মুখ্যপৃষ্ঠা »খবৰ »স্বাস্থ্য »Covid19 Pandemic: বাঢ়িছে কোৰোণাৰ সংক্ৰমণ! কিদৰে কৰিব প্ৰতিহত? প্ৰতিমুহূৰ্তত পালন কৰক এইসমূহ নীতি-নিয়ম

Covid19 Pandemic: বাঢ়িছে কোৰোণাৰ সংক্ৰমণ! কিদৰে কৰিব প্ৰতিহত? প্ৰতিমুহূৰ্তত পালন কৰক এইসমূহ নীতি-নিয়ম

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, মাস্ক হৈছে সংক্ৰমণ হ্ৰাস কৰা কৰা আৰু জীৱন ৰক্ষা কৰাৰ অন্যতম মূল পদক্ষেপ ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, মাস্ক হৈছে সংক্ৰমণ হ্ৰাস কৰা কৰা আৰু জীৱন ৰক্ষা কৰাৰ অন্যতম মূল পদক্ষেপ ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, মাস্ক হৈছে সংক্ৰমণ হ্ৰাস কৰা কৰা আৰু জীৱন ৰক্ষা কৰাৰ অন্যতম মূল পদক্ষেপ ৷

  • Share this:
আকৌ কোৰোণাৰ ভয়াৱহ সংক্ৰমণ আৰম্ভ হৈছে দেশত। এদিনতে লক্ষাধিক লোক আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত ৷ কোভিদৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মাস্ক পৰিধান কৰা, হেণ্ড চেনিটাইজ কৰাত সকলোৱে গুৰুত্ব প্ৰদান কৰিছে।

গুগলৰ নতুন ডুডলে এই কথা সকলোকে পুনৰ মনত পেলাই দিছে যে, 'মাস্ক পৰিধান কৰাটো এতিয়াও গুৰুত্বপূৰ্ণ। মাস্ক পিন্ধিলেহে জীৱন ৰক্ষা হ’ব আপোনাৰ। লগতে হাত পৰিস্কাৰ কৰি ৰখা আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে গুগল ডুডলে।'

এই মাস্ক কিয় গুৰুত্বপূৰ্ণ?

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, মাস্ক হৈছে সংক্ৰমণ হ্ৰাস কৰা আৰু জীৱন ৰক্ষা কৰাৰ এক মূল পদক্ষেপ ৷ গতিকে সকলোৱে বৰ্তমান সময়ত জীৱনৰ অংশৰূপে মানিব লাগিব মাস্ক পৰিধান কৰাৰ লগতে হেণ্ড চেনিটাইজ কৰা। লগতে শাৰীৰিক দূৰত্বমানি চলা, হাঁচি আৰু কাঁহ মৰাৰ সময়ত মুখ ঢাকি ৰখা, পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা আদিও গুৰুত্বপূৰ্ণ।

মাস্ক কেতিয়া পিন্ধিব লাগে?

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে "ভাইৰাছ বিয়পি থকা এলেকাৰ লগতে জনবহুল এলেকাত মাস্ক পৰিধান কৰিব লাগে, য'ত আপুনি আনৰ পৰা কমেও ১ মিটাৰ আঁতৰত থাকিব নোৱাৰে ৷ লগতে দুৰ্বল বা ভালদৰে বায়ু চলাচল কৰিব নোৱাৰা কোঠাতো মাস্ক পৰিধান কৰিব লাগে।  গতিকে যদি আপোনাৰ যি ঠাইতে সন্দেহ থাকে, সেই ঠাইতে মাস্ক পিন্ধিব লাগে।

মনত ৰাখিব লগা অন্যান্য বিষয়সমূহ:

১. মাস্ক ব্যৱহাৰ কৰাৰ আগতে আৰু পিছত লগতে পিন্ধি থকা অৱস্থাত যদি মাস্কখন হাতেৰে স্পৰ্শ কৰিবলগীয়া হয়, তেন্তে প্ৰথমে হাত পৰিষ্কাৰ কৰিব লাগিব।

২. মাস্ক পৰিধান কৰিলেও আপুনি যিমান সম্ভৱ আনৰ পৰা শাৰীৰিক দূৰত্ব বজাই ৰাখিব। মাস্ক পিন্ধাৰ অৰ্থ এইটো নহয় যে, আপুনি মানুহৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰাখিব পাৰে।

৩. ব্যস্ত বজাৰ কেন্দ্ৰ, ধৰ্মীয় অনুষ্ঠান, ৰেষ্টুৰেণ্ট, বিদ্যালয় আৰু ৰাজহুৱা পৰিবহনৰ দৰে ৰাজহুৱা স্থানত সামাজিক দুৰত্ব মানিব নোৱাৰিলে মাস্ক পৰিধান কৰিব লাগে।

৪. ঘৰলৈ অতিথি আহিলেও মাস্ক পৰিধান কৰক।

৫. ঘৰৰ বাহিৰত থকা অৱস্থাত যদি আপুনি আনৰ পৰা শাৰীৰিক দূৰত্ব বজাই ৰাখিব নোৱাৰে তেন্তে নিশ্চয়কৈ মাস্ক পিন্ধিব।

কোভিড১৯ সংক্ৰমণ প্ৰতিহত কৰিবলৈ আপুনি মানি চলিব লাগিব এই নিয়মসমূহো :

* হাত পৰিষ্কাৰ কৰি ৰাখক। চাবোন আৰু পানী, বা এলকহল-আধাৰিত সামগ্ৰী ব্যৱহাৰ কৰক।

* শাৰীৰিক ভাবে অসুস্থ লোকৰ পৰা আঁতৰি থাকক।

* শাৰীৰিক দূৰত্ব সম্ভৱ নহ'লে মাস্ক পিন্ধিব।

* লেতেৰা হাতেৰে আপোনাৰ চকু, নাক বা মুখ স্পৰ্শ নকৰিব।

* আপুনি কাঁহ বা হাঁচি মাৰিলে আপোনাৰ নাক আৰু মুখ খন ঢাকি ল’ব ।

* যদি আপুনি অসুস্থ অনুভৱ কৰে তেন্তে ঘৰতে থাকিব।

* আপোনাৰ জ্বৰ, কাঁহ আৰু উশাহ লোৱাত অসুবিধা হ’লে চিকিৎসালয়লৈ যাব ।

শেহতীয়া বাতৰি