உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • health-well-being
    • »
    • Cancer: কৰ্কট ৰোগৰ বিষয়ে চিন্তা ! এই ৫ টা খাদ্য দৈনিক মেনুত ৰাখিব, মাৰাত্মক ৰোগ আপোনাৰ ওচৰ চাপিব নোৱাৰিব ...

    Cancer: কৰ্কট ৰোগৰ বিষয়ে চিন্তা ! এই ৫ টা খাদ্য দৈনিক মেনুত ৰাখিব, মাৰাত্মক ৰোগ আপোনাৰ ওচৰ চাপিব নোৱাৰিব ...

    Cancer : দৈনন্দিন আহাৰত কেইটামান স্বাস্থ্যকৰ আৰু সন্তুলিত আহাৰ যোগ কৰিলে কেৱল সামগ্ৰিক স্বাস্থ্য উন্নত নহয় কিন্তু কৰ্কট ৰোগৰ আশংকাও হ্ৰাস হয় ।

    Cancer : দৈনন্দিন আহাৰত কেইটামান স্বাস্থ্যকৰ আৰু সন্তুলিত আহাৰ যোগ কৰিলে কেৱল সামগ্ৰিক স্বাস্থ্য উন্নত নহয় কিন্তু কৰ্কট ৰোগৰ আশংকাও হ্ৰাস হয় ।

    Cancer : দৈনন্দিন আহাৰত কেইটামান স্বাস্থ্যকৰ আৰু সন্তুলিত আহাৰ যোগ কৰিলে কেৱল সামগ্ৰিক স্বাস্থ্য উন্নত নহয় কিন্তু কৰ্কট ৰোগৰ আশংকাও হ্ৰাস হয় ।

    • Share this:
    কেন্সাৰৰ নাই কোনো এঞ্চাৰ !  চিকিৎসা বিজ্ঞানৰ বৃহৎ বিকাশৰ পাছতো, কৰ্কট ৰোগসম্পৰ্কে এনে মন্তব্য আজিও শুনা যায়। কিন্তু দৈনন্দিন আহাৰত কেইটামান স্বাস্থ্যকৰ আৰু সন্তুলিত আহাৰ যোগ কৰিলে কেৱল সামগ্ৰিক স্বাস্থ্য উন্নত নহয় কিন্তু কৰ্কট ৰোগৰ আশংকাও হ্ৰাস হয়।

    ৰোগৰ পৰা প্ৰতিৰোধী উচ্চ এণ্টি-অক্সিডেণ্ট (কোষবোৰ সুৰক্ষিত কৰা যৌগ) থকা খাদ্যবোৰে অক্সিডেণ্ট (কোষবোৰ ক্ষতিগ্ৰস্ত কৰা যৌগ) আৰু প্ৰদাহ-প্ৰতিৰোধী যৌগৰ বিৰুদ্ধে যুঁজ দিয়ে, আৰু কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

    আখৰোট : আখৰোটে স্তন, প্ৰষ্টেট, মলাশয় আৰু বৃক্কৰ কৰ্কট ৰোগৰ গতি হ্ৰাস কৰে। ইয়াত উচ্চ পৰিমাণৰ অমেগা ৩ সমৃদ্ধ ফেটি এচিড থাকে। আখৰোটত পেডঙ্কুলেগিন নামৰ এটা যৌগ পোৱা যায়। ইয়াক ইউৰোলিথিনত বিপাক কৰা হয়। ইউৰোলিথিনে এষ্ট্ৰোজেন ৰিচেপ্টৰ অৱৰোধ কৰে, যি স্তনৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

    দাইল : বিশেষজ্ঞসকলে কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ ৰাজমা, বীন, মটৰ, বুট আৰু মচুৰ দাইল খোৱাৰ পৰামৰ্শ দিয়ে। বীনত প্ৰ'টিন অধিক, চৰ্বি কম। ইয়াত বহুতো অদ্ৰৱণীয় আঁহ থাকে যি হজম আৰু অন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। আঁহ সমৃদ্ধ উদ্ভিদ-আধাৰিত খাদ্য খালে কলোৰেক্টল কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। ৰাজমাৰ ফাইটোকেমিকেল আছে। যি টিউমাৰৰ বিকাশ সফলতাৰে প্ৰতিহত কৰিবলৈ সক্ষম হয় ।

    ওটমিল : বহুলোকে ৰাতিপুৱাৰ আহাৰত ওটমিল খায়। কলোৰেক্টল আৰু স্তন কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰাৰ কোনো বিকল্প নাই । ওটছৰ দৰে সম্পূৰ্ণ শস্যত যথেষ্ট আঁহ, এণ্টি-অক্সিডেণ্ট, আৰু ফাইটোএষ্ট্ৰোজেন থাকে। এই সকলোবোৰে কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। কেৱল সেয়াই নহয়, ই অষ্টিওপোৰোচিছ আৰু হৃদৰোগৰ আশংকাও হ্ৰাস কৰে।

    ব্ৰকলি : ব্ৰকলি হৈছে ছালফৰাফেনৰ আটাইতকৈ ধনী উৎস। এই যৌগটোৱে কৰ্কট ৰোগ প্ৰতিৰোধত কাম কৰে। অধ্যয়নে দেখুৱাইছে যে ছালফোৰাফেনে ৭৫ শতাংশ ক্ষেত্ৰত মাৰাত্মক টিউমাৰৰ বৃদ্ধি প্ৰতিহত কৰে। তদুপৰি, ইয়াত থকা গ্লুকোৰাফানিনে ক্ষতিগ্ৰস্ত ছালৰ কোষকলা মেৰামতি কৰে। কেৱল কৰ্কট ৰোগেই নহয়, ব্ৰকলিয়ে হৃদৰোগ আৰু ষ্ট্ৰোকৰ আশংকাও হ্ৰাস কৰে। এইটো ডায়েবেটিচ ৰোগীসকলৰ বাবেও এক ভাল খাদ্য। বন্ধাকবিৰ ফুলকবিৰো কৰ্কট ৰোধী গুণাংশ আছে।

    বিলাহী : বিলাহীত কেৰোটিনইড থাকে। এইটোৱেই বিলাহীৰ ৰং ৰঙা কৰে। ইয়াৰ উপৰিও, এই যৌগিক কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়ে। বিলাহীত থকা লাইকোপেন হৈছে এক কৰ্কট ৰোধী যৌগ। ৰন্ধাৰ সময়ত বিলাহীত আভাকাডো, বাদাম বা জলফাই তেল যোগ দিলে শৰীৰক অধিক পুষ্টি প্ৰদান কৰে।
    Published by:Kokil Sarma
    First published: