உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • health-well-being
    • »
    • Coronavirus Drug: অহা সপ্তাহৰ পৰা বজাৰত উপলব্ধ হ'ব কোভিডৰ ঔষধ ম'লনুপিৰাভিৰ, কিমান হ'ব কেপচুল এটাৰ মূল্য

    Coronavirus Drug: অহা সপ্তাহৰ পৰা বজাৰত উপলব্ধ হ'ব কোভিডৰ ঔষধ ম'লনুপিৰাভিৰ, কিমান হ'ব কেপচুল এটাৰ মূল্য

    molnupiravir

    molnupiravir

    Coronavirus Drug: ম'লনুপিৰাভিৰ ঔষধৰ প্ৰতিটো কেপচুলৰ দাম ৩৫ টকা। ম'লনুপিৰাভিৰৰ এটা ষ্ট্ৰীপত ১০টা কেপচুল থাকিব। পাঁচ দিনত ৪০টা কেপচুলৰ এটা কোৰ্ছৰ মূল্য হ'ব ১৪০০ টকা।

    • Share this:
    অহা সপ্তাহৰ পৰা বজাৰত উপলব্ধ হ'ব কোৰোণাৰ ঔষধ (Corona Medicine) মোলফ্লু  বা ম'লনুপিৰাভিৰ (Molnupiravir).  ঔষধ নিৰ্মাতা ড০ ৰেড্ডীজ লেবৰেটৰীয়ে (Dr. Reddy's Laboratories) ভাৰতত কোভিড-19 ৰ চিকিৎসাৰ বাবে  মোলফ্লু (ম'লনুপিৰাভিৰ) ঔষধৰ প্ৰতিটো কেপচুলৰ দাম নিৰ্ধাৰণ কৰিছে ৩৫ টকা। হায়দৰাবাদস্থিত কোম্পানীটোৱে মঙলবাৰে কয় যে ম'লনুপিৰাভিৰৰ এটা ষ্ট্ৰীপত ১০টা কেপচুল থাকিব। পাঁচ দিনত ৪০টা কেপচুলৰ এটা কোৰ্ছৰ মূল্য হ'ব ১৪০০ টকা। কোম্পানীটোৰ এজন মুখপাত্ৰই কয় যে এইটো কোভিড-19 ৰোগীৰ বাবে আটাইতকৈ সস্তা চিকিৎসা বিকল্প হ'ব।

    কোম্পানীটোৱে কয়যে অহা সপ্তাহৰ আৰম্ভণিৰ পৰা সমগ্ৰ দেশৰ বজাৰত ম'লনুপিৰাভিৰ উপলব্ধ হ'ব। "আমাৰ মুখ্য গুৰুত্ব সেই ৰাজ্যসমূহত য'ত সংক্ৰমণৰ হাৰ দ্ৰুত," মুখপাত্ৰজনে কয়। ড০ ৰেড্ডীজে যোৱা বছৰ ভাৰতৰ বাবে মোলনুপিৰাভিৰ (Molnupiravir) নিৰ্মাণ আৰু যোগানৰ বাবে Merck Sharp & Dohme (MSD)ৰ সৈতে এক অনিৰ্দিষ্ট স্বেচ্ছামূলক অনুজ্ঞাপত্ৰ চুক্তি স্বাক্ষৰ কৰিছিল। ইয়াৰ অধীনত, ঔষধটো প্ৰায় 100 খন নিম্ন আৰু মধ্য আয়ৰ দেশলৈ যোগান ধৰা হ'ব।

    জৰুৰীকালীন অৱস্থাত ভাৰতত কোভিডৰ চিকিৎসাৰ বাবে মোলানুপিৰাভিৰ নামৰ ঔষধৰ নিয়ন্ত্ৰিত ব্যৱহাৰৰ অনুমোদন জনাইছে চৰকাৰে। জৰুৰীকালীন অৱস্থাত ঔষধটো কোভিড-19-ৰ প্ৰাপ্তবয়স্ক ৰোগীৰ ওপৰত 'SPO2' ৯৩% ব্যৱহাৰ কৰিব পাৰি আৰু ৰোগটোৰ পৰা উচ্চ বিপদাশংকা থকা ৰোগীসকলক ঔষধটো দিব পাৰি।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    ম'লনুপিৰাভিৰ ঔষধতো উলিয়াইছে মাৰ্ক এণ্ড কোম্পানী (Merck & Co.)য়ে। ।
    Published by:Manjumoni Borah
    First published: