বতৰৰ ফল কঁঠাল বহুতৰে প্ৰিয়। মানুহে পকা কঁঠালৰ উপৰি কেঁচা কঁঠালৰ পাচলি আৰু ইয়াৰ আচাৰ বহুত ভাল পায়। স্বাস্থ্যৰ দিশতো লাভালাভ থকা কঁঠালৰ পুষ্টিৰ বিষয়ে ক'বলৈ গ'লে ইয়াত আঁহ, পটাছিয়াম, কাৰ্বোহাইড্ৰেট আৰু ভিটামিন এ, চি আৰু বি, থিয়ামিন, পটাছিয়াম, কেলচিয়াম আদি থাকে, যি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি বহুতো ৰোগ আঁতৰাই ৰাখে। ইয়াৰ বাহিৰেও কঁঠালৰ গুটিত কেলচিয়াম, জিংক আৰু ফছফৰাছৰ দৰে পুষ্টিও থাকে।
কঁঠালে (Jackfruit) হৃদৰোগৰ পৰাও আঁতৰাই ৰাখে আৰু ৰক্তহীনতা অৰ্থাৎ তেজৰ অভাৱৰ ফলত হোৱা ৰোগ প্ৰতিৰোধ কৰে। কিন্তু যদি আপুনি সঠিক ধৰণে কঁঠাল নাখায়, তেন্তে স্বাস্থ্যৰো ক্ষতি (Harm) হ'ব পাৰে।
আয়ুৰ্বেদৰ মতে, কঁঠাল খাওঁতে কিছুমান সাৱধানতা অনুসৰণ কৰা প্ৰয়োজন। গতিকে জানি লওক কঁঠাল খোৱাৰ পিছত কি কি পৰিহাৰ কৰিব লাগে।
কঁঠাল খোৱাৰ পিছত কেতিয়াও নাখাব লগা ৫ টা বস্তুগাখীৰ
কঁঠাল খোৱাৰ পিছত গাখীৰ কেতিয়াও খাব নালাগে। কেৱল এয়াই নহয়, গাখীৰ খোৱাৰ পিছতো কঁঠাল খোৱাটো স্বাস্থ্যৰ বাবে বিপজ্জনক হ'ব পাৰে। দুয়োটা ওপৰাউপৰিকৈ সেৱন কৰিলে ছাল সম্পৰ্কীয় গুৰুতৰ ৰোগ হ'ব পাৰে। লগতে হজমৰ সৈতে সম্পৰ্কিত ৰোগৰ আশংকাও থাকিব পাৰে।
মৌ
যদি আপুনি কঁঠালৰ সৈতে মৌ সেৱন কৰে, তেন্তে ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। কঁঠাল খোৱাৰ পিছত মৌ খোৱাৰ ফলত শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হ'ব পাৰে। বিশেষকৈ ৰন্ধা কঁঠাল খোৱাৰ পিছত মৌ খাব নালাগে।
অমিতা
কঁঠালৰ পাচলি বা ৰন্ধা কঁঠাল খোৱাৰ পিছত কেতিয়াও অমিতা নাখাব। এনে কৰিলে শৰীৰত প্ৰদাহৰ সমস্যা হ'ব পাৰে।
সুৰাপান কৰা
বহু লোকৰ আহাৰৰ পিছত পান কৰাৰ অভ্যাস আছে। ৰন্ধা কঁঠাল খোৱাৰ পিছত পান কৰিলে শৰীৰত নতুন কেতবোৰ সমস্যা হ'ব পাৰে।
ভেণ্ডি
যদি আপুনি একে সময়তে কঁঠাল আৰু ভেণ্ডি পাচলি খাই আছে, তেন্তে ইয়াৰ পৰা দূৰত থাকক। এই দুয়োটা একেলগে খালে শৰীৰৰ বহুতো সমস্যা বিশেষকৈ ছালৰ সমস্যা, বগা দাগৰ সমস্যা হ'ব পাৰে।
Published by: Gautam Barman
FIRST PUBLISHED : February 27, 2022, 19:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|