এয়া জৰুৰী নহয় যে সকলো সামগ্ৰীয়ে ফ্ৰীজত ৰাখিব লাগিব। কিছুমান এনে সামগ্ৰীও আছে যিবোৰ ফ্ৰীজত ৰাখিলে নষ্ট হৈ যায় আৰু স্বাস্থ্যৰ পক্ষে হানকাৰক হৈ পৰে।
এয়া জৰুৰী নহয় যে সকলো সামগ্ৰীয়ে ফ্ৰীজত ৰাখিব লাগিব। কিছুমান এনে সামগ্ৰীও আছে যিবোৰ ফ্ৰীজত ৰাখিলে নষ্ট হৈ যায় আৰু স্বাস্থ্যৰ পক্ষে হানকাৰক হৈ পৰে।
ৰেফ্ৰিজাৰেটৰ অৰ্থাৎ ফ্ৰীজ আজিকালি প্ৰতিঘৰৰে প্ৰয়োজন হৈ পৰিছে। ঠাণ্ডাই হওক বা গৰমেই হওক, সকলো সময়তে ফ্ৰীজত খাদ্য সামগ্ৰী জমা কৰি ৰাখো আমি। খাদ্য সামগ্ৰী, পাচলি, ফল–মূল, গাখীৰকে ধৰি সকলো খাদ্য সামগ্ৰী আমি ফ্ৰীজত ৰখাটো অভ্যাস। কিন্তু এয়া জৰুৰী নহয় যে সকলো সামগ্ৰীয়ে ফ্ৰীজত ৰাখিব লাগিব। কিছুমান এনে সামগ্ৰীও আছে যিবোৰ ফ্ৰীজত ৰাখিলে নষ্ট হৈ যায় আৰু স্বাস্থ্যৰ পক্ষে হানকাৰক হৈ পৰে।
কল
কল ফ্ৰীজত ৰাখিব নালাগে। ঠাণ্ডাই হওক বা গৰমেই হওক, কল ৰুমৰ তাপমানতে ৰাখিব লাগে। যদি আপুনি কল ফ্ৰীজত ৰাখে তেন্তে ই সোনকালে নষ্ট হ’বলৈ ধৰে আৰু সোনকালে ক’লা পৰে।
মৌ
মৌ ফ্ৰীজত ৰাখিব নালাগে। আচলতে কম তাপমানত ৰাখিলে মৌ ক্ৰিষ্টেল হ’বলৈ লয় আৰু ইয়াৰ প্ৰাকৃতিক সোৱাদ নষ্ট হ’বলৈ লয়। যিকোনো বতৰত মৌ ৰুম টেম্পেৰেচাৰত ৰখাৰ চেষ্টা কৰক।
আলু
আলু ফ্ৰীজত ৰাখিব নালাগে। যদি আপুনি আলু ফ্ৰীজত ৰাখে তেন্তে ইয়াত থকা ষ্টাৰ্চ ছুগাৰলৈ পৰিণত হয় আৰু ই স্বাস্থ্যৰ পক্ষে হানিকাৰক। ডায়েবেটিছ ৰোগীৰ বাবে এনে আলু বহুত বিপজ্জনক হ’ব পাৰে। সেইবাবে আলু সদায় সামান্য তাপমানত ৰাখিব লাগে।
বিলাহী
অধিক সংখ্যক লোকে বিলাহী ফ্ৰীজত ৰাখে। ইয়াৰ কাৰণ হ’ল যাতে বিলাহী সোনকালে পচি নাযায়। কিন্তু বহুতেই নাজানে যে ফ্ৰীজত বিলাহী সোনকালে নষ্ট হয়। ইয়াৰ ওপৰৰ অংশ গলিবলৈ ধৰাৰ লগে লগে বিলাহীৰ সোৱাদত ফ্ৰীজৰ তাপমানৰ প্ৰভাৱ পৰে, সোৱাদৰ লগতে বিলাহীৰ ৰঙো সলনি হয়।
আম
আম ফ্ৰীজত ৰাখিব নালাগে। কিয়নো ঠাণ্ডাত আমত থকা এণ্টি অক্সিডেণ্ট শেষ হৈ যায়। সেয়ে আম সাধাৰণভাৱেই ৰখাৰ চেষ্টা কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|