உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • health-well-being
    • »
    • Eating Orange During Winter: সাৱধান! শীতকালত অধিক কমলা খালে আপোনাৰ অজানিতেই মাতি অনা হ'ব এই বিপদ

    Eating Orange During Winter: সাৱধান! শীতকালত অধিক কমলা খালে আপোনাৰ অজানিতেই মাতি অনা হ'ব এই বিপদ

    Eating Orange During Winter: ভিটামিন চিৰ অত্যাধিক সেৱনে শৰীৰত বিৰূপ প্ৰভাৱো পেলায়। গতিকে স্বাস্থ্য বিশেষজ্ঞসকলে অত্যধিক কমলা খাবলৈ নিষেধ কৰে।

    Eating Orange During Winter: ভিটামিন চিৰ অত্যাধিক সেৱনে শৰীৰত বিৰূপ প্ৰভাৱো পেলায়। গতিকে স্বাস্থ্য বিশেষজ্ঞসকলে অত্যধিক কমলা খাবলৈ নিষেধ কৰে।

    Eating Orange During Winter: ভিটামিন চিৰ অত্যাধিক সেৱনে শৰীৰত বিৰূপ প্ৰভাৱো পেলায়। গতিকে স্বাস্থ্য বিশেষজ্ঞসকলে অত্যধিক কমলা খাবলৈ নিষেধ কৰে।

    • Share this:
    শীত পৰিছে। লগে লগে বজাৰত ওলাইছে সকলোৰে পছন্দৰ কমলা (Orange) টেঙা। ঘৰৰ ডাইনিং টেবুলতো হাতেৰে  ঢুক পোৱাতে সজাই থোৱা হৈছে কমলা। শীত (Winter) আৰু কমলাৰ এৰাব নোৱাৰা সম্পৰ্ক। কমলা স্বাস্থ্য (Health)ৰ বাবে এক নম্বৰ ফল, ঠিক একেদৰে ইয়াৰ সোৱাদ সকলোৰে প্ৰিয়।

    কমলাই শৰীৰ হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে। শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা (Immunity) প্ৰদান কৰে কমলাই। ইয়াৰ ভিটামিন চি (Vitamin C)য়ে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। পিছে তাতেই আছে এটা ডাহৰ সমস্যা। ভিটামিন চি-ৰ অত্যধিক সেৱনে শৰীৰত বিৰূপ প্ৰভাৱো পেলায়। গতিকে স্বাস্থ্য বিশেষজ্ঞসকলে অত্যধিক কমলা খাবলৈ নিষেধ কৰে।

    ১০০ গ্রাম কমলাত ৪৭ গ্রাম কেলৰী, ৮৭ গ্রাম পানী, ০.৯ গ্রাম প্র'টিন, ১১.৮ গ্রাম কার্বোহাইড্রেট, ৯.৪ গ্রাম চেনী, ২.৪ গ্রাম ফাইবাৰ আৰু ৭৬ শতাংশ ভিটামিন C থাকে। পুষ্টিগুণেৰে সমৃদ্ধ হ'লেও কমলাও বেছিকৈ নাখাই পৰিমিত পৰিমাণে খোৱা উচিত।

    এতিয়া যদি কোনোবাই দিনে ৪-৫টা কমলা খোৱা আৰম্ভ কৰে তেন্তে শৰীৰত অত্যধিক আঁহ (Fiber) জমা হ'ব। ইয়াৰ ফলত পেট বেয়া হ'ব পাৰে, পেটৰ বিষ, ডায়েৰিয়া, ওকালি অহা আদি হ'ব পাৰে। বিভিন্ন গৱেষণা অনুসৰি, অত্যধিক ভিটামিন চি-ৰ ফলত বুকু জ্বলা, বমি, অনিদ্ৰা, আনকি হাৰ্ট এটেক হ'ব পাৰে। গতিকে সময় থাকোতেই সাৱধান হ'ব!

    কমলা প্ৰাকৃতিকভাৱে এচিড সমৃদ্ধ ফল। গেষ্ট্ৰোইচোফেজিয়েল ৰিফ্লাক্স ৰোগ (GERD) থকা লোকসকলে কমলা খালে পাকস্থলীত জ্বলন হ'ব পাৰে। গতিকে এনে ৰোগীক কমলা দিয়াৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

    অত্যধিক কমলা খালে বমি আৰু বুকু জ্বলা হ'ব পাৰে। যিসকলৰ তেজত পটাছিয়ামৰ স্তৰ উচ্চ পৰমাণত থকা সকলেও কমলা খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে।

    কমলাত পটাছিয়াম কম থাকে। কিন্তু যিসকলৰ শৰীৰত পটাছিয়ামৰ পৰিমাণ বেছি থাকে, তেওঁলোকে কমলা খোৱাৰ ফলত হাইপাৰকেলেমিয়া হোৱাৰ সম্ভাৱনা থাকে।

    সেয়েহে এজন প্ৰাপ্তবয়স্ক, স্বাস্থ্যৱান ব্যক্তিয়ে দিনে এটা বা দুটাতকৈ অধিক কমলা খাব নালাগেবুলি  স্বাস্থ্য বিশেষজ্ঞসকলে কয়!
    Published by:Manjumoni Borah
    First published: