মুখ্যপৃষ্ঠা »খবৰ »স্বাস্থ্য »Romantic relationships : আপুনিও আছেনে ৰোমাণ্টিক ৰিলেচনশ্বীপত, শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে অতি জৰুৰী, বিশেষজ্ঞই কয়

Romantic relationships : আপুনিও আছেনে ৰোমাণ্টিক ৰিলেচনশ্বীপত, শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে অতি জৰুৰী, বিশেষজ্ঞই কয়

representative image

representative image

যেতিয়া আপুনি কাৰোবাৰ সৈতে হেল্ডী ৰিলেছনছিপত থাকে, এই সময়ছোৱাত আপুনি শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ দিশতো যথেষ্ট সুস্থ অনুভৱ কৰে। 

  • Share this:
যেতিয়া কোনোবা প্ৰেমত পৰে,  তেতিয়া তেওঁৰ বাবে পৃথিৱীখন সুন্দৰ ৰঙীন হ'বলৈ আৰম্ভ কৰে।  সকলো সময়তে এক উত্তেজনা থাকে, মনটো অস্থিৰ হ'বলৈ ধৰে।  বিশ্বাস কৰা হয় যে প্ৰেমে জীৱনৰ বাবে সুখ কঢ়িয়াই আনে, এতিয়া সেই কথাকে বিজ্ঞানেও প্ৰমাণ কৰি দেখুৱাইছে যে প্ৰেমত পৰিলে কেৱল আপোনাৰ শৰীৰৰ বাবেই নহয় হৃদয়ৰ বাবেও লাভজনক। এই ধাৰণাটো ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ আহক।

ইণ্ডিয়ান এক্সপ্ৰেছ ডটকমৰ প্ৰতিবেদন অনুসৰি, ফৰ্টিছ হস্পিটেল ৱেলফেয়াৰৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ বিবেক মহাজন (Dr Vivek Mahajan) আৰু ফৰ্টিছ হস্পিটেল মুলুণ্ডৰ মনোৰোগ বিশেষজ্ঞ (Psychiatrist) ডাঃ কেদাৰ তিলৱে (Dr Kedar Tilwe)ৰ মতে, যেতিয়া আপুনি কাৰোবাৰ সৈতে হেল্ডী ৰিলেছনছিপত থাকে, এই সময়ছোৱাত আপুনি শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ দিশতো যথেষ্ট সুস্থ অনুভৱ কৰে।

প্ৰেম আৰু আকৰ্ষণক  দুটা পৰ্যায়ত বিভক্ত কৰা হৈছে-

প্ৰাৰম্ভিক আকৰ্ষণ

আমাৰ শৰীৰে তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে নৰপেনেফ্ৰাইন (norepinephrine)আৰু এড্ৰেনালিন (adrenaline)ৰ নাামৰ দুবিধ হৰ্মন নিঃসৰণ কৰে যি আমাক কোনো কথাত শিহৰিত কৰে। যেতিয়া আপুনি ৰোমাণ্টিকভাৱে আকৰ্ষিত হোৱা ব্যক্তিজনক দেখে,  আপোনাৰ হৃদস্পন্দন আপোনা-আপুনি বৃদ্ধি হয়, বুকুত ধপধপনি হ'বলৈ ধৰে।

পুৰণি আৰু দীৰ্ঘম্যাদী সম্পৰ্ক

যেতিয়া আপুনি এজন ব্যক্তিক ভালদৰে জানে আৰু যদি তেওঁৰ সৈতে আৱেগিকভাৱে সংযুক্ত হৈ পৰিছে সেই সময়ত আমাৰ মগজুৱে এণ্ডোৰ্ফিনছ (endorphins), ভেচোপ্ৰেচিন (vasopressin) আৰু অক্সিটচিন (oxytocin) নামৰ মুকলি কৰে। এইবোৰ হৈছে দেহৰ বাবে সামগ্ৰিক লাভদায়ক হৰ্মন।

বন্ধনৰ বাবে দায়বদ্ধ হৰ্মন
চিকিৎসকসকলে কয় যে এণ্ডোৰ্ফিনে আমাক সুখী আৰু সন্তুষ্ট অনুভৱ কৰায়। যেতিয়া আপুনি বিশেষ কাৰোবাৰ সৈতে সুৰক্ষিত অনুভৱ কৰে তেতিয়া এনে হয়। প্ৰকৃততে, অক্সিটচিন আৰু ভেচোপ্ৰেচিনে দুজন ব্যক্তিৰ মাজত সম্পৰ্ক গঢ়ি তোলাত সহায় কৰে। এই ৰাসায়নিক পদাৰ্থবোৰ পিতৃ-মাতৃ আৰু শিশুৰ মাজত বন্ধনৰ বাবে দায়বদ্ধ।

প্ৰেমে উচ্চ ৰক্তচাপ আৰু হৃদস্পন্দনৰ হাৰ কম কৰে
এই হৰমনবোৰ এজনৰ হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাৰ বাবেও জৰুৰী। বিজ্ঞানে এইটোও নিশ্চিত কৰে যে যেতিয়া মানুহে তেওঁলোকৰ সঙ্গীৰ সৈতে সময় অতিবাহিত কৰে, তেওঁলোকৰ ৰক্তচাপ আৰু হৃদস্পন্দনৰ হাৰ সুৰক্ষা আৰু আৰামৰ অনুভূতিৰ দ্বাৰা হ্ৰাস হয়।

স্পৰ্শই ৰক্ত চাপ হ্ৰাস কৰে
"শাৰীৰিক স্পৰ্শৰ বহুতো লাভালাভ আছে," চিকিৎসকসকলে কয়। যেতিয়া মানুহে ইজনে সিজনক আলিংগন কৰে তেতিয়া অক্সিটচিন আৰু বন্ধন হৰমন মুকলি হয়, যি ৰক্তচাপ হ্ৰাস কৰে। এক স্থিৰ দীৰ্ঘম্যাদী সম্পৰ্কই এজন ব্যক্তিৰ বাবে এক সুৰক্ষিত আধাৰ সৃষ্টি কৰে, যি তেওঁলোকক বিশ্বাস আৰু সহানুভূতি প্ৰতিপালন কৰাত সহায় কৰে,"

কিন্তু সম্পৰ্কৰ আন এটা দিশো আছে যাক ব্ৰোকেন হাৰ্ট ছিণ্ড্ৰোম বুলি কোৱা হয়। বিশেষজ্ঞসকলৰ মতে, যেতিয়া কাৰোবাক প্ৰতাৰণা কৰা হয়, কোনোবাই নিজকে হেৰুৱায়, তেওঁৰ প্ৰেমৰ পৰা পৃথক হয়, এইটো তেওঁৰ বাবে অতি চাপ সৃষ্টিকাৰী হয়। সেই সময়ত, ব্যক্তিজনৰ ওপৰত চাপ ইমান বেছি হয় যে আৰোগ্য হ'বলৈ কেতিয়াবা মাহ বা বছৰ লাগে।

শেহতীয়া বাতৰি