Foods that increase cancer Risk: কেঞ্চাৰৰ নাম শুনিলে প্ৰতিজন লোকৰেই বুকু কঁপি উঠে। প্ৰতি বছৰ বিশ্বত লাখ লাখ লোক কেঞ্চাৰত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে। কেঞ্চাৰ বিভিন্ন প্ৰকাৰৰ থাকে। ইয়াৰ লক্ষণবোৰ চিনাক্ত কৰি যদি সোনকালেই চিকিৎসা কৰা নহয় তেন্তে ই মৃত্যুৰ কাৰণো হ'ব পাৰে। কিন্তু বৰ্তমান সময়ত কেঞ্চাৰ বৃদ্ধি পোৱাৰ মূল কাৰণ হৈছে মানুহৰ অস্বাস্থ্যকৰ খাদ্য আৰু উচ্ছৃংখল জীৱনশৈলী। কিছুমান খাদ্য আছে যিবোৰ খালে কেঞ্চাৰ হোৱাৰ আশংকা বাঢ়ি যায়। জানো আহক কোনবোৰ খাদ্য (Worst Cancer Causing Foods)ৰ পৰা আপুনি আঁতৰি থাকিলে কেঞ্চাৰৰ দৰে ৰোগৰ পৰা বাচি থাকিব পাৰিব।
ৰেড মীট আৰু প্ৰ'চেছড ফুডছHealth Diet US Newsত প্ৰকাশিত এক ৰিপোৰ্ট অনুসৰি নিৰামিষ খোৱা লোকসকলৰ ভিতৰত যিসকলে ৰেড মীট আৰু প্ৰ'চেছড ফুডছ অধিক পৰিমাণত খায় সেই লোকসকলৰ কেঞ্চাৰ হোৱাৰ আশংকা বাঢ়ি যায়। ৰেড মীটৰ ভিতৰত পৰে ছাগলীৰ মাংস, গো মাংস, গাহৰি মাংস আদি। আনহাতে হট ডগ, হেম, বেকন আদিত ব্যৱহাৰ কৰা হয় প্ৰ'চেছড ফুডছ। বহু দিনলৈ ভালে ৰাখিবলৈ প্ৰচেছড মাংসত অধিক পৰিমাণত নিমখ আৰু অন্য ৰাসায়নিক মিহলোৱা হয় যিবোৰৰ অধিক সেৱনে কেঞ্চাৰৰ কাৰক হৈ পৰে। সেয়ে এনেধৰণৰ খআদ্য খোৱাৰ পৰা আঁতৰি থকাই ভাল।
অধিক পৰিমাণত সুৰাপান নকৰিবকিছুমান লোক আছে যি সকলে এদিনে সুৰা পান নকৰাকৈ থাকিব নোৱাৰে। কিন্তু অধিক সুৰা পানে মুখ, ফেৰিংছ, খাদ্যনলী, লিভাৰ, কোলোৰেক্টল, স্তন, অগ্নাশয়ৰ কেঞ্চাৰ আদিৰ কাৰণ হ'ব পাৰে। সুৰাই শৰীৰত ডিএনএৰ ক্ষতি কৰিব পাৰে।
প্ৰ'চেছড আৰু পেকেজড খাদ্যও ক্ষতিকাৰকঅধিক পৰিমাণত প্ৰ'চেছড আৰু পেকেজড খাদ্য খালেও নানা ধৰণৰ কেঞ্চাৰৰ কাৰক হ'ব পাৰে। আজিকালি যুৱক-যুৱতীসকলে এনেধৰণৰ খাদ্যৰ প্ৰতি অধিক আকৰ্ষিত হৈ পৰিছে। মাইক্ৰোৱেভ পপকৰ্ণ, স্নেক্স, কোল্ড ড্ৰিংকছ, ছুগাৰী ছিৰিয়লছ, ৰেডী টু ইট মীল, পেকেজড বেকড ফুডছ আদিও কেঞ্চাৰৰ কাৰক হ'ব পাৰে। এনে খাদ্যবোৰত অধিক পৰিমাণে নিমখ, চেনী, কেলৰী, চেটিউৰেটেড ফেটছ আদি থাকে যিবোৰ শৰীৰৰ কাৰণে অতি ক্ষতিকাৰক।
কেঞ্চাৰৰ পৰা বাচিবলৈ এই খাদ্যসমূহ খোৱাটো এৰাৰ লগতে স্বাস্থ্যকৰ খাদ্য অভ্যাস মানি চলা জৰুৰী।
Published by: Manjumoni Borah
FIRST PUBLISHED : March 10, 2022, 22:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।