হৃদৰোগত (Heart attack) আক্ৰান্ত ৰোগীৰ অৱস্থা অৱনতি হ'বলৈ সাধাৰণতে বেছি সময় নালাগে। হৃদৰোগত কোন কেতিয়া আক্ৰান্ত হ'ব সেয়া আগতীয়াকৈ জনিব পৰা নাযায়। বিশেষকৈ ব্যস্ততাপূৰ্ণ সময়সূচীত, কম বয়সীয়া লোকৰ মাজত হৃদৰোগত আক্ৰান্তৰ হাৰ বৃদ্ধি পাইছে। কিন্তু ঘৰৰ পাকঘৰত এনে কিছুমান খাদ্য সামগ্ৰী আছে যিয়ে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। হৃদৰোগৰ আশংকাও হ্ৰাস কৰে। তাৰে এটা হৈছে বিলাহী (Tomato)। এইবিধ পাচলি প্ৰত্যেকৰে ঘৰত ব্যৱহাৰ কৰা হয়।
অৱশ্যে, যদি আপুনি বিলাহীৰ ৰান্ধি খোৱাৰ পৰিৱৰ্তে ইয়াৰ ৰস (Tomato Juice) উলিয়াই খাব পাৰে, তেন্তে আপোনাৰ স্বাস্থ্যৰ বাবে অধিক ফলপ্ৰসূ হ'ব। খাদ্য বিজ্ঞান আৰু পুষ্টি আলোচনীৰ এক প্ৰতিবেদন অনুসৰি, বিলাহী হৃদৰোগ (Heart health)ৰ বাবে উৎকৃষ্ট এবিধ পাচলি। ই হৃদৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। বিশেষকৈ যদি নিমখ বিহীন বিলাহীৰ ৰস (Tomato Juice Without Salt) খাব পাৰি তেন্তে ই আৰু অধিক ভাল ফলাফল দিয়ে। বিলাহীৰ ৰসে উচ্চ ৰক্তচাপ হ্ৰাস (High Blood Pressure) কৰে আৰু কলেষ্টেৰল (Cholesterol)ৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে।
জাপানৰ (Japan) টকিঅ' মেডিকেল এণ্ড দেন্তেল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এক অধ্যয়নৰ জৰিয়তে দাবী কৰিছিল যে বিলাহীৰ ৰসে উচ্চ ৰক্তচাপ হ্ৰাস কৰিবলৈ সক্ষম। ইয়াত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে যি বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। বিলাহীৰ ৰসত অক্সিডেণ্ট থাকে যি কাৰ্ডিঅ' ভাস্কুলাৰৰ সমস্যাবোৰ দূৰ কৰিব পাৰে। আপুনি শুদা বিলাহীৰ ৰস খাব পাৰে বা আন পাচলিৰ সৈতে মিহলি কৰিও ইয়াৰ ৰস খাব পাৰে।
কেইটামান পকা বিলাহী আৰু গাজৰ লওক। বিলাহী আৰু গাজৰ ভালদৰে কাটি লওক। তাৰ পিছত মিক্সাৰ গ্ৰাইণ্ডাৰত পানীৰ সৈতে ভালদৰে মিহলি কৰক। সোৱাদৰ বাবে জালুক যোগ দিব পাৰে। কিন্তু মনত ৰাখিব আপুনি বিলাহীৰ ৰসখিনি বনোৱাৰ লগে লগে খাব লাগিব।
Published by: Manjumoni Borah
FIRST PUBLISHED : September 17, 2021, 22:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।