প্ৰায় সকলো ভাৰতীয় মানুহৰ পাকঘৰত এলুমিনিয়ামৰ বাচন (Aluminium Utensils) ব্যৱহাৰ কৰা দেখা যায়। এলুমিনিয়ামৰ বাচনৰ সুলভ দাম, মেণ্টেইন কৰিবলৈ সহজ আৰু ই খুব সোনকালে গৰম হোৱাৰ বাবে দৈনিক খাদ্য (Foods) তৈয়াৰ কৰিবলৈ যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা হয়। কিন্তু গৱেষণাত দেখা গৈছে যে এলুমিনিয়ামৰ বাচন খাদ্য ৰন্ধা (Cooking)ই হওক বা আন কামত অধিক ব্যৱহাৰে আমাৰ স্বাস্থ্যৰ বৃহৎ ক্ষতি কৰিব পাৰে। এইবোৰে কেৱল খাদ্যৰ মানকে প্ৰভাৱিত নকৰে ই আমাক ৰুগীয়াও কৰিব পাৰে। এনে পৰিস্থিতিত, এলুমিনিয়ামৰ পাত্ৰত ৰন্ধন-প্ৰকৰণৰ পৰা যিমান পাৰি বিৰত থাকিব লাগে। এলুমিনিয়াম বচনৰ ব্যৱহাৰ কৰিলে আমাৰ কি কি ক্ষতি হ' ব পাৰে তাৰ বিষয়ে কিছুমান কথা জনাটো অতি গুৰুত্বপূৰ্ণ।
এলুমিনিয়ামৰ বাচন-বৰ্তনত কি ৰান্ধিব নালাগে-গৱেষকসকলৰ মতে এলুমিনিয়ামৰ বাচন এচিডযুক্ত খাদ্য ৰান্ধিবলৈ কেতিয়াও ব্যৱহাৰ কৰিব নেলাগে। আনকি এই ধৰণৰ পাত্ৰত চাহ বনোৱা বা গাখীৰ গৰম কৰা আদি কামবোৰো কৰিব নেলাগে। ইয়াৰ উপৰি, বিলাহীৰ পিউৰি, সম্ভাৰ বা তেল মৰা আৰু চাটনি বনোৱা আদি কামবোৰো যিমান পাৰি পৰিহাৰ কৰিব লাগে। যিমান দূৰ সম্ভৱ এলুমিনিয়ামৰ পাত্ৰত ৰন্ধা পৰিহাৰেই কৰিব লগে। এনে পাত্ৰত ৰন্ধা আহাৰ বেছি সময় ৰাখিব নেলাগে, এলুমিনিয়ামে খাদ্যত থকা উপাদানবোৰৰ গুণাগুণ সহজে নষ্ট কৰি পেলায়।
গৱেষণাই কি কয় ?অধ্যয়নত দেখা গৈছে, যদি খাদ্য এলুমিনিয়ামৰ বাচনত খাদ্য ৰন্ধা হয় তেন্তে ইয়াত থকা ক্ষতিকাৰক উপাদানবোৰে খাদ্যৰ সৈতে সহজে প্ৰতিক্ৰিয়া কৰে আৰু শৰীৰৰ ভিতৰলৈ গৈ মানসিক আৰু শাৰীৰিকভাৱে আমাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।
এয়া হৈছে লোকচান-যেতিয়া আপুনি দীঘলীয়া সময়ধৰি এলুমিনিয়ামৰ বাচনত ৰান্ধে, খাদ্যত থকা লো আৰু কেলচিয়ামৰ দৰে উপাদানবোৰৰ গুণাগুণ লুপ্ত কৰি পেলায়।। ইয়াৰোপৰি, যদি এলুমিনিয়ামৰ কণা খাদ্যৰ সৈতে শৰীৰত প্ৰৱেশ কৰে, আপোনাৰ শৰীৰত থকা লো আৰু কেলচিয়াম শোষণ কৰিবলৈ আৰম্ভ কৰে, আৰু আপোনাৰ হাড় দুৰ্বল কৰিব পাৰে। ইয়াৰ উপৰি আলঝেইমাৰৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনাও বৃদ্ধি কৰে। এলুমিনিয়ামৰ কণা শৰীৰৰ ভিতৰত প্ৰবেশ কৰাৰ ফলত যক্ষ্মা, যকৃত, বৃক্ক আৰু স্নায়ুতন্ত্ৰকো প্ৰভাৱিত কৰে।
ব্যৱহাৰৰ সময়ত এই কথাবোৰ মনত ৰাখিব-যেতিয়াই আপুনি এলুমিনিয়ামৰ বাচন ব্যৱহাৰ কৰে, নিশ্চিত কৰিব যাতে আপুনি খাদ্যবোৰ একেটা পাত্ৰত দীঘলীয়া সময়ৰ বাবে ৰাখি নথয়।
(Disclaimer: এই প্ৰবন্ধৰ তথ্যসমূহ সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। নিউজ১৮ অসম নৰ্থইষ্টে এইবোৰ তথ্য নিশ্চিত নকৰে। তথ্যবোৰ কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|