• Home
  • »
  • News
  • »
  • health-well-being
  • »
  • World AIDS Day : পুৰুষ প্ৰেমিক বিচাৰি বিশ্বত বিয়পাই দিছিল মাৰাত্মক AIDS! এইজন লোকৰ বাবেই বিয়পিছিল ৰোগবিধ!

World AIDS Day : পুৰুষ প্ৰেমিক বিচাৰি বিশ্বত বিয়পাই দিছিল মাৰাত্মক AIDS! এইজন লোকৰ বাবেই বিয়পিছিল ৰোগবিধ!

World AIDS Day : বহু বিশেষজ্ঞই এই ৰোগৰ বিয়পাৰ কাৰণে সেইজন ব্যক্তিকে জগৰীয়া কৰে যিজনৰ প্ৰথম এইডছ হৈছিল।  HIV আক্ৰান্ত প্ৰথম ৰোগী বুলি কোৱা হয় গেটন ডুগাছ নামৰ লোকজনক।

World AIDS Day : বহু বিশেষজ্ঞই এই ৰোগৰ বিয়পাৰ কাৰণে সেইজন ব্যক্তিকে জগৰীয়া কৰে যিজনৰ প্ৰথম এইডছ হৈছিল।  HIV আক্ৰান্ত প্ৰথম ৰোগী বুলি কোৱা হয় গেটন ডুগাছ নামৰ লোকজনক।

World AIDS Day : বহু বিশেষজ্ঞই এই ৰোগৰ বিয়পাৰ কাৰণে সেইজন ব্যক্তিকে জগৰীয়া কৰে যিজনৰ প্ৰথম এইডছ হৈছিল।  HIV আক্ৰান্ত প্ৰথম ৰোগী বুলি কোৱা হয় গেটন ডুগাছ নামৰ লোকজনক।

  • Share this:
বিশ্ব এইডছ দিৱস (World Aids Day 2021) প্ৰতি বছৰে ১ ডিচেম্বৰত পালন কৰা হয়। এই দিৱসটো ১৯৮৮ চনত আৰম্ভ হৈছিল। এই দিনটোৰ মূল উদ্দেশ্য হৈছে মানুহক Aids ৰোগটোৰ বিষয়ে সজাগ কৰা। এইডছ হৈছে এক দুৰাৰোগ্য ৰোগ যাৰ কোনো নিৰাময় নাই কিন্তু কিছুমান সাৱধানতা অৱলম্বন কৰি নিয়ন্ত্ৰণ কৰিব পাৰি। বহু বছৰৰ সজাগতা অভিযানৰ পিছত, মানুহে এতিয়া তেওঁলোকৰ ভুলবোৰ বুজি উঠিছে আৰু বহু ভূল ধাৰণা নাইকীয়া হৈছে। কিন্তু কিছুমান বস্তু আছে যাৰ বিষয়ে মানুহে এতিয়াও নাজানে।

এইচআইভি (HIV) এইডছৰ বিষয়ে বহুতো কথা আছে যিবোৰৰ বিষয়ে বেছিভাগ মানুহে অৱগত নহয়। খুব কম মানুহে জানে যে এই বিপদজনক ৰোগটো অৱশেষত পৃথিৱীত কেনেকৈ বিয়পে। লগতে প্ৰথমে এইডছ হোৱা ব্যক্তিজন কোন? আমি আজি আপোনাক এই সকলো প্ৰশ্নৰ উত্তৰ দিম।

পৃথিৱীত HIV ভাইৰাছ মানুহলৈ চিম্পাঞ্জীৰ পৰা বিয়পিছিল। আফ্ৰিকাৰ কংগো (African Jungle) অৰণ্যত বাস কৰা এটা চিম্পাঞ্জীৰ শৰীৰত এই ভাইৰাছটো উপস্থিত আছিল। ১৯২০ চনত এজন চিকাৰীৰ আক্ৰমণত চিম্পাঞ্জীটো আঘাতপ্ৰাপ্ত হৈছিল। চিম্পাঞ্জীটোৰ শৰীৰৰ পৰা তেজ ওলাইছিল আৰু চিকাৰীজনৰ শৰীৰতো লাগিছিল আৰু এনেকৈয়ে এই মাৰাত্মক ভাইৰাছটো মানৱ শৰীৰত প্ৰবেশ কৰিছিল। অৱশ্যে, এই কাহিনীটো বহু বিশেষজ্ঞই মানি নলয়।

বহু বিশেষজ্ঞই এই ৰোগৰ বিয়পাৰ কাৰণে সেইজন ব্যক্তিকে জগৰীয়া কৰে যিজনৰ প্ৰথম এইডছ হৈছিল।  HIV আক্ৰান্ত প্ৰথম ৰোগী বুলি কোৱা হয় গেটন ডুগাছ নামৰ লোকজনক। যদি আপুনি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ (Centre For Disease And Prevention) প্ৰতিবেদন বিশ্বাস কৰে, তেন্তে এইজন সমকামী ব্যক্তিৰ এইডছ বিয়পাত হাত আছে। গেটন এজন কানাডিয়ান ফ্লাইট এটেণ্ডেণ্ট আছিল। গেটন সমকামী আছিল আৰু ইচ্ছাকৃতভাৱে বহুলোকলৈ ৰোগটো বিয়পাই দিছিল। গেটনে আৱিষ্কাৰ কৰিছিল যে তেওঁৰ এইডছ আছে আৰু ইয়াৰ কোনো চিকিৎসা নাই। তথাপিও, তেওঁ এই ৰোগ বহুলোকলৈ বিয়পাই দিছিল। গেটন ডুগাছক 'পেছেণ্ট জিৰো' বা ৰোগী নম্বৰ শূন্য (Aids Patient Zero) বুলিও জনা যায়।

আৰম্ভণিৰ পৰা বহু বছৰ AIDS ৰোগ কেৱল পুৰুষৰ দেহতহে ধৰা পৰিছিল


এইডছ সম্পৰ্কীয় আন এটা বিশেষ তথ্য উল্লেখ কৰিব পাৰি। আমেৰিকা যুক্তৰাষ্ট্ৰত ৰোগটোৰ বিষয়ে গম পোৱাৰ পিছত মানুহবোৰ হতবাক হৈছিল। ৰোগটো প্ৰথমবাৰৰ বাবে পোহৰলৈ অহাৰ পিছত প্ৰায় ৯২ শতাংশ এইচআইভি পজিটিভ লোক পুৰুষ আছিল। মাত্ৰ আঠ শতাংশ মহিলাই এই দুৰাৰোগ্য ৰোগত ভুগিছিল। পিছলৈ লাহে লাহে মহিলা Aids ৰোগীৰো সংখ্যা বাঢ়ি গ'ল।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published: