মুখ্যপৃষ্ঠা »খবৰ »স্বাস্থ্য »Influenza: বাৰিষা ঋতু আৰম্ভ হোৱাৰ আগতে সকলো শিশুৰ বাবে ইনফ্লুৱেঞ্জাৰ টিকাকৰণৰ পৰামৰ্শ দিছে বিশেষজ্ঞসকলে

Influenza: বাৰিষা ঋতু আৰম্ভ হোৱাৰ আগতে সকলো শিশুৰ বাবে ইনফ্লুৱেঞ্জাৰ টিকাকৰণৰ পৰামৰ্শ দিছে বিশেষজ্ঞসকলে

আমাৰ ল'ৰা-ছোৱালীৰ বাবে পানীলগা চৰ্দি আৰু কাহৰ সৈতে মোকাবিলা কৰাটো আজি আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে।

আমাৰ ল'ৰা-ছোৱালীৰ বাবে পানীলগা চৰ্দি আৰু কাহৰ সৈতে মোকাবিলা কৰাটো আজি আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে।

আমাৰ ল'ৰা-ছোৱালীৰ বাবে পানীলগা চৰ্দি আৰু কাহৰ সৈতে মোকাবিলা কৰাটো আজি আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে।

  • Share this:

ইনফ্লুৱেঞ্জা আৰু ইয়াৰ প্ৰতিৰোধৰ প্ৰয়োজনৰ বিষয়ে অধিক জানো আহক


বাতৰিত প্ৰকাশ পাই আহিছে যে স্বাস্থ্য বিশেষজ্ঞসকলে সকলো শিশুৰ বাবে ইনফ্লুৱেঞ্জা টিকাকৰণৰ পৰামৰ্শ দিছে। যিহেতু ইনফ্লুৱেঞ্জা বা ফ্লু আৰু ক'ভিড-১৯-ৰ লক্ষণবোৰে পৰস্পৰক সামৰি লৈছে, সেয়েহে বিশেষজ্ঞসকলে বিশ্বাস কৰে যে ফ্লুৰ বেজীয়ে শিশুসকলক সুৰক্ষিত কৰাৰ লগতে অভিভাৱকসকলৰ মাজত আতংক প্ৰতিহত কৰাত সহায় কৰিব।


বহুতো অভিভাৱকৰ মনত এইবিষয়ে নানা প্ৰশ্ন আহিব পাৰে। উদাহৰণস্বৰূপে 'ইনফ্লুৱেঞ্জা বা ফ্লু কি বা এইটো সাধাৰণ চৰ্দিতকৈ কেনেদৰে পৃথক নাইবা তেওঁলোকৰ সন্তানক ইনফ্লুৱেঞ্জাৰ পৰা সুৰক্ষিত কৰাৰ বিষয়ে কিয় বিবেচনা কৰা উচিত ইত্যাদি নানা প্ৰশ্ন তেওঁলোকৰ মনলৈ আহিব পাৰে।


ৰোগবিধ আৰু ইয়াৰ প্ৰতিৰোধৰ বিষয়ে আপুনি জানিবলগীয়া প্ৰধান কথাসমূহ তলত বৰ্ণনা কৰা হ'ল


আমাৰ ল'ৰা-ছোৱালীৰ বাবে পানীলগা চৰ্দি আৰু কাহৰ সৈতে মোকাবিলা কৰাটো আজি আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে। অৱশ্যে যেতিয়া জ্বৰ, নাক সোপা মাৰি ধৰা আৰু অন্যান্য চৰ্দিসদৃশ লক্ষণসমূহ বেছি হৈ যায়, তেতিয়া শিশুৱে ইনফ্লুৱেঞ্জাৰ দৰে অধিক বিপদজনক অৱস্থালৈ গতি কৰিব পাৰে, যাক ফ্লু বুলিও কোৱা হয়।


ইনফ্লুৱেঞ্জা/ ফ্লু এক অত্যন্ত সংক্ৰামক ভাইৰেল সংক্ৰমণ, যি শিশুৰ বায়ুপথ আৰু হাঁওফাঁওক প্ৰভাৱিত কৰিব পাৰে। ফ্লু হৈছে বছৰটোত আটাইতকৈ বেছিকৈ সন্মুখীন হোৱা সচৰাচৰ হোৱা শ্বাস-প্ৰশ্বাসজনিত ৰোগবোৰৰ ভিতৰত এটা অন্যতম ৰোগ। জন হপকিন্সৰ দ্বাৰা কৰা গৱেষণাই দেখুৱাইছে যে বেছিভাগ শিশুৱে প্ৰায় এসপ্তাহৰ ভিতৰত সুস্থ অনুভৱ কৰে। কিন্তু কিছুমান শিশুৰ সংক্ৰমণ অধিক গুৰুতৰো হ'ব পাৰে, যাৰ ফলত চিকিৎসালয়ৰ যত্নৰ প্ৰয়োজন আহি পৰিব পাৰে। গুৰুতৰ সংক্ৰমণৰ ফলত শিশুৰ হাঁওফাঁওৰ সংক্ৰমণ (নিউমোনিয়া) বা আনকি মৃত্যুও হ'ব পাৰে। বিভিন্ন অধ্যয়নবোৰে দেখুৱাইছে যে কেৱল ভাৰততে প্ৰতিবছৰে ইনফ্লুৱেঞ্জা/ফ্লুৰ চিকিৎসাৰ কাৰণে ৫ বছৰৰ তলৰ প্ৰায় ১ লাখ শিশু চিকিৎসালয়ত ভৰ্তি হয়।


কাৰ কাৰ হানি হোৱাৰ সম্ভাৱনা আছে? 


যিকোনো ব্যক্তিৰে ইনফ্লুৱেঞ্জা/ফ্লু হ'ব পাৰে। অৱশ্যে এনে কিছুমান ব্যক্তিবিশেষৰ গোট আছে, যিসকল এই ৰোগত ভোগাৰ আশংকা অধিক। তাৰ ভিতৰত আছে ৬ মাহৰ পৰা ৫ বছৰ বয়সৰ শিশুসকল, গৰ্ভৱতী মহিলাসকল, ৬৫ বছৰ বা তাতকৈ অধিক বয়সৰ বৃদ্ধ লোকসকল, স্বাস্থ্যসেৱা কৰ্মীসকল আৰু দীৰ্ঘম্যাদী চিকিৎসীয় স্থিতি যেনে ডায়েবেটিচ, হাপানি, কৰ্কট ৰোগ আদিত ভুগি থকা ব্যক্তিসকল আৰু সংক্ৰমণ প্ৰতিৰোধ ক্ষমতা কম থকা ব্যক্তিসকল।


 

সঞ্চাৰণ/প্ৰসাৰণ


ভাইৰাছটো মুখ্যতঃ ইনফ্লুৱেঞ্জা/ফ্লুত ভুগি থকা ৰোগীয়ে কাহ মাৰিলে, হাঁচি মাৰিলে বা কথা পাতিলে নিৰ্গত হোৱা জুলীয়া পদাৰ্থৰ অতি ক্ষুদ্ৰ টোপালৰ দ্বাৰা বিয়পে। সেয়েহে সংক্ৰমিত ব্যক্তি এজনৰ ওচৰত থাকিলে এই ৰোগৰ সংক্ৰমণ হোৱাৰ আশংকা বৃদ্ধি হয়। বতাহত নিৰ্গত হোৱা জুলীয়া পদাৰ্থৰ অতি ক্ষুদ্ৰ টোপালবোৰ প্ৰায় ৬ ফুট দূৰলৈ বিয়পিব পাৰে আৰু ওচৰত থকা অন্য লোকৰ ওচৰলৈ যাব পাৰে।5
সৰু সৰু শিশু বা দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকসকলৰ দীৰ্ঘম্যাদী সংক্ৰমণ সময় থাকিব পাৰে সেয়েহে তেওঁলোকে দীঘলীয়া সময়ৰ বাবে আনক সংক্ৰমিত কৰিবলৈ সক্ষম হ'ব পাৰে।


প্ৰতিৰোধ


যদিও ৰোগটোৰ চিকিৎসাৰ বাবে কেইবাটাও এণ্টিভাইৰেল (ইনফ্লুৱেঞ্জা-ৰোধী) ঔষধ উপলব্ধ আছে তথাপি ৰোগটো সংক্ৰমিত নোহোৱাটোতহে প্ৰধান গুৰুত্ব আৰোপ কৰিব লাগে। সৰল আৰু কাৰ্যকৰী প্ৰতিৰোধমূলক পদক্ষেপ গ্ৰহণ কৰিলে এই সংক্ৰমণ বিয়পা বন্ধ হোৱাত সহায় হ’ব পাৰে। এই পদক্ষেপবোৰৰ ভিতৰত আছে 6-


১. কাহ/ হাঁচি মাৰিলে শিশুক মুখ আৰু নাক ঢাকিবলৈ শিকোৱা।


২. হাত ভালদৰে আৰু নিয়মীয়াকৈ ধোৱা। যেতিয়া পানী সহজে উপলব্ধ নহয় তেতিয়া চেনিটাইজাৰ ব্যৱহাৰ কৰিলেও কাৰ্যকৰী প্ৰমাণিত হ'ব পাৰে।


৩. সুৰক্ষিত দূৰত্ব বজাই ৰখা আৰু সংক্ৰমিত লোকসকলৰ সৈতে পোনপটীয়া সম্পৰ্ক পৰিহাৰ কৰা।


৪. মাস্ক ব্যৱহাৰ কৰা, বিশেষকৈ ৰাজহুৱা স্থানত।


৫. বাৰ্ষিক ইনফ্লুৱেঞ্জা টিকাকৰণ।


বাৰ্ষিক ইনফ্লুৱেঞ্জা/ফ্লুৰ টিকাকৰণ হৈছে ইনফ্লুৱেঞ্জাৰ বিৰুদ্ধে সুৰক্ষা দিয়াত সহায় কৰাৰ আটাইতকৈ কাৰ্যকৰী উপায়।


বিশ্বব্যাপী আৰু ভাৰতীয় স্বাস্থ্য কৰ্তৃপক্ষই ৬ মাহৰ পৰা ৫ বছৰ বয়সলৈকে সকলো শিশুৰ বাবে বাৰ্ষিক ইনফ্লুৱেঞ্জা টিকাকৰণৰ পৰামৰ্শ দিয়ে।6 এইটো জনা গৈছে যে সময়ৰ লগে লগে ইনফ্লুৱেঞ্জা ভাইৰাছৰ বিৰুদ্ধে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায় আৰু প্ৰতিবছৰে প্ৰবাহিত ভাইৰাছৰ প্ৰভাৱ সলনি হয়। একেই কথা ভেকচিনৰ সৈতেও ঘটে। সময়ৰ লগে লগে ভেকচিনৰো ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায় আহে। সেয়েহে প্ৰতিবছৰে টিকাকৰণ কৰাটো অতিকৈ প্ৰয়োজনীয়।6 বছৰি ইনফ্লুৱেঞ্জাৰ বিৰুদ্ধে টিকাকৰণ কৰাটোৱে কেৱল আপোনাৰ সন্তানৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই বৃদ্ধি নকৰে, লগতে ই ইনফ্লুৱেঞ্জাৰ অধিক সংক্ৰমণ নিয়ন্ত্ৰণ কৰাতো সহায় কৰে।ইনফ্লুৱেঞ্জা ৰোগ আৰু টিকাকৰণৰ জৰিয়তে ইয়াৰ প্ৰতিৰোধৰ বিষয়ে অধিক তথ্যৰ বাবে আপোনাৰ শিশু ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লওক।

স্পষ্টীকৰণ: GlaxoSmithKline Pharmaceuticals Limited ৰ দ্বাৰা ৰাজহুৱা স্বাৰ্থত জাৰি কৰা হৈছে। ড০ এনী বেচাণ্ট ৰোড, ৱৰ্লি, মুম্বাই 400 030, ভাৰত। এই লেখাত প্ৰকাশ পোৱা তথ্য কেৱল সাধাৰণ সজাগতাৰ বাবে। এই লেখাত প্ৰকাশ পোৱা কোনো তথ্যই কোনোধৰণৰ চিকিৎসা পৰামৰ্শ নিদিয়ে। অনুগ্ৰহ কৰি যদি আপোনাৰ মনত চিকিৎসা সম্পৰ্কীয় কিবা প্ৰশ্ন থাকে বা আপোনাৰ অৱস্থা সম্পৰ্কে আপোনাৰ মনত যিকোনো প্ৰশ্ন বা উদ্বেগৰ উদ্ভৱ হয়, তেন্তে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওক। অনুগ্ৰহ কৰি ভেকচিন-প্ৰতিৰোধযোগ্য ৰোগৰ সম্পূৰ্ণ তালিকা আৰু প্ৰতিটো ৰোগৰ বাবে সম্পূৰ্ণ টিকাকৰণ অনুসূচীৰ বাবে আপোনাৰ শিশু ৰোগ বিশেষজ্ঞৰ সৈতে আলোচনা কৰক। অনুগ্ৰহ কৰি যিকোনো GSK সামগ্ৰীৰ সৈতে ঘটা প্ৰতিকূল ঘটনাবোৰ india.pharmacovigilance@gsk.comত ইমেইল কৰি কোম্পানীক জনাওক।


CL code: NP-IN-FLT-OGM-210006, DoP Jun 2021

শেহতীয়া বাতৰি