Coriander Seeds is a Sure Shot Remedy for many Problems : স্বাস্থ্য বিশেষজ্ঞৰ মতে, প্ৰতিদিনে পুৱা ধনীয়াৰ গুটি তিয়াই থোৱা পানীত অলপ চেনি মিহলাই ৰঙা চাহৰ নিচিনা সেৱন কৰিলে শৰীৰৰ যিকোনো অংশৰ জ্বালা পোৰা ভাৱ নাইকীয়া কৰি পেলাব পাৰে।
Coriander Seeds is a Sure Shot Remedy for many Problems : স্বাস্থ্য বিশেষজ্ঞৰ মতে, প্ৰতিদিনে পুৱা ধনীয়াৰ গুটি তিয়াই থোৱা পানীত অলপ চেনি মিহলাই ৰঙা চাহৰ নিচিনা সেৱন কৰিলে শৰীৰৰ যিকোনো অংশৰ জ্বালা পোৰা ভাৱ নাইকীয়া কৰি পেলাব পাৰে।
Coriander Seeds is a Sure Shot Remedy for many Problems : প্ৰতিদিনে ৰাতিপুৱা ধনীয়া তিয়াই থোৱা পানী পান কৰিলে বহু কেইটা সমস্যা সমাধান হ’ব পাৰে একেলগে। চিকিৎসা শাস্ত্ৰত ধনীয়াৰ গুটি অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এচিডিটি, বুকু জ্বলা, জৰ, অতিৰিক্ত পানী পিয়াহ দূৰ কৰিবলৈ ইয়াৰ বিকল্প পোৱা টান। ১০০ শতাংশ প্ৰাকৃতিক গুণত ভৰপুৰ ধনীয়াৰ গুটি। ফলত ইয়াৰ কোনো চাইড এফেক্ট নাই। প্ৰতিদিনে পুৱা ধনীয়াৰ গুটি (Coriander Seeds) তিয়াই থোৱা পানী সেৱন কৰিলে বহু সমস্যাৰ সমাধান হ’ব পাৰে নিমিষতে।
স্বাস্থ্য বিশেষজ্ঞৰ মতে, প্ৰতিদিনে পুৱা ধনীয়াৰ গুটি তিয়াই থোৱা পানীত অলপ চেনি মিহলাই ৰঙা চাহৰ নিচিনা সেৱন কৰিলে শৰীৰৰ যিকোনো অংশৰ জ্বালা পোৰা ভাৱ নাইকীয়া কৰি পেলাব পাৰে। কোৰোণাৰ দ্বিতীয় ঢৌৰ সময়ত আয়ুস মন্ত্ৰণালয়ৰ পৰা কোৱা হৈছিল যে ধনীয়াৰ গুটি অথবা গুৰি তিয়াই থোৱা পানী চাহৰ নিচিনা কৈ সেৱন কৰিলে শৰীৰৰ যিকোনো ধৰণৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰাৰ সম্ভাৱনা আছে।
ধনীয়াৰ গুটি তিয়াই থোৱা পানীত কেলচিয়াম, ফাইবাৰ, আইৰন,মেংগানিজ, খনিজ পদাৰ্থ, বি-কেৰোটিনয়েডছ,পলিফেনলেছৰ দৰে ঔষধি গুণ থাকে। প্ৰতিদিনে এই পানী সেৱন কৰিলে বদহজম,পেটৰ বিষৰ লগতে কৃমিৰ পৰাও মুক্তি লাভ কৰিব পাৰে। কাৰোবাৰ প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা–পোৰা কৰিলে এই পানীয় সেৱন কৰিলে ৰোগ উপশমত সহায় পাব পাৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|