আজি কালি যিকোনো বেমাৰৰ বাবে চিকিৎসকে এণ্টিবায়টিক ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে তথা প্ৰেছক্ৰিপচনত উল্লেখ কৰে। কিন্তু অধিক মাত্ৰাৰ এণ্টিবায়টিক গ্ৰহণে শৰীৰত কিছু বিপৰীত প্ৰতিফল হে দেখুৱাব পাৰে। ইয়াৰ অধিক ব্যৱহাৰে শৰীৰত প্ৰতিৰোধ বিকশিত কৰে আৰু যেতিয়াই এণ্টিবায়টিকৰ প্ৰকৃত ব্যৱহাৰ হয়, তেতিয়া ই প্ৰতিৰোধৰ কাম নকৰে। সেয়েহে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে ইয়াৰ ব্যৱহাৰৰ পৰা বিৰত থকাৰ পৰামৰ্শ দিয়ে। Indian Medical Associationএ কয় যে কাহ, ওকালি অহা, বমি, ডিঙিৰ বিষ, জ্বৰ, শৰীৰৰ বিষ আৰু কিছুমান ক্ষেত্ৰত ডায়েৰিয়াৰ লক্ষণ থকা ৰোগীৰ সংখ্যা হঠাতে বৃদ্ধি পাইছে।
চিকিৎসা সংস্থাটোৱে কয় যে, ‘‘এই সংক্ৰমণ সাধাৰণতে প্ৰায় পাঁচৰ পৰা সাত দিনলৈ থাকে। তিনি দিনৰ শেষত জ্বৰ নোহোৱা হয়, কিন্তু কাহ তিনি সপ্তাহলৈকে থাকিব পাৰে। এনচিডিচিৰ (NCDC)ৰ তথ্য অনুসৰি, ইয়াৰ বেছিভাগ ক্ষেত্ৰতে H3N2 ইনফ্লুৱেঞ্জা ভাইৰাছ আছে।’’
অৱশ্যে, IMA–এ চিকিৎসকসকলক পৰামৰ্শ দিছে যে তেওঁলোকে এই ৰোগৰ বাবে এণ্টিবায়টিক দিয়াৰ পৰা বিৰত থাকিব লাগে আৰু কেৱল লক্ষণগত চিকিৎসাহে প্ৰদান কৰিব লাগে।
IMA–এ এক সামাজিক পোষ্টত কয় যে, ‘‘কিন্তু এই মুহূৰ্তত, মানুহে এজিথ্ৰোমাইচিন আৰু এমোক্সিক্লেভ আদিৰ দৰে এণ্টিবায়টিক গ্ৰহণ কৰা আৰম্ভ কৰে, সেয়াও পালি আৰু নিয়মীয়াকৈ গ্ৰহণ নকৰে বৰঞ্চ এবাৰ ভাল অনুভৱ কৰিলে এই দৰৱ মাজতে এৰি দিয়ে। এইটো বন্ধ কৰিব লাগিব কিয়নো ই পিছলৈ এণ্টিবায়টিক প্ৰতিৰোধলৈ বিকশিত হয়। যেতিয়াই এণ্টিবায়টিকৰ প্ৰকৃত ব্যৱহাৰ হয়, তেওঁলোকে প্ৰতিৰোধৰ বাবে কাম নকৰে।’’
কিছুমান পৰিস্থিতিৰ বাবে আন কেইবাটাও এণ্টিবায়টিকৰ অপব্যৱহাৰ কৰা হৈছে আৰু ৰোগীসকলৰ মাজত প্ৰতিৰোধ বিকশিত হৈ আছে। উদাহৰণ স্বৰূপে, ৭০ শতাংশ ডায়েৰিয়া ৰোগ হৈছে ভাইৰেল ডায়েৰিয়া, যাৰ বাবে এণ্টিবায়টিকৰ প্ৰয়োজন নাই কিন্তু চিকিৎসকে পৰামৰ্শ দিয়া পৰিলক্ষিত হয়।
চিকিৎসা সংস্থাই কয় যে, ‘‘আটাইতকৈ বেছি অপব্যৱহাৰ কৰা এণ্টিবায়টিকবোৰ হৈছে এমোক্সিচিলিন (amoxicillin), নৰফ্লক্সাচিন (norfloxacin), চিপ্ৰফ্লোক্সাচিন (ciprofloxacin), অফলক্সাচিন (ofloxacin), লেভফ্লক্সাচিন (levofloxacin)।’’
ইয়াৰোপৰি তেওঁলোকে কয়, ‘‘আমি ইতিমধ্যে কোভিডৰ সময়ত এজিথ্ৰোমাইচিন আৰু আইভাৰ্মেক্টিনৰ ব্যাপক ব্যৱহাৰ দেখিছোঁ আৰু ইয়াৰ ফলতো প্ৰতিৰোধ বিকশিত হৈছে।’’
Published by: Sehnaz Begum
FIRST PUBLISHED : March 04, 2023, 10:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।