বিশেষকৈ ঠাণ্ডাৰ দিনবোৰত আমাৰ শৰীৰটোক অত্যধিক যত্নৰ প্ৰয়োজন হয়। সমগ্ৰ ভাৰতত ঠাণ্ডাৰ পৰিস্থিতি অব্যাহত আছে। এনে বতৰে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত ধ্বংসাত্মক প্ৰভাৱ পেলায় কিয়নো আমি সচৰাচৰ বিভিন্ন চৰ্দিৰ লক্ষণত ভুগি আছোঁ। পিঁয়াজ-মৌ চিৰাপ হৈছে এক ভেষজ ঘৰুৱা মিশ্ৰণ যাক কাহ আৰু চৰ্দিৰ লক্ষণৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ লগতে আন বহুতো লাভালাভ আছে।
চিৰাপটো তৈয়াৰ কৰিবলৈ এটা ডাঙৰ বা দুটা পিঁয়াজ সৰু টুকুৰা কাটি লওক। সেইবোৰ কেইঘণ্টামানৰ বাবে কম জুইত যথেষ্ট পৰিমাণৰ মৌৰে গৰম কৰক। পিঁয়াজবোৰ পেলাই দিয়ক আৰু মিশ্ৰণটো এটা ষ্ট্ৰেইনাৰৰ সহায়ত এটা জাৰত ঢালি দিয়ক। ইয়াৰ বিকল্পভাৱে, কেঁচা পিঁয়াজৰ টুকুৰাবোৰ নিসিজোৱাকৈ এটা মৌ ভৰ্তি জাৰত এটা দিনৰ বাবে তিয়াই থ’ব পাৰি।
পিঁয়াজৰ গুণসমূহ: প্ৰায় সকলো পৰিয়ালত ঔষধি উদ্দেশ্যৰ বাবে পিঁয়াজ সদায় ব্যৱহাৰ কৰা হয়। পাচলিত বেক্টেৰিয়া ৰোধী গুণ আছে যি সংক্ৰমণৰ সৈতে যুঁজ কৰাত সহায় কৰে। পিঁয়াজত ফ্লেভনইড আৰু এলকেনাইল চিষ্টেইন চালফক্সাইড থাকে, ই হ’ল দুটা ৰাসায়নিক গোট যি এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে আৰু মুক্ত ৰেডিকেল নিষ্ক্ৰিয় কৰেযাৰ ফলত অক্সিডেটিভ নষ্ট হয়। এই যৌগবোৰ হৃদজনিত আৰু অন্যান্য মানৱ ৰোগ প্ৰতিৰোধত সহায় কৰে বুলিও জনা যায়।
সাধাৰণ পানীলগা: সাধাৰণ পানীলগা সংক্ৰমণৰ সময়ত, ভাইৰাছৰ ফলত আমাৰ নাক আৰু ডিঙিত প্ৰদাহজনক প্ৰতিক্ৰিয়া হয়, যাৰ ফলত নাক সোপামাৰি ধৰে আৰু ডিঙি শুকাই পৰে। পিঁয়াজত ফ্লেভ’নইড কুৱেৰচেটিন থাকে, যি কেৱল এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰাৰ লগতে প্ৰদাহ-ৰোধী কাৰক হিচাপেও কাম কৰে। ই পানীলগা লক্ষণবোৰ সহজ কৰাত সহায় কৰাৰ লগতে সুস্থ হোৱাত সহায় কৰে।
এলাৰ্জি:
শীতৰ মাহবোৰতো এলাৰ্জিৰ বৃদ্ধি হোৱা দেখা যায়। ইয়াৰ কাৰণ হৈছে আমি ঠাণ্ডাৰ দিনত বেছিভাগ সময় ঘৰৰ ভিতৰত ভিতৰত পৰ কৰোঁ সাধাৰণতে বেছিকৈ বাহিৰলৈ ওলাই নাযাওঁ। আমি ধুলি, বালি চাহী, পৰাগ, মল্ডছ, জন্তুৰ নোম আৰু মৃত ছালৰ কণিকাৰ সংস্পৰ্শলৈ আহোঁ যাৰ ফলত এলাৰ্জিক প্ৰতিক্ৰিয়া হ'ব পাৰে। ওপৰত
উল্লেখ কৰা ফ্লেভনইড কুৱেৰচেটিনত এণ্টিহেষ্টমেনিক গুণ থকা দেখা যায় যিয়ে এলাৰ্জিক প্ৰদাহ হ্ৰাস কৰিব পাৰে।
মৌৰ উপকাৰিতা:
মৌ কাহ উপশম কৰিবলৈ সদায় পথ্য হিচাপে ব্যৱহাৰ কৰা হয়। মৌৰ এণ্টিমাইক্ৰ’বিয়েল শক্তি থাকে, বিশেষকৈ যেতিয়া পাতল নোহোৱা কৈ লোৱা হয়। ইয়াৰ উপৰিও গৱেষণাত প্ৰকাশ পাইছে যে মৌত এণ্টিঅক্সিডেণ্ট আৰু প্ৰদাহ ৰোধী গুণ থাকে, যি অন্যান্য ৰোগৰ মাজত হৃদৰোগ আৰু কৰ্কট ৰোগৰ সৈতে যুঁজ কৰাত সহায় কৰে।
FIRST PUBLISHED : February 08, 2021, 17:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|
Cold, Flu, Home remedies for cold, Honey, Onion, Onion-honey concotion, এণ্টিঅক্সিডেণ্ট, এলাৰ্জি, ঠাণ্ডাৰ দিনত শৰীৰৰ যত্ন, পিয়াজৰ গুণ, মৌৰ উপকাৰিতা, হোমিঅ’পেথিক চিৰাপ