আমি গ্ৰীষ্মকালত (Summer) নেমু অত্যধিক ব্যৱহাৰ কৰোঁ। গৰমৰ দিনত আহাৰৰ তালিকাত নিশ্চয় আপোনাৰো প্ৰিয় নেমু। পুৱা, গধূলি অথবা দুপৰীয়াৰ আহাৰৰ তালিকাত নেমু নাথাকিলে বহুতৰ বাবে আকৌ অসম্পূৰ্ণ হৈ থাকে ভাতৰ কাঁহী। ই আঙুৰ, কমলাৰ দৰে এক টেঙাজাতীয় ফল। ইয়াক সাধাৰণতে কেৱল ৰসৰ বাবে ব্যৱহাৰ কৰা হয় আৰু আমি বাকী থকা বাকলিবোৰ পেলাই দিওঁ। কিন্তু হেল্পলাইনৰ এক প্ৰতিবেদন অনুসৰি, গৱেষণাত দেখা গৈছে যে নেমুৰ বাকলিৰ (Lemon Peel) বহুতো গুণাগুণ আছে। ইয়াত বহুতো উপাদান থাকে, যিবোৰ স্বাস্থ্যৰ বাবে অতি উপযোগী।
নেমুৰ বাকলিত যথেষ্ট পৰিমাণে আঁহ আৰু ভিটামিন চি থকাই নহয় লগতে কেলচিয়াম, পটাছিয়াম আৰু মেগনেছিয়ামো থাকে। তদুপৰি ইয়াত এটা ডি লিমোনেন উপাদান থাকে, যি ইয়াৰ গোন্ধ সৃষ্টি কৰে আৰু স্বাস্থ্যক যথেষ্ট প্ৰভাৱিত কৰে। আপুনি সচৰাচৰ খাদ্যৰ লগত নেমুৰ ৰস খাই পেলাই দিয়া বাকলিটো আমাৰ স্বাস্থ্যৰ বাবে কিমান উপযোগী সেই সম্বন্ধে জানো আহক–
নেমুৰ বাকলিৰ লাভালাভ
১. ৰোগৰ পৰা সুৰক্ষিত কৰে দাঁত
নেমুৰ বাকলিত বহুতো এণ্টিবেক্টেৰিয়েল উপাদান থাকে যি দাঁতত গহ্বৰ আৰু বিভিন্ন সংক্ৰমণৰ পৰা ইয়াক সুৰক্ষিত কৰি ৰাখে। এটা গৱেষণাত পোৱা মতে, নেমুৰ বাকলিত থকা শক্তিশালী এণ্টিবেক্টেৰিয়েল উপাদানে মুখৰ ৰোগ সৃষ্টি কৰা বেক্টেৰিয়া নাশ কৰিবলৈ সক্ষম।
২. এণ্টিঅক্সিডেণ্ট গুণাগুণ সমৃদ্ধ
নেমুৰ দৰে ইয়াৰ বাকলিতো যথেষ্ট এণ্টিঅক্সিডেণ্ট গুণ থাকে। এইটো এটা উদ্ভিদৰ উপাদান, যি শৰীৰৰ কোষৰ ক্ষতি সুৰক্ষিত কৰে। ভিটামিন চি আৰু ডি লাইমোনিনৰ দৰে এণ্টিঅক্সিডেণ্টে আমাক হৃদৰোগৰ দৰে আন বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰে। কেৱল সেয়াই নহয়, ই আমাৰ ছালত বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াও মন্থৰ কৰে। নেমুৰ বাকলিত থকা এণ্টিঅক্সিডেণ্টবোৰে ছালক বিষমুক্ত কৰে আৰু ছালৰ যত্ন লয়। নেমুৰ বাকলিয়ে ছালক শেঁতা পৰা, ব্ৰণ, পিগমেন্টেচন আৰু গাঢ় দাগৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে।
৩. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
নেমুৰ বাকলি খোৱাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। খাদ্যত ইয়াক ব্যৱহাৰ কৰিলে ঋতুকালীন ফ্লু, কাহ, চৰ্দি আদিৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰি। গৱেষণাত দেখা গৈছে যে প্ৰতিদিনে একৰ পৰা দুই গ্ৰাম ভিটামিন চি সেৱনে কমন ক'ল্ডৰ সম্ভাৱনা ৮ শতাংশ হ্ৰাস কৰে।
৪. হৃদযন্ত্ৰৰ বাবে উপকাৰী
কিছুসংখ্যক গৱেষণাত দেখা গৈছে যে নেমুৰ বাকলি গ্ৰহণৰ ফলত হৃদযন্ত্ৰ স্বাস্থ্যৱান হৈ উঠে। ইয়াত থকা ডি লিমোনেনে ৰক্ত শৰ্কৰা আৰু বেয়া কলেষ্ট'ৰেল নিয়ন্ত্ৰণ কৰে আৰু ভাল কলেষ্ট'ৰেল বৃদ্ধি কৰাত সহায় কৰে, যাৰ জৰিয়তে হৃদযন্ত্ৰই সুন্দৰকৈ কাৰ্য সম্পাদন কৰিব পাৰে।
৫. অন্যান্য ব্যৱহাৰ
-আপুনি ইয়াক বগা ভিনেগাৰৰ সৈতে যোগ দি সকলোধৰণৰ চাফ-চিকুণতাৰ ক্ষেত্ৰত (All purpose cleaner) ব্যৱহাৰ কৰিব পাৰে।
-যদি ফ্ৰিজৰ পৰা বেয়া গোন্ধ ওলাই আছে, তেন্তে ফ্ৰিজৰ দুৱাৰত নেমুৰ বাকলি ৰাখক, ই গোন্ধ নোহোৱা কৰিব।
-আপুনি ইয়াক কেটলী পৰিষ্কাৰ কৰিবলৈও ব্যৱহাৰ কৰিব পাৰে। কেটলীত পানী আৰু নেমুৰ বাকলি যোগ দিয়ক আৰু অলপ সময় উতলিবলৈ দিয়ক।
-নেমুৰ বাকলি আপুনি চেনি, জলফাই তেলৰ সৈতে মিহলি কৰি ব'ডী স্ক্ৰাবৰ দৰে ব্যৱহাৰ কৰিব পাৰে।
-নেমুৰ বাকলিৰ পাউদাৰ, চাউলৰ গুড়ি আৰু ঠাণ্ডা গাখীৰ মিহলাই এটা পেষ্ট বনাওক আৰু মুখত ব্যৱহাৰ কৰক। এই পেষ্টে আপোনাৰ ছালখন পৰিষ্কাৰ কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।