গৰমত আম, লিচুৰ পিছত, প্ৰথমে অহা ফলৰ নাম হৈছে কঁঠাল। খোৱাৰ দৰে সুস্বাদু, গোন্ধটোও। গৰমৰ দিনত কঁঠাল খোৱাৰ বহুতো স্বাস্থ্য উপকাৰিতা আছে। অৱশ্যে বহুলোকে এই ফলৰ গুণাগুণৰ বিষয়ে অৱগত নহয়।
কঁঠাল হৈছে পুষ্টিৰে পৰিপূৰ্ণ এক ঋতুগত ফল। গ্ৰীষ্মকালত এই ফলটো খালে বহুতো ৰোগ এনেই পলাই যায় । কঁঠালত ভিটামিন এ, চি, থাইমিন, পটাছিয়াম, কেলচিয়াম, ৰাইবোফ্লেভিন, লো, নিয়াচিন আৰু জিংক সমৃদ্ধ। কেৱল সেয়াই নহয় পকা কঁঠালত আঁহৰ মানদণ্ডও পোৱা যায়, যি হজম উন্নত কৰাত সহায় কৰে। ইয়াত থকা পটাছিয়ামে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকা হ্ৰাস কৰে আৰু যকৃত স্বাস্থ্যৱান কৰি ৰাখে।
হজম উন্নত কৰা : গ্ৰীষ্মকালত বহুলোক হজমৰ সমস্যাত ভোগে। কঁঠাল আঁহ সমৃদ্ধ ফল হোৱাৰ ফলত হজম বৃদ্ধি হয়। পেট পৰিষ্কাৰ ৰাখে। ই আলচাৰৰ সমস্যা দূৰ কৰে। ই ওজন হ্ৰাস কৰাত আৰু হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰখাত সহায় কৰে।
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে : পকা কঁঠালত ভিটামিন চি পোৱা যায়। ই এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে যি ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰে। ই আনকি কৰ্কট ৰোগ আৰু টিউমাৰৰ প্ৰতি ৰোধ বিকশিত কৰে। কঁঠালত থকা কেলচিয়ামে হাড়বোৰ শক্তিশালী কৰি ৰাখে।
হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰাখে : ৰন্ধা কঁঠাল খালে হৃদযন্ত্ৰ স্বাস্থ্যৱান হৈ থাকে। দৰাচলতে, ৰন্ধা কঁঠালত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। ই হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকা হ্ৰাস কৰে।
ওজন হ্ৰাস : কঁঠাল হৈছে ৰেচভেৰাট্ৰল নামৰ এণ্টিঅক্সিডেণ্টৰ এক ভাল উৎস। পকা কঁঠালত থকা প্ৰদাহ-প্ৰতিৰোধী গুণাগুণে মেদবহুলতা প্ৰতিৰোধ কৰাত সহায় কৰে। সেয়েহে, খালে ওজন হ্ৰাস কৰা সম্ভৱ।
যকৃত স্বাস্থ্যৱান ৰাখে : ৰন্ধা কঁঠাল খালে যকৃত স্বাস্থ্যৱান হৈ থাকে। ৰন্ধা কঁঠালত থকা পুষ্টিবোৰে যকৃতক সঠিকভাৱে কাম কৰাত সহায় কৰে।
দৃষ্টিশক্তি উন্নত কৰে : কঁঠালত যথেষ্ট ভিটামিন এ আৰু বিটা-কেৰোটিন থাকে। এই ভিটামিন এ-য়ে দৃষ্টি শক্তি বৃদ্ধি কৰাত সহায় কৰে। গতিকে আপুনি এই গৰমত ইয়াক খাব লাগিব।
ৰক্তহীনতা নিৰাময় কৰে : কঁঠাল হৈছে আইৰণৰ এক সমৃদ্ধ উৎস। এই লোয়ে তেজত লোহিত ৰক্ত কণিকা বৃদ্ধি কৰাত সহায় কৰে। সেয়েহে, চিকিৎসকে ৰক্তহীনতাত ভুগি থকা সকলক তেওঁলোকৰ আহাৰত কঁঠাল ৰাখিবলৈ পৰামৰ্শ দিয়ে।
ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে : কঁঠালত ছডিয়াম আৰু পটাছিয়াম থাকে। এই দুয়োটা উপাদানে শৰীৰৰ ইলেক্ট্ৰলাইট সন্তুলিত কৰে। ফলস্বৰূপে, ৰক্তচাপ নিয়ন্ত্ৰণত কৰে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|