সেউজীয়া পাঁচলিৰ ভিতৰত ব্ৰকলিৰ আছে বহু কেইটা মহৌষধী গুণ। বৰ্তমান বহুতে ব্ৰকলিক নিজৰ নিয়মিত খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। বহু কেইটা মাৰাত্মক ৰোগৰ প্ৰতিকাৰক ৰূপেও চিহ্নিত হৈছে ব্ৰকলি।
কৰ্কট ৰোগ প্ৰতিৰোধক– মৰাত্মক কৰ্কট ৰোগ প্ৰতিৰোধ কৰে ব্ৰকলিয়ে। কেন্সাৰ চেল গ্ৰুথ হোৱাত বাধা প্ৰধান কৰে ব্ৰকলিয়ে। দেহত কৰ্কট ৰোগ সৃষ্টিৰ অন্যতম কাৰক এচট্ৰ’জেন কম কৰাৰ গুণ আছে ব্ৰকলিৰ। স্তন কৰ্কট আৰু জৰায়ুৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে অতি উপযোগী ব্ৰকলি।
থাইৰয়ডৰ সমস্যা নিয়ন্ত্ৰণ কৰে–যদি আপুনি এই সমস্যাৰ পৰা আঁতৰি থাকিব খোজে তেন্তে নিয়মীয়াভাৱে গ্ৰহণ কৰক ব্ৰকলি। কাৰণ ব্ৰকলিত আয়দিন আৰু ফাইবাৰৰ মাত্ৰা অধিক থাকে। যিয়ে আপোনাক থাইৰয়ডৰ ৰোগৰ পৰা আঁতৰত ৰাখিব আৰু সুস্বাস্থ্যবান কৰি ৰখাত সহায় কৰিব।
কলেষ্টেৰ’লৰ পৰিমাণ হ্ৰাস কৰে– ব্ৰকলিত আয়দিন আৰু ফাইবাৰৰ মাত্ৰা অধিক থাকে। যি তেজত কলেষ্টেৰ’লৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে।
এলাৰ্জিৰ লগতে সংক্ৰমণ প্ৰতিৰোধৰ বাবেও উপযোগী ব্ৰক’লি। ব্ৰক’লিত Omega3 Fatty Acid থাকে। লগতে হৃদ ৰোগ নিৰাময়ৰ বাবেও প্ৰয়োজনীয় ব্ৰ’কলি।
হাড় মজবুত কৰাত সহায় কৰে– ব্ৰক’লিত কেলছিয়াম, ভিটামিন k থাকে। লগতে ব্ৰক’লিত মেগনেছিয়াম, জিংক, Phosphorous থাকে।
হৃদৰোগৰ বাবেও উপযোগী ব্ৰকলি।
চকু ভালে ৰখাতো সহায় কৰে ব্ৰ’কলিয়ে।
চাল ভালে ৰাখে। ভিটামিন C, ক’পাৰ, জিংক অত্যাধিক পৰিমাণে থাকে ব্ৰক’লিত।
ব্ৰক’লি এণ্টি এজিং– ব্ৰক’লিত ভিটামিন C থাকে। যি বয়সৰ চাপ বহুখিনি নিয়ন্ত্ৰণ কৰে। শৰীৰত Fine Line, Wrinkles, বিভিন্ন চৰ্ম জনিত সমস্যা ৰোধৰ বাবে উপযোগী ব্ৰ’কলিৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|