• Home
  • »
  • News
  • »
  • health-well-being
  • »
  • Health Tips: ফলমূলত দিয়া হয় ক্ষতিকৰ ৰাসায়নিক মিশ্ৰণ, খোৱাৰ আগেয়ে আঁতৰ কৰক ঘৰুৱা উপায়েৰে

Health Tips: ফলমূলত দিয়া হয় ক্ষতিকৰ ৰাসায়নিক মিশ্ৰণ, খোৱাৰ আগেয়ে আঁতৰ কৰক ঘৰুৱা উপায়েৰে

বহু লোকে ফলবোৰ ঠাণ্ডা পানীত তিয়াই ৰাখে আৰু ধৰি লয় যে ফলৰ পৰা এনেদৰে ৰাসায়নিক পদাৰ্থ আঁতৰ হ'ব।

বহু লোকে ফলবোৰ ঠাণ্ডা পানীত তিয়াই ৰাখে আৰু ধৰি লয় যে ফলৰ পৰা এনেদৰে ৰাসায়নিক পদাৰ্থ আঁতৰ হ'ব।

বহু লোকে ফলবোৰ ঠাণ্ডা পানীত তিয়াই ৰাখে আৰু ধৰি লয় যে ফলৰ পৰা এনেদৰে ৰাসায়নিক পদাৰ্থ আঁতৰ হ'ব।

  • Share this:
চিকিৎসকসকলে (Doctors) সদায়ে আমাক সুস্বাস্থ্যৰ বাবে ফল খাবলৈ পৰামৰ্শ দিয়ে। কিন্তু সময় এতিয়া এনে যে এই ফলতেই থাকে আমাক অসুস্থতা প্ৰদান কৰাৰ মিশ্ৰণ, ই অতি দুখজনক। আজিকালি বজাৰত সতেজ ফল পোৱাটো বহুত কঠিন। কিছুমান অসাধু ব্যৱসায়ীয়ে ফলত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ (harmful chemicals) মিহলি কৰে, যাতে ফলবোৰ (fruits) দীঘলীয়া সময়ৰ বাবে ভাল হৈ থাকে বা দেখাত উজ্জ্বল হয়।

এই ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ আমাৰ ৰোগৰ মুখ্য কাৰণ। সেয়েহে, ফল খোৱাৰ আগতে নিশ্চিত কৰিব যাতে কোনো ক্ষতিকাৰক উপাদান ইয়াত নাথাকে। ইয়াৰ বাবে বহু লোকে ফলবোৰ দীঘলীয়া সময়ৰ বাবে ঠাণ্ডা পানীত তিয়াই ৰাখে আৰু ধৰি লয় যে ফলৰ পৰা এনেদৰে ৰাসায়নিক পদাৰ্থ আঁতৰ কৰা হ'ব। কিন্তু ই কেৱল ফলৰ সৈতে থকা ৰাসায়নিক পদাৰ্থৰ এটা সৰু অংশহে আঁতৰ কৰে। যদি আপুনি সঠিক ধৰণে ফলৰ পৰা ক্ষতিকাৰক উপাদানবোৰ আঁতৰাব বিচাৰে, আপুনি এটা সহজ নিয়ম অনুসৰণ কৰিব লাগিব।

ফলৰ পৰা ৰাসায়নিক উপাদান আঁতৰ কৰাৰ উপায়

ইয়াৰ বাবে পানী আৰু বগা ভিনেগাৰ (white vinegar)ৰ প্ৰয়োজন হ'ব। পানীৰ চাৰিটা অংশৰ সৈতে বগা ভিনেগাৰৰ এটা অংশ মিলাব লাগে। তাৰ পিছত ফলবোৰ এই মিশ্ৰণটোত আধা ঘণ্টাৰ বাবে তিয়াই ৰাখক। আধা ঘণ্টাৰ পিছত মিশ্ৰণটোৰ পৰা ফলবোৰ তুলি লওক আৰু সেইবোৰ পুনৰ পানীৰে ধুই দিয়ক। যদি ফলটো আপেল (apple), , mango, , কমলা (orange), আম (mango)ৰ দৰে ডাঠ হয়, তেন্তে ব্ৰাছৰ সহায়ত ফলৰ ওপৰ ভাগ লাহেকৈ ঘঁহি দিয়ক। পাতল বাকলি ৰখা ফল যেনে আঙুৰ বা ষ্ট্ৰবেৰীৰ ক্ষেত্ৰত, আঙুলিৰ সহায়ত ইয়াক পৰিষ্কাৰ কৰক।

বগা ভিনেগাৰে ফলত মিশ্ৰণ কৰা ৰাসায়নিক উপাদান, কীটনাশক আঁতৰাবলৈ অতি সহজে কাম কৰে। ফলৰ বাকলিত থকা ক্ষতিকাৰক বেক্টেৰিয়াবোৰ (Harmful bacteria) মাৰিবলৈও বগা ভিনেগাৰ কাৰ্যকৰী। বহু লোকে বগা ভিনেগাৰৰ গোন্ধ ভাল নাপায়। তেনে ক্ষেত্ৰত বগা ভিনেগাৰৰ সলনি নেমুৰ ৰস ব্যৱহাৰ কৰিব লাগে আৰু ফলবোৰ আধা ঘণ্টাৰ পৰিৱৰ্তে এঘণ্টাৰ বাবে পানী আৰু নেমুৰ ৰসৰ মিশ্ৰণত থব লাগে। ইয়াৰ উপৰি একেটা নিয়মেৰে পাচলিৰ পৰা ৰাসায়নিক উপাদানবোৰ আঁতৰ কৰিব পাৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি