মুখ্যপৃষ্ঠা »খবৰ »স্বাস্থ্য »Factors which affect Fertility: এই ৪টা কাৰণত কম বয়সতে প্ৰভাৱ পৰিব পাৰে আপোনাৰ প্ৰজনন ক্ষমতাত, জানক কি এই কাৰণবোৰ

Factors which affect Fertility: এই ৪টা কাৰণত কম বয়সতে প্ৰভাৱ পৰিব পাৰে আপোনাৰ প্ৰজনন ক্ষমতাত, জানক কি এই কাৰণবোৰ

৪টা কাৰণত কম বয়সতে প্ৰজনন ক্ষমতা হ্ৰাস হ'ব পাৰে!

৪টা কাৰণত কম বয়সতে প্ৰজনন ক্ষমতা হ্ৰাস হ'ব পাৰে!

৩০-৩৫ বছৰ বয়সৰ পিছত পলমকৈ বিবাহ কৰা আৰু তাৰ পিছত পৰিয়াল পৰিকল্পনা কৰা আদিয়ে কেতিয়াবা মাতৃ হোৱাৰ সপোনৰ বাটত কিছু সমস্যাৰ সৃষ্টি কৰে। এনে পৰিস্থিতিত, উৰ্বৰতা (Fertility)ৰ সঠিক বয়স, ইয়াৰ সৈতে সম্পৰ্কিত সমস্যাবোৰ জনাটোও গুৰুত্বপূৰ্ণ। বিশেষজ্ঞৰ পৰা জানিব কিকাৰণত আপোনাৰ উৰ্বৰতা কম বয়সতে প্ৰভাৱিত হয়।

  • Share this:
Factors which affect Fertility: আজিৰ যুৱক-যুৱতীসকল তেওঁলোকৰ কেৰিয়াৰৰ বিষয়ে ইমান উচ্চাকাংক্ষী হৈ পৰিছে যে তেওঁলোকে বিয়া-বাৰু কৰোৱাৰ সিদ্ধান্তও আনকি পলমকৈ লয়। কিন্তু, বেছিভাগ লোকে এই বিষয়ে অজ্ঞাত যে তেওঁলোকৰ জৈৱিক তাড়না কাৰোৰে বাবে অপেক্ষা নকৰে। ৩০-৩৫ বছৰ বয়সৰ পিছত পলমকৈ বিবাহ কৰা আৰু তাৰ পিছত পৰিয়াল পৰিকল্পনা কৰা, আদি কথাবোৰে কেতিয়াবা গৰ্ভধাৰণৰ সময়ত বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। এনে পৰিস্থিতিত, প্ৰজনন ক্ষমতা (Fertility)ৰ সঠিক বয়স, আৰু ইয়াৰ সৈতে সম্পৰ্কিত সমস্যাবোৰৰ বিষয়ে সবিশেষ জনাটোও অতিশয় গুৰুত্বপূৰ্ণ।

নোভা চাউথএণ্ড ফাৰ্টিলিটি এণ্ড আইভিএফ (নতুন দিল্লী)ৰ পৰামৰ্শদাতা ফাৰ্টিলিটি ড০ ৰীণা গুপ্তাই কয় যে ভাৰতৰ ২০১৬ চনৰ নতুন লোকপিয়ল প্ৰতিবেদন অনুসৰি, যোৱা এটা দশকত মহিলাৰ উৰ্বৰতাৰ হাৰ ২১% হ্ৰাস পাইছে, যিটো অতিশয় উদ্বেগজনক। যদি আমি নগৰ আৰু গ্ৰাম্য অঞ্চলৰ তুলনা কৰোঁ, গ্ৰাম্য অঞ্চলত উৰ্বৰতাৰ হাৰ অধিক অৰ্থাৎ ৮২%, আনহাতে চহৰৰ জনসংখ্যাত ই যথেষ্ট কম অৰ্থাৎ ৬০%। এইটোও দেখা গৈছে যে নগৰ আৰু গ্ৰাম্য অঞ্চলত বাস কৰা মহিলাসকলৰ মাজত বন্ধ্যাত্বৰ কাৰণ পৃথক। গ্ৰাম্য মহিলাসকলৰ বন্ধ্যাত্বৰ সমস্যা বিভিন্ন সংক্ৰমণৰ ফলত হয় যি তেওঁলোকৰ প্ৰজনন প্ৰণালী প্ৰভাৱিত কৰে, আনহাতে চহৰীয়া মহিলাৰ ক্ষেত্ৰত ইয়াৰ কাৰণ হৈছে ব্যস্ততাপূৰ্ণ জীৱনশৈলী আৰু পলমকৈ বিয়া হোৱা।

ড০ ৰীনা গুপ্তাই কয় যে ইয়াৰ পূৰ্বে আন্তৰ্জাতিক জনসংখ্যা বিজ্ঞান প্ৰতিষ্ঠানে প্ৰকাশ কৰিছিল যে যোৱা দুবছৰত ১৫-২০ নিযুত ভাৰতীয় বন্ধ্যাত্বৰ দ্বাৰা প্ৰভাৱিত হৈছে। শেহতীয়া গৱেষণাই দেখুৱাইছে যে ভাৰতত ৩১ বছৰতকৈ অধিক বয়সৰ প্ৰায় ৪০% পুৰুষ বন্ধ্যাত্বত ভুগিআছে, যিয়ে সূচায় যে দেশত পুৰুষৰ বন্ধ্যাত্বৰ ঘটনা উদ্বেগজনকভাৱে দ্ৰুতগতিত বৃদ্ধি পাইছে। যোৱা কেইবছৰমানত বৰ্ধিত বন্ধ্যাত্বৰ এই হাৰ মুখ্যতঃ এক অস্বাস্থ্যকৰ জীৱনশৈলী, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, বিদ্যুৎ চুম্বকীয় বিকিৰণ ((electromagnetic radiation) আৰু প্ৰদূষিত পৰিৱেশৰ বাবে দায়ী। যদি আপুনি গৰ্ভধাৰণ কৰিবলৈ চেষ্টা কৰি আছে বা ভৱিষ্যতে এনে কৰিব বিচাৰে, প্ৰথমে সাম্ভাব্য বিপদাশংকাৰ কাৰকবোৰ জনাটো গুৰুত্বপূৰ্ণ। একে সময়তে, কিছুমান জীৱনশৈলীৰ পৰিৱৰ্তন যেনে স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰা, শাৰীৰিকভাৱে সক্ৰিয় থকা, স্বাস্থ্যকৰ ওজন বজাই ৰখা, বেয়া অভ্যাসত নপৰা আদি কাৰকে বন্ধ্যাত্ব প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।

শেহতীয়া বাতৰি