মাংকীপক্স (Monkeypox)ৰ পৰা সতৰ্কতামূলক ব্যৱস্থা হিচাপে শিশুৰ কেইটামান লক্ষণৰ ওপৰত অভিভাৱকসকলে চকু ৰাখিব লাগে।
জীৱ-জন্তুৰ পৰা মানুহলৈ বিয়পিব পৰা এবিধ সংক্ৰামক ৰোগ হৈছে মাংকীপক্স। ভাইৰাছজনিত সংক্ৰমণ স্মলপক্স (Smallpox)ৰ সৈতে যথেষ্ট মিল আছে মাংকীপক্সৰ। কেইখনমান দেশত মাংকীপক্সক মাৰিমৰক বুলি ঘোষণা কৰা হৈছে আৰু শেহতীয়াকৈ এই ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।
মাংকীপক্সৰ লক্ষণসমূহ সাধাৰণতে ইমান গুৰুতৰ নহয়। প্ৰাপ্তবয়স্কৰ কথা ক’বলৈ গ’লে ইয়াত বিশেষ চিন্তা কৰিবলগীয়া নাই। কিন্তু কিছুমান ক্ষেত্ৰত ই শিশুৰ বাবে মাৰাত্মক হ’ব পাৰে।
দিল্লীৰ এইমছ (Delhi AIIMS)ৰ চিকিৎসা বিভাগৰ অতিৰিক্ত অধ্যাপক পীয়ুষ ৰঞ্জনৰ মতে, ক’ভিড-১৯ ভাইৰাছ (Covid19 Virus)ৰ তুলনাত মাংকীপক্স ভাইৰাছৰ সংক্ৰমণ অতি কম হোৱাৰ বাবে চিন্তাৰ কোনো কাৰণ নাই। অৱশ্যে শিশুৰ বাবে মাংকীপক্স মাৰাত্মক হ’ব পাৰে বুলি সকীয়াই দিয়ে চিকিৎসক গৰাকীয়ে।
মাংকীপক্সৰ লক্ষণসমূহৰ লগতে স্মলপক্সৰ লক্ষণসমূহ একেধৰণৰ। সাধাৰণতে শিশুকে ধৰি আক্ৰান্ত ব্যক্তিৰ মাজত অস্বস্তি, জ্বৰ, ফোহা, লিম্ফ ন’ড ফুলা আৰু ঠাণ্ডা লগা (discomfort, fever, rashes, swollen lymph nodes and chills)ৰ লক্ষণ দেখা যায়।
শিশুৰ তলত উল্লেখ কৰা লক্ষণসমূহৰ প্ৰতি অভিভাৱকসকল সজাগ হোৱা উচিত।
ফোহা: শিশুটি সংক্ৰমিত হোৱাৰ পিছত দ্বিতীয় বা তৃতীয় দিনা এইবোৰ দেখা দিয়ে। সাধাৰণতে ফোহাবোৰ প্ৰথমে মুখমণ্ডলত লক্ষ্য কৰি হাত, তলুৱা আৰু ভৰিলৈ বিয়পি পৰে। বেছিভাগ ফোহা প্ৰায়ে তৰল পদাৰ্থৰে ভৰি পৰে।
জ্বৰ: মাংকীপক্স ৰোগীৰ মাজত প্ৰাপ্তবয়স্কৰ তুলনাত শিশুৰ জ্বৰ হোৱাৰ সম্ভাৱনা বেছি। শিশুৰ জ্বৰ লক্ষ্য কৰাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱাটো সদায় বাঞ্ছনীয়।
সন্তানক সুৰক্ষা দিবলৈ তলত দিয়া সাৱধানতা অৱলম্বন কৰিব লাগে।১) আপোনাৰ শিশুটিক বান্দৰ আৰু ৰুগীয়া জীৱ-জন্তুৰ সংস্পৰ্শলৈ অহাৰ পৰা ৰক্ষা কৰক। লগতে শিশুসকলক মৰা জীৱ-জন্তু থকা অঞ্চলবোৰলৈ যোৱাটো বন্ধ কৰক।
২) সম্পূৰ্ণ সিজোৱা মাংসহে সেৱন কৰিব লাগে
৩) শিশু যাতে আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ নাহে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে
৪) চাবোন-পানীৰে হাত ধুই ল’ৰা-ছোৱালীক পৰিষ্কাৰ কৰি ৰাখিবলৈ পৰামৰ্শ দিব লাগে
৫) শিশুৰ বাবে এলকহলযুক্ত ছেনিটাইজাৰ (sanitisers) ব্যৱহাৰ কৰিব লাগে
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|