আপুনি নিশ্চয় গুড় (Jaggery)ৰ উপকাৰিতাৰ বিষয়ে শুনিছে আৰু আপুনি বুট (Gram) খোৱাৰ উপকাৰিতাৰ বিষয়েও বহুত কথা জানে। কিন্তু আপুনি কেতিয়াবা এই দুটা বস্তু একেলগে খোৱাৰ উপকাৰিতাৰ বিষয়ে শুনিছে নে ? যদিনাই শুনা তেন্তে আপোনাক জনাই থওঁ যে, গুড় আৰু বুট পৃথকে পৃথকে খালে আমাৰ শৰীৰটো যিমান লাভৱান হয়, দুয়োবিধ একেলগে খালে ইয়াৰ পৰা পোৱা উপকাৰিতা দুগুণে বৃদ্ধি পায় । বুট আৰু গুড় একেলগে খালে ই চুপাৰ ফুড (Super food)ৰ কাম কৰে। জানোঁ আহক সবিশেষ...
ৰক্তহীনতাৰ সমস্যা দূৰ কৰে- শৰীৰত ৰক্তহীনতা সমস্যাই দেখা দিলে ইয়াক দূৰ কৰিবলৈ কিমান কি কৰা যায় ! বিভিন্ন ধৰণৰ দামী ঔষধ আৰু টনিক আদি সেৱন কৰা হয়। কিন্তু সাধাৰণ বস্তু গুড় আৰু বুটৰ কথা কোনোৱে মনত নাৰাখে। গতিকে আপোনাক জনাই থওঁ যে, একেলগে গুড় আৰু বুট সেৱনে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰি ৰক্তহীনতাৰ সমস্যা নিৰাময় কৰাত সহায় কৰে। আনহাতে, ই আমাৰ শৰীৰৰ বল-শক্তি বৃদ্ধিত অতি কাৰ্যকৰী বুলি প্ৰমাণিত হৈছে।
আইৰণ আৰু প্ৰ'টিনৰ বৃদ্ধি কৰে-ভজা বুটত আইৰণ আৰু প্ৰ'টিন যথেষ্ট পৰিমাণে থাকে আৰু গুড়তও আইৰণ প্ৰচুৰ পোৱা যায়। গতিকে দুয়োটা বস্তু একেলগে সেৱন কৰিলে শৰীৰত আইৰণআৰু প্ৰ'টিনৰ অভাৱ নহয়। একে সময়তে, ইয়াত থকা অন্যান্য পুষ্টিকৰ দ্ৰব্যবোৰেও শৰীৰৰ আৰু বহুতো প্ৰয়োজনীয়তা পূৰণ কৰে।
হাড় শক্তিশালী কৰে-হাড় শক্তিশালী কৰিবলৈ গুড় আৰু বুট একেলগে খাব পাৰি। বয়স বৃদ্ধিৰ ফলত আমাৰ শৰীৰৰ হাড় দুৰ্বল হ'বলৈ আৰম্ভ কৰে। এনে ক্ষেত্ৰত, বুট-গুড় একেলগে খালে হাড়ৰ শক্তি বজাই ৰাখিব পাৰি।
হজম শক্তি বৃদ্ধি হয়-গুড় আৰু বুটত যথেষ্ট হাৰত আঁহ (Fibre) থাকে। এই দুয়োটা একেলগে সেৱন কৰিলে হজম প্ৰক্ৰিয়া উন্নত কৰাত সহায় কৰে। এনেদৰে খালে কোষ্ঠকাঠিন্য আৰু এচিডিটি সমস্যাৰ পৰা সকাহপাব পাৰি। (
(Disclaimer : এই প্ৰবন্ধৰ তথ্য সমূহ সাধাৰণ বিশ্বাসৰ ওপৰত আধাৰিত। নিউজ১৮-অসম নৰ্থইষ্টে ইয়াক নিশ্চিত নকৰে। এইবোৰ কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰি ল'ব।)
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|