বাৰিষাৰ বতৰত (Rainy season) ডেংগু, মেলেৰিয়া, চিকনগুনিয়া, জ্বৰ, পানীলগা আৰু কাহৰ দৰে বেমাৰবোৰ বেছি সক্ৰিয় হৈ উঠে। এই ৰোগ বিলাকে খুব সহজতে সৰু ল'ৰা-ছোৱালীক আক্ৰমণ কৰিব পাৰে। সেইবাবে এই সময়ছোৱাত সৰু ল'ৰা-ছোৱালীৰ স্বাস্থ্যৰ সঠিক যত্ন লোৱা দৰকাৰ, যাতে সিহঁতৰ স্বাস্থ্য অটুট থাকে। শিশু সকলক স্বাস্থ্যৱান কৰি ৰাখিবলৈ তৈলযুক্ত আৰু জাংক ফুডৰ পৰা আতৰাই ৰাখক আৰু স্বাস্থ্য সন্মত আহাৰহে খুৱাব। সুস্বাস্থ্য অটুট ৰাখিবলৈ এই সময়ত কেনেকুৱা উপায় অৱলম্বন কৰিব পাৰে, জানোঁ আহক সবিশেষ।
বাৰিষাৰ বতৰত গৰমৰ মাত্ৰা কম-বেছি হৈ থাকে তাৰোপৰি মহ-মাখিৰ আতংকও বাঢ়ি যায়।সেইবাবে শিশুক এনেকুৱা ধৰণৰ কাপোৰ পিন্ধাওক যাতে হাত-ভৰি ঢাক খাই থাকে। লগতে শিশুক পাতল কপাহী কাপোৰহে পিন্ধাওক আৰু গৰমৰ মাত্ৰা অনুসৰি কাপোৰ সলনি কৰি থাকিব।।
শিশুক মহৰ পৰা বচাই ৰাখক:বাৰিষাৰ বতৰত শিশুক মহৰ প্ৰকোপৰ পৰা বচাবলৈ তেওঁসোকক দীঘল কাপোৰ পৰিধান কৰাওক। ৰূমৰ ভিতৰত মছকুইট' লিকুইড ব্যৱহাৰ কৰক। মহ আতৰাবলৈ ঘৰত মহ খোদোৱা গছো ৰুই ল'ব পাৰে।
শিশুক সদায় গা ধুৱাওক:কিছুমান লোকে ভাবে, শিশুক বাৰিষাৰ বতৰত সদায় গা ধুওৱা অনুচিত। শিশুক সংক্ৰমণৰ পৰা বচাই ৰাখিবলৈ প্ৰতি দিনে গা ধুওৱাটো খুবেই জৰুৰী। ইয়াৰ উপৰিও গা ধুওৱাৰ আগতে শিশুক মালিচ কৰিব লাগে। কিন্তু শিশুক গা ধুবলৈ দিওতে গৰমৰ মাত্ৰা অনুসৰিহে পানী গৰম বা ঠাণ্ডা হোৱা উচিত।
সুষম আহাৰ খুৱাওক:শিশুক ৰোগৰ পৰা বচাই ৰাখিবলৈ সিহঁতৰ ইমিউনিটি ষ্ট্ৰং হোৱাটো জৰুৰী। ইয়াৰ বাবে আপুনি শিশুক জাংক ফুড (junk food)খোৱাৰ পৰা আতৰাই ৰাখিব লাগিব আৰু হেল্ডী খাদ্যহে খুৱাব লাগিব। তেওঁলোকৰ খাদ্যত ফল-মূল, দাইল আৰু সেউজীয়া শাক-পাচলি দিয়াৰ অভ্যাস কৰক।
(Disclaimer: এই কথাখিনি সচৰাচৰ দেখা-শুনা অভিজ্ঞতাৰ ভিত্তিত আধাৰিত। নিউজ১৮ ইয়াৰ সৈতে জড়িত নহয়, উপৰোক্ত কথাখিনি ব্য়বহাৰ কৰাৰ আগতে বিশেষজ্ঞৰ লগত পৰামৰ্শ কৰি ল'ব)।'অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|