• Home
  • »
  • News
  • »
  • health-well-being
  • »
  • Daily Coffee can benefit the Heart : কফি খাই ভালপোৱাসকলৰ বাবে ভাল খবৰ! দৈনিক কফি খালে উপকৃত হ'ব পাৰে হৃদযন্ত্ৰ

Daily Coffee can benefit the Heart : কফি খাই ভালপোৱাসকলৰ বাবে ভাল খবৰ! দৈনিক কফি খালে উপকৃত হ'ব পাৰে হৃদযন্ত্ৰ

Daily Coffee can benefit the Heart : পিটাৰ এম কিষ্টলাৰে (Peter M. Kistler) কয় যে আমাৰ তথ্যই পৰামৰ্শ দিয়ে যে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগ থকা লোক আৰু হৃদৰোগ নোহোৱা লোকসকলেও তেওঁলোকৰ দৈনন্দিন আহাৰত কফী অন্তৰ্ভুক্ত কৰিব পাৰে।

  • Share this:
এটা শেহতীয়া অধ্যয়নত প্ৰকাশ পাইছে যে দিনে দুইৰ পৰা তিনি কাপ কফি (Coffee) খোৱাটো হৃদযন্ত্ৰৰ বাবে উপকাৰী। আমেৰিকান কলেজ অফ কাৰ্ডিঅ'লজী (American college of cardiology)ৰ ৭১তম বাৰ্ষিক বৈজ্ঞানিক অধিৱেশনত উপস্থাপন কৰা অধ্যয়নটোত কোৱা হৈছে যে হৃদযন্ত্ৰ (Heart) সম্পৰ্কীয় ৰোগত আক্ৰান্ত দুয়ো প্ৰকাৰৰ লোকৰ বাবে ই সঁচা বুলি প্ৰমাণিত হয়। গৱেষকসকলৰ মতে, অধ্যয়নটোৱে কফিৰ সৈতে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগ আৰু মৃত্যুৰ মাজৰ সম্পৰ্ক বিচাৰি পাইছে। অধ্যয়নটোৱে দেখুৱাইছে যে কফী হৃদৰোগৰ সৈতে সাঙোৰ খাই থকা নাই, কিন্তু ই হৃদযন্ত্ৰৰ সুৰক্ষাৰ বাবে কাম কৰে। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ বেকাৰ হাৰ্ট ইনষ্টিটিউটৰ অধ্যয়নটোৰ এমডি আৰু জ্যেষ্ঠ লেখক পিটাৰ এম কিষ্টলাৰৰ মতে, যিহেতু কফিয়ে হৃদস্পন্দনৰ হাৰ দ্ৰুত কৰে, কিছুমান লোকে ভাবে যে ইয়াৰ ফলত হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যা হ'ব পাৰে। ইয়াৰ পৰা কফি খোৱা বন্ধ কৰিবলৈ পৰামৰ্শ দিয়া হয়। কিন্তু আমাৰ তথ্যই কফি খোৱা লোকসকলক নিৰাশ নকৰে বুলি মন্তব্য কৰে কিষ্টলাৰে।

পিটাৰ এম কিষ্টলাৰে কয় যে আমাৰ তথ্যই পৰামৰ্শ দিয়ে যে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগ থকা লোক আৰু হৃদৰোগ নোহোৱা লোকসকলেও তেওঁলোকৰ দৈনন্দিন আহাৰত কফী অন্তৰ্ভুক্ত কৰিব পাৰে। আমি দেখিছিলোঁ যে হয় কফিয়ে লাভালাভ দিয়ে বা নিৰপেক্ষ ফলাফল দিয়ে। ইয়াৰ অৰ্থ হৈছে হয় ই হৃদযন্ত্ৰক উপকাৰ কৰিব পাৰে আৰু নকৰিলেও কোনো ক্ষতি নকৰে।

প্ৰথম অধ্যয়নটোৰ বাবে, গৱেষকসকলে হৃদৰোগ নোহোৱা 3 লাখ 82 হাজাৰ 535 জন লোকৰ তথ্য পৰীক্ষা কৰিছিল। এই অংশগ্ৰহণকাৰীসকলৰ গড় বয়স আছিল ৫৭ বছৰ আৰু তেওঁলোকৰ আধা মহিলা আছিল। গৱেষকসকলে জানিব পাৰিলে যে দিনে দুইৰ পৰা তিনি কাপ কফি খোৱাটো সাধাৰণতে আটাইতকৈ উপকাৰী, যাৰ ফলত কৰোনেৰী হৃদৰোগ, হৃদযন্ত্ৰৰ গতি বন্ধ হোৱা বা যিকোনো কাৰণৰ পৰা মৃত্যুৰ আশংকা 10-15 শতাংশ হ্ৰাস হয়। গৱেষকসকলে জানিব পাৰিলে যে যিসকলে দৈনিক একাপ কফি সেৱন কৰিছিল তেওঁলোকৰ ষ্ট্ৰোক বা হৃদযন্ত্ৰ সম্পৰ্কীয় মৃত্যুৰ আশংকা আটাইতকৈ কম আছিল।
Published by:Manjumoni Borah
First published: