মুখ্যপৃষ্ঠা »খবৰ »স্বাস্থ্য »Dry Skin: শুকান ছালক অৱহেলা কৰিলে পৰিব পাৰে ভয়ংকৰ বিপদত, বহু ডাঙৰ ৰোগৰ লক্ষণ হ'ব পাৰে শুকান ছাল, জানক সবিশেষ

Dry Skin: শুকান ছালক অৱহেলা কৰিলে পৰিব পাৰে ভয়ংকৰ বিপদত, বহু ডাঙৰ ৰোগৰ লক্ষণ হ'ব পাৰে শুকান ছাল, জানক সবিশেষ

Dry Skin: বহুতেই নাজানে যে শুকান ছালৰ আঁৰৰ কাৰণ কেৱল বতৰ নহয়, আন বহুতো কাৰণ থাকিব পাৰে। ছাল শুকান হোৱাৰ আঁৰত বহু গুৰুতৰ ৰোগ থাকিব পাৰে।

Dry Skin: বহুতেই নাজানে যে শুকান ছালৰ আঁৰৰ কাৰণ কেৱল বতৰ নহয়, আন বহুতো কাৰণ থাকিব পাৰে। ছাল শুকান হোৱাৰ আঁৰত বহু গুৰুতৰ ৰোগ থাকিব পাৰে।

Dry Skin: বহুতেই নাজানে যে শুকান ছালৰ আঁৰৰ কাৰণ কেৱল বতৰ নহয়, আন বহুতো কাৰণ থাকিব পাৰে। ছাল শুকান হোৱাৰ আঁৰত বহু গুৰুতৰ ৰোগ থাকিব পাৰে।

  • Share this:
শীতকাল (Winter)ত দেহৰ ছাল শুকান আৰু খহটা (Dry Skin) হোৱাটো সাধাৰণ কথা। কিন্তু বহুলোকৰ ছাল প্ৰায় প্ৰতিটো ঋতুতে শুকান হৈ থাকে। বেছিভাগ মানুহেই শুকান ছালৰ বাবে বতৰকে জগৰীয়া কৰে আৰু ইয়াৰ আঁৰৰ আচল কৰাণ জনাৰ কোনো চেষ্টা নকৰে। বতৰৰ উপৰি ছাল শুকান হোৱাৰ আঁৰত থাকিব পাৰে আন বহু কাৰণ যিবোৰ বাস্তৱতে আপোনাৰ কাৰণে হ'ব পাৰে চিন্তৰ কাৰণ। সেয়ে শুকান ছালক অৱহেলা নকৰিব।

বহুতেই নাজানে যে শুকান ছালৰ আঁৰৰ কাৰণ কেৱল বতৰ নহয়, আন বহুতো কাৰণ থাকিব পাৰে। ছাল শুকান হোৱাৰ আঁৰত বহু গুৰুতৰ ৰোগ থাকিব পাৰে। ইয়াৰ ভিতৰত এটা জটিল আৰু প্ৰধান ৰোগ হৈছে বৃক্ক বা কিডনী (Kidney)ৰ ৰোগ। কি়ডনীৰ সমস্যা থাকিলে ছাল অতি শুকান হৈ থাকে।

আমি জানোঁ যে কিডনীয়ে আমাৰ শৰীৰ আৰু স্বাস্থ্য ভালে ৰখাত বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিডনীয়ে শৰীৰৰ ফিল্টাৰৰ দৰে কাম কৰে, তেজত বিভিন্ন উপাদানৰ ভাৰসাম্য ৰক্ষা কৰি স্বাস্থ্য অটুট ৰাখে। কিডনীয়ে দেহৰ পানীভাগৰ পৰা বৰ্জনীয় উপাদানসমূহো উলিয়াই দিয়াত সহায় কৰে।

শৰীৰত কিডনীয়ে যেতিয়া সুকলমে কাম নকৰা হয় তেতিয়াই বিভিন্ন উপাদানৰ ভাৰসাম্যহীনতাৰ সৃষ্টি হয়, যাৰ ফলত বৃক্কৰ ৰোগ হ’ব পাৰে। কিডনীয়ে সঠিকভাৱে কাম নকৰাৰ এটা লক্ষণ হ’ল শুকান ছাল আৰু খজুৱতি। আমেৰিকান একাডেমী অৱ ডাৰ্মাটোলজীৰ মতে খহটা আৰু সাঁচ বহি যোৱা ছাল, ছালত কঠিনতা অনুভৱ কৰা আৰু সহজে ফাটি যোৱা আৰু মাছৰ বাকলিৰ দৰে ছালত সাঁচ বহা আদি হৈছে ছালত দেখা দিয়া  বৃক্কৰ ৰোগৰ লক্ষণ। এই সকলোবোৰ লক্ষণ শৰীৰৰ যিকোনো অংশত আৰু যিকোনো সময়তে দেখা দিব পাৰে।

শেহতীয়া বাতৰি