ভিজাই থোৱা কেঁচা বুট শৰীৰৰ বাবে বহুতো কাৰণত উপকাৰী। কিছুমান মানুহে কেঁচা বুট খাবলৈ ভাল নেপাই, এনেকুৱাত আপুনি বুট তিয়াই থোৱা পানী (Gram water)ৰ পৰাও সহায় ল'ব পাৰে। ইও আপোনাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী হ' ব পাৰে।
ইমিউনিটি বঢ়োৱাত সহায় কৰে:ইমিউনিটি শক্তিশালী কৰিবলৈ আপুনি নিয়মিত পুৱা খালী পেটত কেঁচা বুটৰ পানী খাব পাৰে। ইয়াৰ পৰা শৰীৰত খকা বিভিন্ন ৰোগৰ পৰা নিৰাময় পাব পাৰে।
ডায়েবেটীছ নিয়ন্ত্ৰণত সহায় কৰিব:বুটৰ পানী নিয়মিত খালে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় হয়। সদায় বুটৰ পানী খালে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে যাৰ বাবে ডায়বেটিছ ৰোগীৰ কাৰণে ই বহুত উপকাৰী।
ওজন কমোৱাত সহায় কৰে:ওজন হ্ৰাস কৰিবলৈও আপুনি বুটৰ পানী খাব পাৰে। এই পানী খালে ভাগৰ আৰু শৰীৰৰ দুৰ্বল ভাব হ্ৰাস পায় আৰু বহু সময়লৈ পেট ভৰি থকা যেন অনুভব হৈ থাকে।।
হজম শক্তি বৃদ্ধি কৰে:বুটৰ পানী পুৱা খালী পেটত খালে পাচন শক্তি বঢ়ায়।ই কৌষ্ঠ কাঠিন্য দূৰ কৰে আৰু পেট চাফা কৰাত যথেষ্টসহায় কৰে। ইয়াৰ লগতে বুটৰ পাানীয়ে গেছৰ সমস্যাও দূৰ কৰে।
ছাল পৰিষ্কাৰ কৰে:ছালৰ আভ্যন্তৰীণ স্তৰ পৰিষ্কাৰ কৰাত বুটৰ পানীয়ে সহায় কৰে। ই স্কিন সম্বন্ধীয় যিকোনো সমস্যা দূৰ কৰিব পাৰে আৰু প্ৰাকৃতিকভাবে আপোনাৰ সৌন্দৰ্য্য বৃদ্ধিত সহায় কৰিব পাৰে।
.
(Disclaimer:এই প্ৰবন্ধৰ সকলো তথ্য সাধাৰণ বিশ্বাসৰ ওপৰত নিৰ্ধাৰিত। নিউজ১৮- অসম, এই তথ্যবোৰ নিশ্চিত নকৰে। এইবোৰ কাৰ্য্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ লগত যোগাযোগ কৰিব।)Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|