Ginger Tea Side Effects: শীতকালত (Winter) চাহ খাবলৈ কোনেনো বেয়া পায়! বাহিৰৰ ফিৰফিৰীয়া বতাহজাকৰ মাজত হাতত একাপ গৰম চাহ লৈ বহাৰ মজাই বেলেগ। গাঁৱৰ হওক বা টাউনৰ চাহ খোৱাক লৈ ব্যক্তিৰ মাজত পচন্দ প্ৰায় একেধৰণৰ। সাধাৰণকৈ বনোৱা চাহৰ লগতে বিভিন্ন ধৰণৰ ফ্লেভাৰ (Flavour) দি আপুনি চাহকাপৰ মজা ল’ব পাৰে। সাধাৰণতে চাহত তুলসী, আদা, ইলাচী, মচলা, লং, মৌ, চফ আদি বস্তু মিহলোৱা হয় অতিৰিক্ত সোৱাদৰ কাৰণে। শীতকালত আদা দিয়া চাহৰো যথেষ্ট চাহিদা। এনে আদা দিয়া চাহৰ উপকাৰিতা যথেষ্ট কিন্তু অতিৰিক্ত মাত্ৰাত আদা দিয়া চাহ খালে শৰীৰৰ কাৰণে হিতে বিপৰীত হ’ব পাৰে।
আদা দিয়া চাহ খোৱাৰ ফলত হ’ব পৰা ক্ষতিঃআদাৰ বহুতো ঔষধি গুণ আছে। অৱশ্যে অতিৰিক্ত মাত্ৰাত আদা সেৱন কৰিলে স্বাস্থ্যৰ লোকচান হ’ব পাৰে।
আদা দিয়া চাহ বেচিকৈ খালে পেটৰ সমস্যা হ’ব পাৰে। লগতে গেছৰ সমস্যা আৰু শৰীৰত অস্থিৰতাৰ ভাৱ আহিব পাৰে।
ব্লাড প্ৰেচাৰ যিসকলৰ কম বা সামান্য থাকে তেওঁলোকে আদা দিয়া চাহ কমকৈ খাব লাগে। আদা দিয়া চাহ বেচিকৈ খালে মূৰ ঘুৰণি আৰু দুৰ্বলতা (Weakness) হ’ব পাৰে।
আদা দিয়া চাহ বেচিকৈ খালে চুলি সৰা সমস্যাৰ সৃষ্টি হ’ব পাৰে। আদাত পোৱা জিঞ্জৰ’ল নামক তত্বই চুলি বঢ়াত বাধা দিয়ে আৰু চুলি সৰাৰ সমস্যাত আপুনি আক্ৰান্ত হ’ব পাৰে।
আদা দিয়া চাহ বেচিকৈ খালে এচিডিটিৰ সমস্যা বাঢ়িব পাৰে। লগতে ইয়াৰ কাৰণে পেটত জ্বলা–পুৰা হ’ব পাৰে। আদাৰ জিঞ্জৰ’লে পেটত এচিডৰ সৃষ্টি কৰে। সেইকাৰণে আদা দিয়া চাহ কমাই সেৱন কৰক।
সৰ্বোপৰি আদা দিয়া চাহ খোৱাৰ ফলত টোপনি নহাৰ সমস্যা হ’ব পাৰে। ইয়াৰ ফলত শৰীৰ সোনকালে ভাগৰি পৰিব আৰু দুৰ্বল হৈ পৰিব পাৰে। সেইকাৰণে ৰাতিৰ সময়ত আদা দিয়া চাহ নাখাব।
(সাধাৰণ ভাৱে উপলব্ধ তথ্যৰ ভিত্তিত এই প্ৰৱন্ধ প্ৰস্তুত কৰা হৈছে। যিকোনো খাদ্য গ্ৰহণ বা বৰ্জন কৰাৰ পূৰ্বে অভিজ্ঞ মেডিকেল বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব।)
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|