এলোভেৰা বা ছালকুঁৱৰী সকলোৰে পৰিচিত। স্থানভেদে ছালকুঁৱৰীক জনা যায় ভিন্ন নামেৰে। ইংৰাজীত এলোভেৰা, সংস্কৃতত ঘৃত কুমাৰী বুলি কোৱা হয়। আনহাতে ছালকুঁৱৰীৰ আছে কেইবাটাও প্ৰজাতি। বিভিন্ন ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয় ছালকুঁৱৰীৰ এই প্ৰজাতিসমূহ।
আপুনি জানেনে ছালকুঁৱৰী আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী (Benefits of Aloe Vera)। ছালকুঁৱৰীৰ পৰা আপুনি ল’ব পাৰে ছাল আৰু চুলিৰ যত্ন। ছালকুঁৱৰীত ভিটামিন A, ভিটামিন C আৰু ভিটামিন E যথেষ্ট পৰিমাণে পোৱা যায়। যিয়ে কোষ গঠন কৰাত সহায় কৰে। ছালকুঁৱৰীত মজুত হৈ থকা ভিটামিন B-12 আৰু ফলিক এচিডে চুলি সৰা বন্ধ কৰাত সহায় কৰে।
সৌন্দৰ্যজগতখনটো ছালকুঁৱৰী বিভিন্ন সামগ্ৰীত ব্যৱহৃত হৈ আহিছে। আৰু পূৰ্বেও স্বাস্থ্য ক্ষেত্ৰত ই প্ৰতিষেধক হিচাপে কাম কৰি আহিছে।
ছালকুঁৱৰীৰ বহুতো উপকাৰিতা আছে। (১) ছালকুঁৱৰী আৰু মৌ ছালত লগালে ছালখন উজ্জ্বল, মিহি আৰু স্বাভাৱিক অৱস্থালৈ আহে। (২) ছালকুঁৱৰী খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। National Cancer Instituteৰ অনুসৰি ছালকুৱৰীয়ে ইমিউন বুষ্টাৰৰ কাম কৰে।যিয়ে ব্যক্তিক সু-স্বাস্থ্যৱান হৈ থকাত সহায় কৰে। (৩) জাং-ফুড বা সঠিক শাৰীৰিক ক্ৰিয়া অনিহনে শৰীৰৰ ওজন বৃদ্ধি হয় । তেনে সময়ত ছালকুঁৱৰীৰ ৰস খালে এই সমস্যা দূৰ হয়। (৪)পেট চাফা কৰাতো ছালকুঁৱৰীয়ে সহায় কৰে। (৫) ছালকুঁৱৰীৰ ৰস খালে মুখৰ ভিতৰৰ বেমাৰ নোহোৱা হয়। ছালকুঁৱৰীয়ে মুখৰ বেমাৰ সৃষ্টি কৰা সকলো বেক্টেৰিয়া ধ্বংস কৰে।
ওজন হ্ৰাসৰ বাবে এলোভেৰা ৰস কিদৰে ব্যৱহাৰ কৰিব?
আপুনি ওজন হ্ৰাসৰ বাবে আপোনাৰ দৈনিক আহাৰত এলোভেৰা গ্ৰহণ কৰিব পাৰে। আপুনি দিনৰ প্ৰতিটো আহাৰৰ প্ৰায় ১৫ মিনিট আগতে একেৰাহে দুসপ্তাহলৈকে প্ৰতিদিনে এচামুচ এলোভেৰা ৰস খাব পাৰে। মনত ৰাখিব, এলোভেৰাৰ ৰস খোৱাটো হিচাপতকৈ অধিক হ'ব নালাগে।
* দুই চাহ চামুচ এলোভেৰা ৰস,এগিলাচ পানীত মিহলি কৰি লৈ তাত নেমু এচকল চেপি দিয়ক। তাৰ পিছত আপুনি সেৱন কৰক। এনেদৰে প্ৰতিদিনে সেৱন কৰিলে আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰিব পাৰিব।
ছালকুঁৱৰীত বহুতো ঔষধি গুণ থাকে। ছালকুঁৱৰীত এণ্টিচেপ্টিক, এণ্টি বেক্টেৰিয়েল আদিৰ দৰে বিভিন্ন গুণ থাকে। ইয়াৰোপৰি ছালকুঁৱৰীত ভিটামিন A আৰু ফলিক এচিডৰ দৰে পোষক তত্বসমূহ থাকে, যাৰ বাবে ই মানুহৰ শৰীৰত health টনিকৰ কাম কৰে।
উল্লেখ্য যে পূৰ্বৰে পৰা এলোভেৰা যকৃত ৰোগ , স্ত্ৰীৰোগ , প্লীহাৰোগ , ৰক্তহীনতা, ঘাঁ (Ulcer) ইত্যাদি নানা প্ৰকাৰৰ ৰোগত আয়ুৰ্বেদিক ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|