Mango Side Effects : ফলৰ ৰজা আমক কোনে ভাল নাপায়? গৰম অহাৰ লগে লগেই সকলোৱে মোনা ভৰাই আম আনে আৰু আনন্দেৰে আমৰ জুতি লয় । আম এবিধ এনে ফল, যি সোৱাদযুক্ত হোৱাৰ লগতে আমাৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী । আমৰ বিশেষত্ব হৈছে যে বজাৰত ইয়াৰ বহু প্ৰকাৰ যেনে চৌচা, দশাহাৰী, টোটাপুৰী, লাংৰা আদি উপলব্ধ, যিবোৰৰ যথেষ্ট চাহিদা আছে। ইয়াক সকলো বয়সৰ মানুহে খায়। ইয়াত যথেষ্ট পৰিমাণৰ ভিটামিন, খনিজ, আইৰণ আদি থাকে, যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কিন্তু যদিহে ইয়াক অধিক পৰিমাণে সেৱন কৰা হয়,তেন্তে ইয়ে আমাৰ শৰীৰতো বেয়া প্ৰভাৱো পেলাব পাৰে।
মেডিকেল নিউজ টুডেৰ মতে, যদিহে ইয়াৰ অধিক সেৱন কৰা হয়,তেন্তে আপুনি উচ্চ কলেষ্টেৰল, মেদবহুলতা আৰু ডায়েবেটিচৰ দৰে সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে।
বৃদ্ধি হ'ব পাৰে আপোনাৰ ওজন -
যদি আপুনি অত্যাধিক আম খায়, ইয়াৰ ফলত আপোনাৰ ওজন বৃদ্ধি হ'ব পাৰে। দৰাচলতে, আমত যথেষ্ট পৰিমাণে কেলৰি থাকে । এই ক্ষেত্ৰত, যদি আপুনি দৈনিক এই কেলৰিবোৰ দহন কৰে, আপোনাৰ ওজন বৃদ্ধি নহ'ব । কিন্তু যদি আপুনি বহি আম খায়, ই নিশ্চিতভাৱে আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে।
শৰীৰত পিম্পল ওলোৱা সমস্যা হ'ব পাৰে -
অধিক আম খালে শৰীৰত পিম্পল গুটি ওলোৱাৰ লগতে মুখত পিম্পলৰ সমস্যা হ'ব পাৰে। আয়ুৰ্বেদে কৈছে যে মিঠা ফলৰ অত্যাধিক সেৱনৰ ফলত ছালত চোকোৰা পৰাৰ অভিযোগ হয়। এই ক্ষেত্ৰত অলপ চিন্তা কৰিহে আম খাব।
পেটৰ অসুখৰ অভিযোগ -
আম এনে এবিধ ফলত, য'ত যথেষ্ট পৰিমানে ফাইবাৰ থাকে। যদি আপুনি অত্যাধিক আম খাই আছে, ই আপোনাৰ পাচন প্ৰক্ৰিয়া প্ৰয়োজনতকৈ অধিক দ্ৰুত কৰিব পাৰে, যাৰ ফলত পেটৰ অসুখ হ'ব পাৰে।
Blood Sugarত প্ৰভাৱ পেলাব পাৰে -
আমৰ ভিতৰত প্ৰাকৃতিক মিঠা থাকে। এই ক্ষেত্ৰত, যদি আপুনি অধিক আম খায়, ইয়ে তেজত Sugarৰ স্তৰ বৃদ্ধি কৰিব পাৰে। যদিহে আপুনি ডায়েবেটিচ ৰোগী, তেন্তে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ আম একেবাৰে নাখাব।
এলাৰ্জিৰ অভিযোগ-
কেতিয়াবা মানুহে আম খোৱাৰ পিছত ওঁঠৰ কাষ জ্বলিবলৈ আৰম্ভ কৰে। এই ক্ষেত্ৰত, আম খোৱাৰ আগতে সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰিব আৰু সঠিক পৰিমাণৰ আম খাব।
আম খোৱাৰ সঠিক সময় কি জানি লওক -
ৰাতিপুৱাৰ আহাৰত বা দুপৰীয়াৰ আহাৰৰ পিছত আম খাবলৈ চেষ্টা কৰক। ৰাতিপুৱা আম খোৱাটোৱে আপোনাক গোটেই দিনটো শক্তি প্ৰদান কৰিব। ৰাতিৰ আহাৰৰ পিছত আম খালে আপোনাৰ টোপনি প্ৰভাৱিত হ'ব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|