উচ্চ কলেষ্টেৰল কি?
অধিক চৰ্বিযুক্ত খাদ্য খোৱাৰ ফলত আপোনাৰ তেজত LDL বৃদ্ধি হয়, এই অৱস্থাটোক উচ্চ কলেষ্টেৰল (HIGH CHOLESTEROL) বুলি কোৱা হয়। ইয়াক হাইপাৰকলেষ্টেৰলেমিয়া (hypercholesterolemia) বা হাইপাৰলিপিডেমিয়া (hyperlipidemia) বুলিও কোৱা হয়। উচ্চ কলেষ্টেৰলক LDLৰ অস্বাভাৱিক উচ্চ স্তৰ বা HDLৰ অস্বাভাৱিকভাৱে নিম্ন স্তৰৰ দ্বাৰা শ্ৰেণীবদ্ধ কৰা হয় যাৰ ফলত আপোনাৰ ধমনীত চৰ্বি জমা হয়। ইয়াৰ ফলত ধমনীবোৰ অৱৰুদ্ধ হয় আৰু তেজৰ প্ৰবাহ হঠাতে হ্ৰাস হয় যাৰ ফলত আপোনাৰ হৃদযন্ত্ৰ আৰু মগজুত মাৰাত্মক সমস্যা হয়।
Healthlineৰ মতে, আপুনি উচ্চ কলেষ্টেৰলত ভুগিছে নে নাই জানিবলৈ তেজ পৰীক্ষা হৈছে একমাত্ৰ উপায়। ইয়াৰ লক্ষণবোৰ আৰম্ভণিতে দেখা নাযায় যদিও আপুনি কিছুমান লক্ষণৰ পৰা ইয়াক চিনিব পাৰে:
উচ্চ ৰক্তচাপ
যেতিয়া ধমনীবোৰ উচ্চ LDLৰ বাবে অৱৰুদ্ধ হয় তেজৰ চলাচল কঠিন হয় আৰু ই আপোনাৰ ৰক্তচাপ ( blood pressure) বৃদ্ধি কৰিব পাৰে।
অত্যধিক ওজন
চৰ্বিযুক্ত খাদ্য খোৱাৰ ফলত ওজন বৃদ্ধি (Overweight) হ'ব পাৰে আৰু যেতিয়া LDLৰ স্তৰ অতি বেছি হয় তেতিয়া ব্যক্তিৰ ক্ষেত্ৰত অস্বাভাৱিক ওজন বৃদ্ধি দেখা দিয়ে।