মুখ্যপৃষ্ঠা »খবৰ »স্বাস্থ্য »Health | Food Poisoning: আমেৰিকাৰ পুষ্টিবিদৰ মতে বিহৰ সম এই ৬বিধ খাদ্য, ইয়াৰে এবিধ প্ৰতিদিনে ভাৰতৰ সকলো ঘৰতে খোৱা হয়

Health | Food Poisoning: আমেৰিকাৰ পুষ্টিবিদৰ মতে বিহৰ সম এই ৬বিধ খাদ্য, ইয়াৰে এবিধ প্ৰতিদিনে ভাৰতৰ সকলো ঘৰতে খোৱা হয়

ৰাস্তাৰ ষ্টলবোৰৰ পৰা লোৱা খাদ্যৰ বাবেই কেৱল নহয়, আপুনি কেতিয়াও নভবা চাউল আৰু মাংসৰ বাবেও খাদ্য বিষক্ৰিয়া হ'ব পাৰে।

ৰাস্তাৰ ষ্টলবোৰৰ পৰা লোৱা খাদ্যৰ বাবেই কেৱল নহয়, আপুনি কেতিয়াও নভবা চাউল আৰু মাংসৰ বাবেও খাদ্য বিষক্ৰিয়া হ'ব পাৰে।

ৰাস্তাৰ ষ্টলবোৰৰ পৰা লোৱা খাদ্যৰ বাবেই কেৱল নহয়, আপুনি কেতিয়াও নভবা চাউল আৰু মাংসৰ বাবেও খাদ্য বিষক্ৰিয়া হ'ব পাৰে।

  • Share this:
খাদ্যৰ বিষক্ৰিয়া এটা গুৰুতৰ সমস্যা। ই আপোনাৰ ভুলক্ৰমে বা কোনো লেতেৰা খাদ্যৰ বাবে হোৱা আশংকা থাকে। কিন্তু দৈনিক খোৱা কিছুমান খাদ্যৰ বাবেও খাদ্যত বিষক্ৰিয়া হ'ব পাৰে। এইটো সঁচা যে ৰাস্তাৰ ষ্টলবোৰৰ পৰা লোৱা খাদ্যৰ বাবেই কেৱল নহয়  আপুনি কেতিয়াও নভবা চাউল আৰু মাংসৰ বাবেও খাদ্য বিষক্ৰিয়া (food poisoning) হ'ব পাৰে।

খাদ্যৰ বিষক্ৰিয়া কি? ই হৈছে দূষিত খাদ্য গ্ৰহণ কৰাৰ ফলত হোৱা এক স্বাস্থ্যৰ স্থিতি, য'ত ভুক্তভোগীয়ে ক্ৰেম্প, ওকালি অহা, বমি বা ডায়েৰিয়াৰ দৰে লক্ষণ দেখিব পাৰে। এনে বিষক্ৰিয়াৰ ফলত মানুহ মৃত্যুমুখতো পৰে (foodborne illness)। গতিকে যেতিয়া স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ কথা আহে, খাদ্য সামগ্ৰীবোৰ বেছি সময় মুকলিত নাৰাখিব, খোৱাৰ আগতে ফলবোৰ ধুব বা গৰম পানীত উতলাব লাগে। খাদ্যৰ বিষক্ৰিয়া পৰিহাৰ কৰিবলৈ কিন্তু ইয়েই যথেষ্ট নহয়।

এজন বিখ্যাত আমেৰিকান পুষ্টিবিদ, কোৰী এল ৰড্ৰিগেজে তেওঁৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। তেওঁ বৰ্ণনা কৰিছে কোনবোৰ খাদ্যৰ পৰা বিষক্ৰিয়া হোৱাৰ আশংকা অধিক থাকে। তেওঁ এইটোও বৰ্ণনা কৰিছে যে আপুনি কেনেকৈ সংক্ৰমিত হোৱাৰ বৰা বাচি থাকিব পাৰে। খাদ্য বিষক্ৰিয়া হোৱাৰ এই তালিকাত চাউলো আছে, যিটো ভাৰতৰ প্ৰতি ঘৰতে প্ৰতিদিনে খোৱা হয়।

মাংস
আমেৰিকান পুষ্টিবিদজনে আঙুলিয়াই দিছিল কমকৈ পগোৱা মাংস খাদ্য বিষক্ৰিয়াৰ আটাইতকৈ ডাঙৰ কাৰণ। আপুনি যিকোনো মূল্যতে কমকৈ পগোৱা মাংস খোৱা উচিত নহয়। ইয়াত এনে কিছুমান বেক্টেৰিয়া থাকে, যি ভালদৰে ৰন্ধাৰ দ্বাৰাহে আঁতৰ কৰিব পাৰি।

তৰমুজ
গৰমৰ দিন। গতিকে তৰমুজ এতিয়া চাৰিওফালে। ব্যৱসায়ীয়ে তৰমুজবোৰ কাটি থোৱা দেখা যায় আৰু আপুনিও হয়তো কাটি টিফিনত পেক কৰে। এনে কাৰ্যই তৰমুজত খাদ্যৰ বিষক্ৰিয়াৰ আশংকা বৃদ্ধি কৰিব পাৰে। এই বস্তুবোৰ সেয়ে এবাৰ কাটি দিয়াৰ পিছত ফ্ৰিজত নাৰাখিব।

চাউল
ভাৰতৰ লোকসকল চাউলৰ ওপৰত নিৰ্ভৰশীল। খাদ্যৰ বিষক্ৰিয়া পৰিহাৰ কৰিবলৈ আপুনি ৰন্ধা চাউল এঘণ্টাৰ ভিতৰতে ফ্ৰিজত ৰাখিব লাগে। ইয়াক বেছি সময় বাহিৰত ৰাখিব নালাগে। সাধাৰণতে আমি বাহিৰত থোৱা বাহী ভাত খোৱা পৰিহাৰ কৰা উচিত। ই খাদ্য বিষক্ৰিয়াৰ অন্যতম কাৰক হৈ উঠিব পাৰে।




পাত কবি
যেতিয়া ইয়াক চালাড হিচাপে ব্যৱহাৰ কৰা হয়, খাদ্যৰ বিষক্ৰিয়াৰ আশংকা বৃদ্ধি কৰিব পাৰে। যদিহে ইয়াৰ বাহিৰৰ পাতবোৰ ভালদৰে আঁতৰাই নেপেলাই।

গজালি মেলা বুট বা মগু

গজালি মেলা বুট বা মগু অতি লাভজনক পুষ্টিকৰ খাদ্য বুলি গণ্য কৰা হয়। কিন্তু আপুনি সদায় ইয়াক খোৱাৰ আগেয়ে এবাৰ গৰম পানীত তিয়াই গ্ৰহণ কৰা দৰকাৰ। কিয়নো গজালি মেলা বুট বা মগু নোধোৱাকৈ খালে আপোনাৰ স্বাস্থ্যৰ হানি হব পাৰে।

শেহতীয়া বাতৰি