• Home
  • »
  • News
  • »
  • health-well-being
  • »
  • Health Alert: ব্ৰইলাৰ মুৰ্গীৰ মাংস নৰম আৰু সুস্বাদু, কিন্তু ইয়াৰ ক্ষতিকাৰক দিশৰ বিষয়ে অৱগতনে আপুনি?

Health Alert: ব্ৰইলাৰ মুৰ্গীৰ মাংস নৰম আৰু সুস্বাদু, কিন্তু ইয়াৰ ক্ষতিকাৰক দিশৰ বিষয়ে অৱগতনে আপুনি?

Broiler Chicken Side Effects: নৰম, সুস্বাদু আৰু মূল্য কম বাবে এই খাদ্য প্ৰায়ভাগৰে প্ৰিয়। কিন্তু ই আপোনাৰ স্বাস্থ্যত কেনে প্ৰভাৱ পেলাব পাৰে?

Broiler Chicken Side Effects: নৰম, সুস্বাদু আৰু মূল্য কম বাবে এই খাদ্য প্ৰায়ভাগৰে প্ৰিয়। কিন্তু ই আপোনাৰ স্বাস্থ্যত কেনে প্ৰভাৱ পেলাব পাৰে?

Broiler Chicken Side Effects: নৰম, সুস্বাদু আৰু মূল্য কম বাবে এই খাদ্য প্ৰায়ভাগৰে প্ৰিয়। কিন্তু ই আপোনাৰ স্বাস্থ্যত কেনে প্ৰভাৱ পেলাব পাৰে?

  • Share this:

আমিষ খাদ্যৰ ঘাটি পূৰণৰ বাবে ব্ৰইলাৰ কুকুৰা অন্যতম খাদ্য। ইয়াৰ চাহিদা অনুসৰি প্ৰতিপালনো যথেষ্ট কৰা হয়। নৰম, সুস্বাদু আৰু মূল্য কম বাবে এই খাদ্য প্ৰায়ভাগৰে প্ৰিয়। কিন্তু ই আপোনাৰ স্বাস্থ্যত কেনে প্ৰভাৱ পেলাব পাৰে এবাৰ জানি লওক (Broiler Chicken Side Effects)। এই প্ৰসংগত দ্য ইষ্টমেন এগ ডটকমৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে ইয়াৰ ক্ষতিৰ বিষয়ে।


এণ্টিবায়'টিক ৰেজিষ্টেন্স হ্ৰাস
এই কুকুৰাবোৰৰ (broiler chicken) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ বিভিন্ন ধৰণৰ এণ্টিবায়'টিক ব্যৱহাৰ কৰা হয়। ব্ৰইলাৰ মাংসৰ সৈতে সেই এণ্টিবায়'টিক আমাৰ শৰীৰতো প্ৰৱেশ কৰে। ফলস্বৰূপে, শৰীৰত থকা নিৰ্দিষ্ট এণ্টিবায়'টিক ৰেজিষ্টেন্স ক্ৰমান্বয়ে হ্ৰাস হয়। গতিকে এই কুকুৰাবোৰ নিৰ্ধাৰিত পৰিমাণতকৈ বেছি খাব নালাগে।


ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ


তৃতীয় বিশ্বৰ দেশবোৰত কুকুৰা পালন কৰাৰ ধৰণ বৈজ্ঞানিক নহয়। কুকুৰাবোৰ দ্ৰুততাৰে ডাঙৰ কৰা আৰু গধুৰ কৰাৰ বাবে ৰাসায়নিক পদ্ধতি গ্ৰহণ কৰা হয়। এই ৰাসায়নিক পদাৰ্থবোৰ আমাৰ বাবে ক্ষতিকাৰক। বিশেষকৈ বিভিন্ন ৰোগ থকা বা যিসকলে সকলো সময়তে ঔষধ গ্ৰহণ কৰে তেওঁলোকে ব্ৰইলাৰ কুকুৰা পৰিহাৰ কৰিব লাগে। কিয়নো ৰাসায়নিক পদাৰ্থই ঔষধৰ গুণ হ্ৰাস কৰে।


ফুড পইজনিং


ব্ৰইলাৰ চিকেনত ই-কোলাই বেক্টেৰিয়া (Bacteria)থাকে। এই বেক্টেৰিয়া ফুড পইজনিঙৰ অন্যতম কাৰণ। বয়সস্থসকলৰ লগতে শিশুসকলো বেছিভাগ ক্ষেত্ৰতে ফুড পইজনিঙৰ স্বীকাৰ হয় ব্ৰইলাৰ মুৰ্গীৰ দ্বাৰা তৈয়াৰ কৰা বিভিন্ন খাদ্যৰ বাবে।


কলেষ্টেৰলৰ স্তৰ বৃদ্ধি


কৃত্ৰিমভাৱে কৰা পালনৰ বাবে ব্ৰইলাৰ কুকুৰাৰ যথেষ্ট চৰ্বি উৎপন্ন হয়, যি কলেষ্টেৰলৰ স্তৰ বৃদ্ধি কৰাত এক বিশেষ ভূমিকা পালন কৰে। যিসকলে নিয়মীয়াকৈ ব্ৰইলাৰ চিকেন খায়, তেওঁলোকে কলেষ্টেৰল সম্পৰ্কীয় ৰোগত আক্ৰান্ত হোৱাৰ আশংকা অধিক।


পুৰুষত্ব হ্ৰাস


পুৰুষত্ব কমাৰ এটা কাৰণৰ বাবে ব্ৰইলাৰ কুকুৰাকো দোষাৰোপ কৰা হয়। অধ্যয়নে দেখুৱাইছে যে ব্ৰইলাৰ মাংস নিয়মীয়াকৈ খোৱা পুৰুষৰ জন্মদান সাধাৰণ পুৰুষতকৈ কম হয়।


Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

Published by:Gautam Barman
First published: