உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • health-well-being
    • »
    • যুৱ প্ৰাপ্তবয়স্কসকলৰ মাজত ব্যাপকভাৱে বৃদ্ধি পাবলৈ ধৰিছে হৃদৰোগৰ ঘটনা ! কেনেদৰে নিজকে বচাই ৰাখিব এই নীৰৱ ঘাটকৰ পৰা ?

    যুৱ প্ৰাপ্তবয়স্কসকলৰ মাজত ব্যাপকভাৱে বৃদ্ধি পাবলৈ ধৰিছে হৃদৰোগৰ ঘটনা ! কেনেদৰে নিজকে বচাই ৰাখিব এই নীৰৱ ঘাটকৰ পৰা ?

    " উচ্চ ৰক্তচাপে ভাৰতত হোৱা সকলো মৃত্যুৰ ১০.৮ শতাংশত অৰিহণা যোগায় আৰু নগৰ আৰু গ্ৰাম্য অঞ্চল দুয়োটাতে যোৱা তিনি দশকত ই যথেষ্ট বৃদ্ধি পাইছে । "

    " উচ্চ ৰক্তচাপে ভাৰতত হোৱা সকলো মৃত্যুৰ ১০.৮ শতাংশত অৰিহণা যোগায় আৰু নগৰ আৰু গ্ৰাম্য অঞ্চল দুয়োটাতে যোৱা তিনি দশকত ই যথেষ্ট বৃদ্ধি পাইছে । "

    " উচ্চ ৰক্তচাপে ভাৰতত হোৱা সকলো মৃত্যুৰ ১০.৮ শতাংশত অৰিহণা যোগায় আৰু নগৰ আৰু গ্ৰাম্য অঞ্চল দুয়োটাতে যোৱা তিনি দশকত ই যথেষ্ট বৃদ্ধি পাইছে । "

    • Share this:
    ভাৰতত প্ৰাপ্তবয়স্ক-যুৱসমাজৰ মাজত হৃদৰোগত আক্ৰান্ত হোৱাৰ হাৰ বৃদ্ধি পোৱা ঘটনাই অশনি সংকেট কঢ়িয়াইছে । ভাৰতত হৃদৰোগত হোৱা মৃত্যুৰ ঘটনা বৃদ্ধি পাবলৈ ধৰাত এই বিষয়টোত অধিক গুৰুত্ব প্ৰদান কৰাটো জৰুৰী হৈ পৰাৰ লগতে জনসাধাৰণক ইয়াৰ বিষয়ে অৱগত কৰা তথা কাৰ্ডিওভাস্কুলাৰ ৰোগৰ বোজা হ্ৰাস কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে ।

    ষ্ট্ৰোক আৰু হৃদৰোগৰ ফলত হোৱা মুঠ মৃত্যুৰ এক-পঞ্চমাংশ ঘটনা ভাৰতত হয় আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ইয়াৰে বহু লোক হৈছে কম বয়সীয়া প্ৰাপ্তবয়স্ক লোকসকল ।

    " কাৰ্ডিওভাস্কুলাৰ ৰোগে ভাৰতীয়সকলক বিশেষভাবে প্ৰভাৱিত কৰি আহিছে । ভাৰতত প্ৰতি বছৰে প্ৰায় ৩০ লাখ লোক ষ্ট্ৰোক আৰু হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে । আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল যে হৃদৰোগত আক্ৰান্ত হোৱা লোকসকলৰ ৪০ শতাংশৰ বয়স ৫৫ বছৰৰ তলৰ । ", পঞ্চকুলাৰ পৰাস চিকিৎসালয়ৰ কাৰ্ডিয়াক চায়েন্সৰ অধ্যক্ষ ডাঃ হৰিন্দৰ কে বালিয়ে এনেদৰ কয়।

    যোৱা ২৬ বছৰত ভাৰতত হৃদৰোগত হোৱা মৃত্যুৰ ঘটনা ৩৪ শতাংশ বৃদ্ধি পাইছে । এই গুৰুতৰ বিষয়টোৰ বিষয়ে জনসাধাৰণৰ মাজত সচেতনতাৰ সৃষ্টি কৰা তথা দেশত কাৰ্ডিওভাস্কুলাৰ ৰোগৰ বোজা হ্ৰাস কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ  সময় আহি পৰিছে বুলি চিকিৎসকগৰাকীয়ে কয় ।

    হৃদৰোগৰ মূল কাৰকবোৰ কি ?
    হৃদৰোগৰ আশঙ্কা বৃদ্ধি কৰা কাৰকবোৰৰ বিষয়ে অৱগত হ'লে মানুহে এই সন্দৰ্ভত সজাগ হব পাৰে আৰু হঠাতে কাৰ্ডিয়াক এৰেষ্ট হোৱাৰ পৰা নিজকে দূৰত ৰাখিব পাৰে ।

    মেদবহুলতা :
    বিশেষজ্ঞৰ মতে ভাৰতত অত্যাধিক ওজনৰ আৰু মেদবহুল শিশু বহু আছে যি প্ৰাপ্তবয়স্ক হোৱাৰ পিছত কাৰ্ডিওভাস্কুলাৰ ৰোগ আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ হাৰত অৰিহণা যোগোৱাৰ বহু সম্ভাৱনা আছে । বিশেষজ্ঞৰ মতে মেদবহুল লোকসকল উচ্চ ৰক্তচাপত ভুগিব পাৰে যিটো হৈছে হৃদ ৰোগৰ বলি হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ ।

    উচ্চ ৰক্তচাপ :
    হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে ভাৰতত যুৱ প্ৰাপ্তবয়স্কসকলৰ মাজত উচ্চ ৰক্তচাপ মধ্য আৰু পূৱ ইউৰোপতকৈ অধিক ।

    " উচ্চ ৰক্তচাপে ভাৰতত হোৱা সকলো মৃত্যুৰ ১০.৮ শতাংশত অৰিহণা যোগায় আৰু নগৰ আৰু গ্ৰাম্য অঞ্চল দুয়োটাতে যোৱা তিনি দশকত ই যথেষ্ট বৃদ্ধি পাইছে । উচ্চ ৰক্তচাপে অৱশেষত ডায়েবেটিচ হোৱাৰ আশংকাও বৃদ্ধি কৰে " । বিশেষজ্ঞ চিকিৎসক ডাঃ হৰিন্দৰ কে বালিয়ে এনেদৰ কয় ।

    মধুমেহ বা ডায়েবেটিছ :
    ভাৰতত যোৱা ৩০ বছৰত টাইপ ২ ডায়েবেটিচ ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে যিয়ে বিশ্বৰ পৰিসঙখ্যাটো গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে । ভাৰতত , 25 বছৰৰ তলৰ লোকসকলৰ মাজতো টাইপ-2 ডায়েবেটিচ আৰু হৃদৰোগৰ দৰে জীৱনৰ বাবে বিপদজনক ৰোগৰ জটিলতাৰ আশংকা বৃদ্ধি পাইছে ।

    যুৱ ভাৰতীয়সকলৰ বাবে হৃদৰোগ প্ৰতিৰোধ কৰাৰ উপায় কি !
    যুৱ প্ৰাপ্তবয়স্কসকল অত্যাধিক কামৰ বোজা , পাৰিবাৰিক সমস্যা , চাকৰিৰ সুৰক্ষা আৰু বহু সময়ত নিৰন্তৰ মানসিক আৰু শাৰীৰিক চাপত থাকিব লগা হয় । এই চাপৰ সৈতে উচ্চ ৰক্তচাপ আৰু ডায়েবেটিচৰ ওতঃপ্ৰোত সম্পৰ্ক আছে ।

    " যুৱ প্ৰাপ্তবয়স্কসকলে প্ৰায়ে ধূমপান আৰু অত্যাধিক সুৰাপানৰ চিকাৰ হয় যাতে অত্যাধিক ভাৰাক্ৰান্ত চাপৰ সৈতে মোকাবিলা কৰিব পাৰে । জীৱনশৈলীৰ পৰিৱৰ্তন কৰাটোৱে হৈছে এই বিপদাশংকা হ্ৰাস কৰা আৰু অকালতে হোৱা হৃদ ৰোগৰ পৰা নিজকে ৰক্ষা কৰা " , ড০ বালিয়ে আৰু এনেদৰে কয় ।

    যুৱক সকলে নিয়মীয়া সময়ৰ বাবে মজলীয়াৰ পৰা কঠিন ব্যায়াম যেনে জগিং , চাইকেল চলোৱা, দ্ৰুত খোজ কঢ়া, যোগ, এৰোবিক্স তথা সাঁতোৰৰ দৰে বিষয়সমূহত নিজকে জড়িত কৰিব লাগিব । লগতে, অত্যাধিক সুৰা পান আৰু ধূমপানৰ পৰা আঁতৰি থাকিব লাগিব ।

    স্বাস্থ্যবান হৃদযন্ত্ৰৰ বাবে এক সঠিক সন্তুলিত আহাৰ হৈছে আন এক প্ৰয়োজনীয়তা । জাংক ফুড খোৱাৰ সলনি, যুৱক-যুৱতীসকলে ফল-মূল , ফলৰ ৰস , চয়া সামগ্ৰী আৰু বাদামৰ দৰে স্বাস্থ্যকৰ খাদ্যৰ বিকল্প বিচাৰিব লাগে । ট্ৰেন্স-ফেটি এচিড পৰিহাৰ কৰা আৰু খনিজ আৰু কেলচিয়ামসমৃদ্ধ আহাৰত যথেষ্ট পৰিমাণে সতেজ, সেউজীয়া পাচলি অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ । আহাৰৰ সময়ৰ প্ৰতিও সঠিক মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ । পলমকৈ দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰ গ্ৰহণ কৰাটো স্বাস্থ্যৰ পক্ষে ভাল নহয় বুলি  পৰামৰ্শ দিছে বিশেষজ্ঞগৰাকীয়ে ।

    বিশেষজ্ঞগৰাকীৰ মতে এইটো দেখা গৈছে যে যদি এজন ব্যক্তিৰ কম বয়সত হৃদৰোগ হয় , তেন্তে জীৱনৰ পিছৰ পৰ্যায়ত আন এটা কাৰ্ডিয়াক এৰেষ্ট বা ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায় । সেয়েহে আগতীয়াকৈ এই ৰোগ চিনাক্তকৰণ কৰি প্ৰতিৰোধৰ বিষয়ে সজাগতা বিয়পোৱাটো এই ৰোগৰ সফল প্ৰতিৰোধ আৰু ব্যৱস্থাপনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি চিকিৎসকসকলে কয় । যুৱ প্ৰাপ্তবয়স্কসকলে সেয়েহে সুৰক্ষিত আৰু স্বাস্থ্যৱান হৈ থাকিবলৈ প্ৰতি বছৰে তেওঁলোকৰ হৃদযন্ত্ৰৰ মূল্যাঙ্কন কৰাটোত গুৰুত্ব প্ৰদান কৰিছে বিশেষজ্ঞসকলে ।

    (বি: দ্ৰ : বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত তথ্যৰ আধাৰত এই লেখাটো যুগুত কৰা হৈছে ।)
    Published by:Kokil Sarma
    First published: