• Home
  • »
  • News
  • »
  • health-well-being
  • »
  • Sleeping with the lights: ৰাতি শোৱাৰ সময়ত বন্ধ ৰাখিব লাইট, আঁতৰতে থাকিব হৃদৰোগ আৰু মধুমেহ!

Sleeping with the lights: ৰাতি শোৱাৰ সময়ত বন্ধ ৰাখিব লাইট, আঁতৰতে থাকিব হৃদৰোগ আৰু মধুমেহ!

Sleeping with the lights off may protect your health : গৱেষকসকলে কয় যে বেড লেম্প আৰু টিভি চলাই শোৱাটো অতি বেয়া অভ্যাস। ৰাতি শুবৰ সময়ত হালধীয়া পোহৰৰ কম তীব্ৰতাৰ লাইট জ্বলাই লৈ শোৱাটো ভাল। কাৰণ হালধীয়া পোহৰৰ তীব্ৰতা কম হয়। মনত ৰখা ভাল যে নিশা ৮ ঘণ্টা শোৱাটো অতি উপকাৰী।

  • Share this:
কোৱা হয় যে ৰাতি শোৱাৰ সময়ত লাইট বন্ধ ৰাখিলে টোপনি সোনকালে আহে আৰু ভলকৈ টোপনি আহে। অৱশ্যে কিছুমান এনে মানুহো আছে যি ৰাতি লাইট বন্ধ কৰিলে শুব নোৱাৰে। এটা অধ্যয়নে এই সম্পৰ্কত কিছুমান আচৰিত তথ্য প্ৰকাশ কৰিছে। সেইমতে যদি আপুনি ৰাতি শোৱাৰ আগে আগে সকলো লাইট বন্ধ কৰি লয় (Sleeping with the lights off may protect your health) আৰু খিৰিকীৰ পৰ্দা আদিও মাৰি লয় তেনেতে ই আপোনাক কেইবাটাও ৰোগৰ পৰা বচাই ৰাখইব পাৰে আৰু ইয়াৰ বিপৰীতে যদি আপুনি লাইট জ্বলাই শোৱে তেন্তে আপোনাৰ নান ৰোগে আগুৰি ধৰিব পাৰে। আমেৰিকাৰ ইলিনয়ছৰ নৰ্থৱেষ্টাৰ্ণ ইউনিভাৰছিটীৰ ফিনবাৰ্গ স্কুল অৱ মেডিচিনৰ বিজ্ঞানীৰ এটা দলে কৰা পৰীক্ষা মতে ৰাতি লাইটো জ্বলাই শুলে হৃদৰোগ (Heart Disease) আৰু ডায়েবেটিছ (diabetes)ৰ সমস্যা বাঢ়ি যায়। এনে যদি হয় এইয়া আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ'ব পাৰে।

গৱেষকসকলৰ মতে লাইট জ্বলাই শুলে হৃদযন্ত্ৰৰ গতি (Heart Beat) দিনৰ সমানে বাঢ়ি যায়। একেই পৰিণাম হয় শৰীৰত উতপন্ন হোৱা ইনছুলীন (Insulin)ৰ সৈতেও। এই গৱেষণাৰ তথ্যসমূহ প্ৰচিডিংছ অৱ দি নেচনেল একাডেমী অৱ চায়েন্সত প্ৰকাশিত হৈছে। গৱেষণাটোতত ২০ জন লোকৰ ওপৰত পৰীক্ষা-নীৰীক্ষা কৰা হৈছিল। ইয়াৰে ১০ জনক ১০০ লাক্স (লাইটৰ তীব্ৰতা) মানে মধ্যম লাইটত আৰু ১০ জন মাত্ৰ ৩ লাক্স তীব্ৰতাৰ লাইটত শুইছিল। দুয়োটে ক্ষেত্ৰতে বহু পৃথক ফলাফল পোৱা গৈছে। (Sleeping with the lights off may protect your health)

গৱেষণাত পোৱা মতে ১০০ লাক্সত শোৱা লোকসকলৰ হৃদযন্ত্ৰৰ গতি ৩ লাক্সত শোৱাসকলৰ তুলনাত বহুত বেছি আছিল। একেদৰে তেওঁলোকৰ ইছুলীনৰ মাত্ৰাও ১৫ শতাংশ বৃদ্ধি পাইছিল। কিন্তু কম পোহৰত শোৱাসকলৰ ইনছুলীনৰ পৰিমাণ ৪ শতাংশ কমি গৈছিল।

গৱেষকসকলে কয় যে বেড লেম্প আৰু টিভি চলাই শোৱাটো অতি বেয়া অভ্যাস। ৰাতি শুবৰ সময়ত হালধীয়া পোহৰৰ কম তীব্ৰতাৰ লাইট জ্বলাই লৈ শোৱাটো ভাল। কাৰণ হালধীয়া পোহৰৰ তীব্ৰতা কম হয়। মনত ৰখা ভাল যে নিশা ৮ ঘণ্টা শোৱাটো অতি উপকাৰী।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি