পৃথিৱীৰ প্ৰায় প্ৰতিজন ব্যক্তিয়ে যিকোনো বস্তু ক্ৰয় কৰাৰ আগতে তাৰ ম্যাদ উকলি যোৱাৰ তাৰিখ বা এক্সপাইৰী ডেট (Expiry Date) পৰীক্ষা কৰে। ম্যাদ উকলি যোৱাৰ তাৰিখ অৰ্থাৎ যিটো তাৰিখৰ পিছত প্ৰডাক্টটো আৰু ব্যৱহাৰযোগ্য হৈ নাথাকে। ইয়াৰ পিছত সেই বস্তুটো ব্যৱহাৰ বা সেৱন কৰাৰ অৰ্থ হ’ল আপোনাৰ স্বাস্থ্যৰ সৈতে খেলা কৰা। আমি প্ৰডাক্টটোৰ ম্যাদ উকলি যোৱাৰ তাৰিখলৈকে ইয়াৰ নিৰ্মাণৰ তাৰিখ পৰীক্ষা কৰোঁ। কিন্তু আমি প্ৰতিদিনে মুখৰ ভিতৰত লগাই দাঁত পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা টুথব্ৰাছ (Toothbrush)ৰ ম্যাদ উকলি যোৱাৰ তাৰিখ কেতিয়াবা দেখিছোনে?
আমি প্ৰায়ে বজাৰৰ পৰা টুথব্ৰাছ এটা কিনি তাৰ ব্ৰিষ্টল সম্পূৰ্ণৰূপে নষ্ট নোহোৱালৈকে ব্যৱহাৰ কৰো। কিন্তু এয়া ভাল কথা নহয়। বিশেষজ্ঞসকলৰ মতে, আমি টুথব্ৰাছৰ ম্যাদ উকলি যোৱাৰ আগতেই সলনি কৰা উচিত। নহ’লে হয়তো ইয়াৰ বাবে আমি বহু লোকচান বহন কৰিবলগীয়া হ’ব পাৰে। টুথব্ৰাছৰ ম্যাদ উকলি যোৱাৰ তাৰিখ (Toothbrush Expiry Date) কি আৰু সলনি নকৰিলে কি কি অসুবিধা হ'ব সেয়া জানেনে?
এইবোৰ অসুবিধা হ'ব পাৰে
দন্ত বিশেষজ্ঞৰ মতে, ম্যাদ উকলি যোৱা টুথব্ৰাছ ব্যৱহাৰ কৰিলে বহুতো অসুবিধা হয়। যদি আপুনি যোৱা চাৰি মাহতকৈ অধিক সময় এপাট টুথব্ৰাছ ব্যৱহাৰ কৰে তেন্তে ইয়াৰ অৰ্থ হ’ল-
আপোনাৰ ব্ৰাছত বহুত বেক্টেৰিয়া (bacteria) বাঢ়িছে আৰু আপুনি দাঁত ঘঁহি সেইবোৰ খাই আছে।
সেই টুথব্ৰাছে আৰু আপোনাৰ দাঁতত জমা হোৱা প্লেক আঁতৰাব নোৱাৰে। অৰ্থাৎ যিমানেই ব্ৰাছ নলওক কিয় দাঁতত প্লেক জমা হৈ থাকিব।
মুখৰ দুৰ্গন্ধৰ সমস্যা হ’বলৈ আৰম্ভ কৰিব। যিহেতু আপোনাৰ ব্ৰাছৰ প্লেক আঁতৰাব পৰা নাই। এনে অৱস্থাত মুখৰ পৰা গোন্ধ আহিব।
দাঁতৰ আলুৰ বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লাগিব।
ব্ৰাছ কেতিয়া সলাব লাগে
আপুনি ব্যৱহাৰ কৰা টুথব্ৰাছটোৱেও আপোনাক সংকেত দিয়ে যে ইয়াক সলনি কৰাৰ সময় আহি পৰিছে। ব্ৰাছৰ ব্ৰিষ্টলবোৰ মেল খাই গ'লে ব্ৰাছ সলাবৰ হয়। ব্ৰাছৰ তলত ক’লা দাগ পৰিলে সলাব লাগে। ব্ৰিষ্টলবোৰ অতি কোমল হৈ পৰিলে ব্ৰাছ সলাব লাগে। এই সকলোবোৰ লক্ষণৰ পৰা অনুমান কৰিব পাৰি যে আপুনি এতিয়াই টুথব্ৰাছ সলনি কৰিব লাগে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|