শীতৰ বতৰত পাকঘৰত ব্ৰ’কলিৰ ব্যৱহাৰ সকলোৱে জানে। সোৱাদ আৰু গুণেৰে ভৰা ব্ৰ’কলি কেৱল আমাৰ ইমিউনিটি বৃদ্ধি কৰা নহয়, ওজন কমোৱাতো সহায় কৰে। ভিটামিন চি আৰু কে সমৃদ্ধ ব্ল’কলিত পৰ্যাপ্ত পৰিমাণে মেংগানিজ, পটাচিয়াম, মেগনেচিয়াম, অ’মেগা–৩, জিংক, কেলচিয়াম আৰু আয়ৰনৰ দৰে খনিজ আছে। আপোনাৰ ডায়েট তালিকাত ব্ৰ’কলি নিশ্চিতভাৱে ৰাখক কাৰণ ইয়াত আছে সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় এণ্টিঅক্সিডেণ্ট, হাই ফাইবাৰ আৰু বায়’এক্টিভ কম্পাউণ্ডছ।
জানক ব্ৰ’কলিৰ উপকাৰিতা
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে : ব্ৰ’কলিয়ে শৰীৰৰ ৰোগ বিজাণু, ভাইৰাছৰ পৰা আমাৰ শৰীৰক ৰক্ষা কৰে। আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক শক্তিশালী কৰি তোলে আৰু আমাৰ শৰীৰক ৰোগ এবং অসুস্থতাৰ পৰা ৰক্ষা কৰে কাৰণ ব্ৰ’কলিত আছে প্ৰচূৰ পৰিমাণে আছে ভিটামিন চি।
কলেষ্টেৰল কমায় : ব্ৰ’কলিত থকা ফাইবাৰে শৰীৰৰ পৰা কলেষ্টেৰল বাহিৰ কৰি দিয়াত সহায় কৰে। আনকি পাচন তন্ত্ৰত পিত্ত এচিডৰ বান্ধোনতো সহায় কৰে।
হাঁড় মজবুত কৰে : ব্ৰ’কলিত আছে প্ৰচূৰ পৰিমাণৰ ভিটামিন কে আৰু কেলচিয়াম, যিয়ে অষ্টিঅ’পৰোছিছ প্ৰতিৰোধত খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰ উপৰি জিংক, ফছফৰাছ আৰু মেগনেচিয়ামৰ দৰে আন খনিজ ব্ৰ’কলিক পুষ্টিগুণেৰে ভৰপূৰ কৰি তোলে। প্ৰতিটো বয়সৰ লোকৰ বাবে ই এক চমৎকাৰৰ দৰে কাম কৰে, বিশেষকৈ সন্তানক গাখীৰ খুৱাই থকা মহিলাসকলৰ বাবে।
ওজন কম কৰে : ব্ৰ’কলিত প্ৰচূৰ পৰিমাণৰ ফাইবাৰ থকাৰ বাবে বহু সময়ত আমাৰ পেট ভৰ্তি ৰাখে যাৰ ফলত আমাৰ প্ৰয়োজনতকৈ অধিক খাদ্য খাব নোৱাৰো। ইয়াৰ ফলত কেলৰি কম থকাৰ বাবে আমাৰ ওজন হ্ৰাস কৰাত সহায়ক হয়। ইয়াৰ উপৰি হজম শক্তি বৃদ্ধি আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।
Disclaimer : এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ ওপৰত আধাৰিত, বিস্তাৰিতভাৱে জানিবলৈ সদাই বিশেষজ্ঞৰ পৰামৰ্শ লওক।Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 12, 2023, 11:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।