உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • health-well-being
    • »
    • Weight Loss Tips: ওজন হ্ৰাস কৰিবলৈ মন মেলিছে যদি শোৱাৰ আগতে খাওক ইয়াৰে যিকোনো একাপ চাহ

    Weight Loss Tips: ওজন হ্ৰাস কৰিবলৈ মন মেলিছে যদি শোৱাৰ আগতে খাওক ইয়াৰে যিকোনো একাপ চাহ

    আপুনি শুই শুই পেটৰ চৰ্বি গলাব পাৰে। ইয়াৰ কাৰণে কামত অহা ৫বিধ বিশেষ চাহৰ কথা আজি আমি ইয়াত তুলি ধৰিছো। এই চাহকেইকাপৰ যিকোনো একাপ দৈনিক শোৱাৰ আগতে ল’লে আপোনাৰ ওজন হ্ৰাস পোৱাটো নিশ্চিত।

    আপুনি শুই শুই পেটৰ চৰ্বি গলাব পাৰে। ইয়াৰ কাৰণে কামত অহা ৫বিধ বিশেষ চাহৰ কথা আজি আমি ইয়াত তুলি ধৰিছো। এই চাহকেইকাপৰ যিকোনো একাপ দৈনিক শোৱাৰ আগতে ল’লে আপোনাৰ ওজন হ্ৰাস পোৱাটো নিশ্চিত।

    আপুনি শুই শুই পেটৰ চৰ্বি গলাব পাৰে। ইয়াৰ কাৰণে কামত অহা ৫বিধ বিশেষ চাহৰ কথা আজি আমি ইয়াত তুলি ধৰিছো। এই চাহকেইকাপৰ যিকোনো একাপ দৈনিক শোৱাৰ আগতে ল’লে আপোনাৰ ওজন হ্ৰাস পোৱাটো নিশ্চিত।

    • Share this:
    যদি আমি ওজন হ্ৰাস কৰা চাহৰ নাম লও সৰ্বপ্ৰথমে লেমন টিৰ নামেই মনলৈ আহে। ইয়াৰ বাহিৰে বহুকেইবিধ চাহ আছে যি তীব্ৰ গতিৰে আপোনাৰ ওজন হ্ৰাস কৰাত সহায় কৰে। কিন্তু এইসমূহ পান কৰাৰ সঠিক সময় আপুনি জানিব লাগিব। মনত ৰাখিব ওজন হ্ৰাস কৰিবলৈ সৰু সৰু পদক্ষেপসমূহ যথেষ্ট জৰুৰী। নিজৰ জীৱনশৈলীৰ মান উন্নত কৰি ভাল টোপনি আৰু ষ্ট্ৰেছ লেভেল হ্ৰাস কৰাত আমি গুৰুত্ব দিব লাগিব। ইয়াৰ জৰিয়তে শৰীৰৰ মেটাবলিজম হাৰ ভাল হৈ আমাৰ অতিৰিক্ত ওজন হ্ৰাস পোৱাত সহায় হ’ব।

    এইদৰে ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত একাপ শোৱাৰ পূৰ্বে লোৱা চাহে যথেষ্ট সহায় কৰিব পাৰে। শোৱাৰ পূ্ৰ্বে লোৱা একাপ হাৰ্বেল টিয়ে কেৱল আপোনাৰ মন শান্তই নকৰে বৰং মিঠা খাবলৈ বাৰে বাৰে মন মেলা কাৰবাৰটো বন্ধ কৰে।

    শোৱাৰ পূৰ্বে পান কৰিব পাৰা ৫ বিধ চাহঃ

    ১) দালচেনী চাহঃ শোৱাৰ পূৰ্বে দালচেনী ওতলাই চেকি প্ৰস্তুত কৰা চাহ একাপে আপোনাৰ মেটাবলিজম বৃদ্ধি কৰি নেচৰেল এণ্টি ইনফ্লেমেটেৰী এজেণ্ট হিচাপেও কাম কৰে। এই চাহে আপোনাৰ ডি–ব্লটিং আৰু ষ্ট্ৰেছৰ পৰ্যায় হ্ৰাস কৰাতো সহায় কৰে।

    ২) কেম’মাইল চাহঃ ইনফ্লেমেচন হ্ৰাস কৰি ভাল টোপনি অনাৰ পৰা ওজন হ্ৰাসলৈকে কেম’মাইল চাহে যথেষ্ট সহায় কৰে। টোপনি অহাত সহায় কৰিবলৈ কেম’মাইল চাহে যথেষ্ট সহায় কৰে। গৰম পানীত কেম’মাইলৰ ফুল পেলাই ৫ মিনিটৰ কাৰণে তেনেকৈ এৰি দিয়ক তাৰ পিছত এই চাহ চেকি খাওক।

    ৩) পদিনা চাহঃ এণ্টিঅক্সিডেণ্টে আৰু পোষক তত্বৰে ভৰি থকা পদিনাৰ চাহে ওজন হ্ৰাস কৰাৰ লগতে আন বহু সমস্যাৰ পৰা মুক্তি প্ৰদান কৰে। একাপ সতেজ পদিনাৰ চাহে কম কেলৰীৰ লগতে ভোক কমোৱাৰো শক্তি প্ৰদান কৰে। পদিনাৰ চাহে হজম শক্তি বঢ়াই শৰীৰৰ তাপমাত্ৰা সঠিকভাৱে ধৰি ৰখাত সহায় কৰে। অৱসাদ, মূৰৰ বিষ আৰু চাইনাছৰ সমস্যাও পদিনা চাহে নোহোৱা কৰে। এইকাপ চাহে কেলৰী বাৰ্ন কৰাৰ লগতে ভাল টোপনিও আনে।

    ৪) গ্ৰীণ টিঃ ওজন হ্ৰাস কৰিবলৈ গ্ৰীণটি যথেষ্ট জনপ্ৰিয়। গ্ৰীণ টিত কেটেচিন নামৰ এবিধ এণ্টিঅক্সিডেণ্ট আছে যি মেটাবলিজম বৃদ্ধিত সহায় কৰে। ফেট বাৰ্নিং ৰেট বৃদ্ধি কৰি ওজন হ্ৰাস আৰু ফেট লছৰ ক্ষেত্ৰতো গ্ৰীণ টিয়ে সহায় কৰে।

    ৫) লেভেণ্ডাৰ চাহঃ হেয়াৰ গ্ৰ’থৰ ক্ষেত্ৰত সহায় কৰে লেভেণ্ডাৰে। এই চাহে ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো সহায় কৰে। শোৱাৰ পূৰ্বে একাপ লেভেণ্ডাৰ চাহে ভাল টোপনি নিশ্চিত কৰাৰ লগতে ওজন হ্ৰাস কৰাৰো কাৰক হয়। নিদ্ৰাহীনতা অনা ষ্ট্ৰেছ আৰু এনজাইটি দূৰ কৰাতো এই চাহ সহায়ক প্ৰমাণিত হৈছে।
    First published: