিছেৰাল ফেট (Visceral Fat)। এয়াই আমাৰ অতি পৰিচিত পেটৰ চৰ্বিৰ (Belly Fat) আচল নাম। ইয়াৰ বাবেই আমাৰ তলপেটত চৰ্বি জমা হয়। শৰীৰৰ আন অংশৰ তুলনাত পেটৰ চৰ্বি কমোৱা বহুগুণে কঠিন কাম। কাৰণ এই চৰ্বি কমাবলৈ হ’লে বহু ধৰণৰ ত্যাগৰ লগতে শাৰীৰিকভাৱে অধিক পৰিশ্ৰমৰ প্ৰয়োজন হয়।
ভিছেৰাল ফেট শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক। পেটৰ চৰ্বি থাকিলে হৃদৰোগ, ষ্ট্ৰোক, ডায়েবেটিছ আৰু ইনছুলিন ৰেজিষ্টেঞ্চৰ দৰে সমস্যাই দেখা দিব পাৰে। কিন্তু সেয়া যিয়েই নহওক, পেটৰ চৰ্বি কমোৱা কঠিন হ’লেও অসম্ভৱ নহয়।
প্ৰটিন, কেলচিয়াম, ভিটামিন ডি সমৃদ্ধ খাদ্যাভাসে পেটৰ চৰ্বি কমোৱাত সহায় কৰে। এক কথাত চৰ্বিমুক্ত খাদ্যাভাসে পেটৰ চৰ্বি কমোৱাৰ ক্ষেত্ৰত সহায় কৰে। মূলত টেঙা দৈ পেটৰ চৰ্বি কমোৱাৰ ক্ষেত্ৰত অতি উপকাৰী। কাৰণ টেঙা দৈ পেট পুৰাই খাব পাৰিলে আন বস্তু খাবলৈ মন নোযোৱাৰ লগতে ই শৰীৰৰ প্ৰয়োজনীয় প্ৰটিন, ভিটামিন, কেলচিয়াম আদি যোগন ধৰে। টেঙা দৈয়ে প্ৰটিন মেটাবলিজিম বৃদ্ধি কৰাত সহায় কৰে। টেঙা দৈত থকা ওমেগা থ্ৰি ফেটি এচিডে পেটৰ চৰ্বি কমোৱাৰ লগতে শৰীৰৰ ওজন কমোৱাত সহায় কৰে।
ইয়াৰ উপৰিও টেঙা দৈৰ কেলচিয়াম আৰু ভিটামিন ডিয়ে শৰীৰৰ হাড় মজবুত কৰাত সহায় কৰে। ইয়াৰ উপৰি ওটছ আৰু ওটছমিল চৰ্বি কমোৱাৰ ক্ষেত্ৰত শৰীৰৰ বাবে উপকাৰী। কাৰণ ওটছত প্ৰটিন, ফাইভাৰ প্ৰচূৰ পৰিমাণে থাকে আৰু ইয়াৰ মাজত কোনো শৰ্কৰাজাতীয় দ্ৰব্য নাথাকে। ফলস্বৰূপে পেটৰ চৰ্বি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ওটছৰ লগতে টেঙা দৈ, ফল–মূল, ডালি আৰু প্ৰচূৰ পৰিমাণে শাক পাচলি খাদ্য তালিকাত সন্নিৱিষ্ট কৰিব পাৰিলে ভাল ফল পোৱাৰ সম্ভৱনা থাকে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|