ফ্ৰীজত থকা মাংস আৰু মাছ (Meat and Fish)ত ৩০ দিনলৈকে সক্ৰিয় হৈ থাকিব পাৰে Covid-19 ৰ সৃষ্টি কৰা SARS-CoV-2 ভাইৰাছ ! শেহতীয়াকৈ কৰা এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে। জাৰ্নেল অৱ এপ্লাইড এণ্ড এনভাইৰনমেণ্টেল মাইক্ৰ’বায়’লজিত প্ৰকাশ পাইছে এই গৱেষণা। কুকুৰা, গৰুৰ মাংস, গাহৰিৰ মাংস আৰু ছেলমন আৰু ছাৰ্চ-ক’ভিড-২ আদি স্পাইক চেৰ’গেট ভাইৰাছ ব্যৱহাৰ কৰি এই অধ্যয়ন সম্পন্ন কৰা হৈছে।
গৱেষকসকলে মাংস আৰু মাছৰ সামগ্ৰী ফ্ৰীজত ৮ ডিগ্ৰী চেলছিয়াছ আৰু আৰু ফ্ৰীজাৰত মাইনাছ ২০ ডিগ্ৰী চেলছিয়াছত সংৰক্ষণ কৰিছিল। আমেৰিকাৰ কেম্পবেল বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা তথা গৱেষক লেখিকা এমিলি এছ বেইলীয়ে কয় যে, “যদিও ৩০ দিনলৈ মাংস ফ্ৰীজত ৰাখিব নোৱাৰি, তথাপিও কিছু দিনৰ বাবে ফ্ৰীজত মাছ-মাংস সংৰক্ষণ কৰিব পাৰি।”
বেইলীয়ে এক বিবৃতিত কয় যে আমি দেখিছোঁ যে ভাইৰাছবোৰ দীৰ্ঘদিন ধৰি ফ্ৰীজ কৰি ৰখাৰ পিছতো কালচাৰ কৰিব পৰা যায়। দক্ষিণ-পূব এছিয়াত কমিউনিটি ট্ৰেন্সমিছনৰ পূৰ্বেই Covid-19ৰ প্ৰাদুৰ্ভাৱ ঘটিছিল বুলি জানিব পাৰি গৱেষকসকলে তেওঁলোকৰ অধ্যয়ন আৰম্ভ কৰে।
বেইলীয়ে কয়, ‘ছাৰ্ছ-ক’ভিড-২ বিয়পি থকা অঞ্চলত উৎপাদিত পেকেজ কৰা মাংসজাত সামগ্ৰী হ’ব পাৰে ক’ৰোনা ভাইৰাছৰ উৎস। আমাৰ লক্ষ্য আছিল এনে এটা ভাইৰাছ এই পৰিবেশত জীয়াই থাকিব পাৰে নে নাই সেইটো জানি লোৱা।”
SARS-CoV-2 বায়ুপথৰ লগতে অন্ত্ৰলৈও বিয়পিব পাৰে বুলি বেইলীয়ে কয়। এই অধ্যয়নত গৱেষকসকলে এটা আৰ এন এ ভাইৰাছ আৰু দুটা পশু ক’ৰোনা ভাইৰাছ, মাউৰিন হেপাটাইটিছ ভাইৰাছ আৰু সংক্ৰামক গেষ্ট্ৰ’এণ্টেৰাইটিছ ভাইৰাছক চেৰ’গেট হিচাপে ব্যৱহাৰ কৰিছিল।
তিনিওটা ভাইৰাছ পূৰ্বে SARS-CoV-2 ৰ প্ৰতিনিধি হিচাপে ব্যৱহাৰ কৰা হৈছিল, সাধাৰণতে ফ্ৰীজৰ উষ্ণতাতকৈ ফ্ৰীজাৰে ইহঁতৰ সংখ্যা অধিক হ্ৰাস কৰে। সংখ্যা হ্ৰাস হোৱাটোও ব্যৱহাৰ কৰা খাদ্য অনুসৰি বেলেগ বেলেগ হয়।
গৱেষকসকলে কয় যে খাদ্য প্ৰক্ৰিয়াকৰণৰ সময়ত সেই স্থান, শ্ৰমিকৰ হাত আৰু কটাৰী, বাচন-বৰ্তনৰ দৰে সামগ্ৰীৰ দূষণ ৰোধ কৰাৰ বাবে অবিৰত প্ৰচেষ্টা চলাব লাগিব। তেওঁলোকে কয় যে পেকেজিং কৰাৰ পূৰ্বে এই খাদ্যসমূহ বীজাণুমুক্ত হৈছে নে নাই পৰীক্ষা কৰিব লাগিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|