• Home
  • »
  • News
  • »
  • health-well-being
  • »
  • Cholesterol Guide: কলেষ্টেৰল নিয়ন্ত্ৰণত ৰখাত সহায় কৰিব পাৰে এইসমূহ খাদ্য সামগ্ৰীয়ে

Cholesterol Guide: কলেষ্টেৰল নিয়ন্ত্ৰণত ৰখাত সহায় কৰিব পাৰে এইসমূহ খাদ্য সামগ্ৰীয়ে

Cholesterol Guide: কলেষ্টেৰলৰ মাত্ৰা বজাই ৰাখিবলৈ আপুনি স্বাস্থ্যসন্মত খাদ্যাভ্যাস, ওজন নিয়ন্ত্ৰণ (weight Loss), আৰু নিয়মীয়া শাৰীৰিক কাৰ্যকলাপ দৈনন্দিন কাম-কাজত অন্তৰ্ভুক্ত কৰিব লাগিব।

Cholesterol Guide: কলেষ্টেৰলৰ মাত্ৰা বজাই ৰাখিবলৈ আপুনি স্বাস্থ্যসন্মত খাদ্যাভ্যাস, ওজন নিয়ন্ত্ৰণ (weight Loss), আৰু নিয়মীয়া শাৰীৰিক কাৰ্যকলাপ দৈনন্দিন কাম-কাজত অন্তৰ্ভুক্ত কৰিব লাগিব।

Cholesterol Guide: কলেষ্টেৰলৰ মাত্ৰা বজাই ৰাখিবলৈ আপুনি স্বাস্থ্যসন্মত খাদ্যাভ্যাস, ওজন নিয়ন্ত্ৰণ (weight Loss), আৰু নিয়মীয়া শাৰীৰিক কাৰ্যকলাপ দৈনন্দিন কাম-কাজত অন্তৰ্ভুক্ত কৰিব লাগিব।

  • Share this:
এটা স্বাস্থ্যকৰ জীৱনশৈলী (healthy lifestyle)য়ে ৰোগৰ আশংকা হ্ৰাস, স্বাস্থ্যৰ অৱস্থা, উন্নত মেজাজ আৰু সামগ্ৰিক সুস্থতাকে ধৰি অন্তহীন সুবিধা বহন কৰে। সুষম আহাৰ বজাই ৰাখিলে এজন ব্যক্তিয়ে কলেষ্টেৰল (Cholesterol)ৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। ব্যক্তিৰ কলেষ্টেৰলৰ মাত্ৰা অধিক হ’লে হৃদৰোগ, ষ্ট্ৰোক (heart disease, stroke), পেৰিফেৰেল ভেছকুলাৰ ডিজিজ হ’ব পাৰে। কলেষ্টেৰলৰ মাত্ৰা বজাই ৰাখিবলৈ আপুনি স্বাস্থ্যসন্মত খাদ্যাভ্যাস, ওজন নিয়ন্ত্ৰণ (weight Loss), আৰু নিয়মীয়া শাৰীৰিক কাৰ্যকলাপ দৈনন্দিন কাম-কাজত অন্তৰ্ভুক্ত কৰিব লাগিব। এই খাদ্যবস্তুবোৰ আপোনাৰ খাদ্য তালিকাত যোগ কৰিলে কলেষ্টেৰল কমাব পাৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হয়।

এভোকেডো: কলেষ্টেৰলৰ মাত্ৰা বজাই ৰখাৰ বাবে এভোকেডো (Avocados) অবিশ্বাস্যভাৱে উপকাৰী। এভোকেডোত বহু অসংপৃক্ত আৰু মনোঅসংপৃক্ত চৰ্বিৰ উপস্থিতিয়ে তেজৰ কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে, যাৰ ফলত ই হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ খাদ্য হৈ পৰে।

শুকান ফল (Dried fruits): বাদাম, বিশেষকৈ আখৰোট আৰু আলমণ্ড (walnuts and almonds) অতি পুষ্টিকৰ। আখৰোটত উদ্ভিদৰ বিভিন্ন প্ৰকাৰৰ ওমেগা-৩ ফেটি এচিড, এক প্ৰকাৰৰ বহু অসংপৃক্ত চৰ্বি থাকে। আলমণ্ডত এল-আৰ্জিনিন নামৰ এমিনো এচিড অধিক থাকে যিয়ে আপোনাৰ শৰীৰক নাইট্ৰিক অক্সাইড তৈয়াৰ কৰাত সহায় কৰে, যিয়ে ৰক্তচাপ আৰু অধিক নিয়ন্ত্ৰণ কৰে।

ওটছ (Oats):  নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ এক অধ্যয়ন অনুসৰি ওটছ সেৱন কৰিলে এজন ব্যক্তিৰ মুঠ কলেষ্টেৰলৰ মাত্ৰা ৫% আৰু বেয়া এলডিএল কলেষ্টেৰলৰ মাত্ৰা ৭% হ্ৰাস পাব পাৰে।

ফল-মূল: কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ আপেল, আঙুৰ, ষ্ট্ৰবেৰী, কমলাকে ধৰি ফল (Fruits) আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগিব। ফলত পেক্টিন প্ৰচুৰ পৰিমাণে থাকে, যিটো এবিধ দ্ৰৱণীয় আঁহ যিয়ে এল ডি এল কমায়।

ডাৰ্ক চকলেট: ডাৰ্ক চকলেট (Dark chocolates) আৰু ক’ক’ৰ সামগ্ৰীয়ে বেয়া এল ডি এল কলেষ্টেৰল (bad LDL cholesterol) হ্ৰাস কৰে বুলি প্ৰমাণিত হৈছে। কিন্তু চকলেটত প্ৰায়ে চেনি ঘন হয় যাৰ বাবে চেনিৰ পৰা সাৱধান হ’ব লাগিব।

চাহ: ক’লা চাহ, বগা চাহ আৰু সেউজীয়া চাহ (Black tea, white tea and green tea) একেধৰণৰ গুণ আৰু স্বাস্থ্যজনিত প্ৰভাৱৰে গঠিত। চাহত উপস্থিত কেটেচিন আৰু কুৱেৰচেটিন আদি যৌগ অতি উপকাৰী। কেটেচিনসমূহ মূলতঃ সুস্থ ৰক্তচাপৰ বাবে দায়ী কাৰণ ই নাইট্ৰিক অক্সাইড সক্ৰিয় কৰাত সহায় কৰে। আনহাতে ৰক্তবাহী নলীৰ কাৰ্য্যক্ষমতা উন্নত কৰা আৰু প্ৰদাহ কমোৱাৰ বাবে কুৱেৰচেটিন উপকাৰী।
Published by:Manjumoni Borah
First published: