• Home
  • »
  • News
  • »
  • health-well-being
  • »
  • Health Tips: কোনবোৰ খাদ্যই আয়ুস বৃদ্ধি কৰিব পাৰে? দীৰ্ঘ জীৱনৰ বাবে অকল ইচ্ছাই নহয়, প্ৰয়োজন এনে বিষয়ৰো...

Health Tips: কোনবোৰ খাদ্যই আয়ুস বৃদ্ধি কৰিব পাৰে? দীৰ্ঘ জীৱনৰ বাবে অকল ইচ্ছাই নহয়, প্ৰয়োজন এনে বিষয়ৰো...

 জীৱনৰ প্ৰত্যাশাই চাপ হ্ৰাস কৰে। আহাৰৰ প্ৰভাৱতো দীৰ্ঘদিন স্বাস্থ্যৱান হৈ জীয়াই থকাটো সম্ভৱ।

জীৱনৰ প্ৰত্যাশাই চাপ হ্ৰাস কৰে। আহাৰৰ প্ৰভাৱতো দীৰ্ঘদিন স্বাস্থ্যৱান হৈ জীয়াই থকাটো সম্ভৱ।

জীৱনৰ প্ৰত্যাশাই চাপ হ্ৰাস কৰে। আহাৰৰ প্ৰভাৱতো দীৰ্ঘদিন স্বাস্থ্যৱান হৈ জীয়াই থকাটো সম্ভৱ।

  • Share this:

বেছিভাগ মানুহে দীৰ্ঘ জীৱন বিচাৰে। কিন্তু ইয়াৰ বাবে অকল ইচ্ছাই নহয়, প্ৰয়োজন স্বাস্থ্যকৰ খাদ্যও। স্বাস্থ্যৱান হৈ জীয়াই থাকিবলৈ কি কৰিব লাগে?


প্ৰথম চৰ্ত, ধূমপানৰ অভ্যাস (smoking habits) আঁতৰাব লাগিব। সুৰাপান হ্ৰাস কৰিব লাগিব আৰু মন সদায়ে যোগাত্মক কৰি ৰাখিব। জীৱনৰ প্ৰত্যাশাই চাপ হ্ৰাস কৰে। এই কথা সকলোৱে জানে। দীঘলীয়া জীৱন পাবলৈ আহাৰৰ বাবেও ল'ব লাগিব যতন। আহাৰৰ ক্ষেত্ৰত অতিৰিক্ত ভজা, মিঠা আৰু নিমখীয়া খাদ্য (fried, sweet and salty foods) বাদ দিয়াটো নিশ্চিত কৰিব লাগিব। ইয়াৰ লগে লগে নিয়মীয়াকৈ কেইটামান আহাৰ খোৱাটো জৰুৰী।


কোনবোৰ খাদ্যই আয়ুস বৃদ্ধি কৰিব পাৰে? ইয়াত চাৰিটা খাদ্যৰ বিষয়ে আলোচনা কৰা হল। এনে খাদ্যই আপোনাক দীৰ্ঘায়ু জীৱন দান কৰিব পাৰে।


মৌঃ মৌৱে হৃদৰোগ আৰু কৰ্কট ৰোগৰ আশংকা যথেষ্ট হ্ৰাস কৰিব পাৰে। প্ৰতিদিনে নিয়মীয়াকৈ এক চামুচ বিশুদ্ধ মৌ খোৱাৰ ফলত এই ৰোগবোৰৰ আশংকা যথেষ্ট হ্ৰাস হয়। মৌ (Honey) খোৱাৰ ফলত স্তন, যকৃত আৰু অন্ত্ৰৰ কৰ্কট ৰোগ হোৱাৰ আশংকা যথেষ্ট হ্ৰাস হয়। ইয়াৰ প্ৰভাৱত দীৰ্ঘদিন স্বাস্থ্যৱান হৈ জীয়াই থকাটো সম্ভৱ।


ছাগলীৰ গাখীৰঃ ছাগলীৰ গাখীৰত কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰা উপাদানো থাকে। যিসকল মহিলাই নিয়মীয়াকৈ ছাগলীৰ গাখীৰ (Goat Milk) খায় তেওঁলোকৰ স্তন কৰ্কট ৰোগৰ আশংকা যথেষ্ট কম। কিন্তু চিকিৎসকৰ পৰা জনাটো দৰকাৰ কিমান পৰিমাণৰ জানিব গাখীৰ খাব লাগে।


ডালিমঃ এই ফলটোৱে দীৰ্ঘজীৱন লাভ কৰাত যথেষ্ট সহায় কৰিব পাৰে। ইয়াৰ বিভিন্ন ভিটামিনে কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতাকে বৃদ্ধি নকৰে, আন বহুতো গুণো আছে। ডালিমে তেজত হিমোগ্লোবিনৰ স্তৰ বৃদ্ধি কৰে। ডালিমৰ কিছুমান উপাদানে পেশীৰ ক্ষয় যথেষ্ট হ্ৰাস কৰিব পাৰে। ইয়াৰ উপৰি ডালিমৰ কেইবাটাও উপাদানে বৃদ্ধ বয়সৰ বিভিন্ন ৰোগ আৰু স্নায়ুৰ বিভিন্ন সমস্যা হ্ৰাস কৰিব পাৰে। ফলস্বৰূপে নিয়মীয়াকৈ এটা ডালিম (Pomegranate) খোৱাৰ ফলত শৰীৰত বৃদ্ধ বয়সৰ প্ৰভাৱ হ্ৰাস হয়।


কাচকলঃ দীঘলীয়া জীৱন পাবলৈ নিয়মীয়াকৈ কাচকল খাব।  ৰক্তচাপৰ ফলত বহু লোক হৃদৰোগৰ দৰে সমস্যাতো ভোগে। নিয়মীয়াকৈ কাচকল খোৱাটোৱে এই সমস্যাটো হ্ৰাস কৰে। কাৰণ ইয়াৰ বিভিন্ন উপাদানে ৰক্তচাপ (blood pressure) নিয়ন্ত্ৰণত ৰাখে। ইয়াৰ উপৰি কাচকলৰ কিছুমান উপাদানে বৃক্কৰ কৰ্কট ৰোগ (Cancer) প্ৰতিৰোধ কৰিব পাৰে।


 News in Assamese |  Health News in Assamese 
Published by:Gautam Barman
First published: