• Home
  • »
  • News
  • »
  • health-well-being
  • »
  • গ্ৰীণ টিৰ আছে মহৌষধী গুণ! ধ্বংস কৰে কৰ্কট ৰোগ সৃষ্টিকাৰী কোষ!

গ্ৰীণ টিৰ আছে মহৌষধী গুণ! ধ্বংস কৰে কৰ্কট ৰোগ সৃষ্টিকাৰী কোষ!

গ্ৰীণ টি খাওক -

এন্টি অক্সিডেন্টেৰে ভৰপূৰ গ্ৰীণ টিয়ে বৃদ্ধি কৰে মেটাবলজিম অৰ্থাত্ বিপাক । কোৱা হয় যে ওজন হ্ৰাস কৰিবলৈ শক্তিশালী মেটাবলজিম থকাটো অতি জৰুৰী । যিসকল লোকৰ মেটাবলজিম শক্তিশালী হয়, তেওঁলোকৰ বাবে ওজন হ্ৰাস কৰাটো অতি সহজ হৈ পৰে । তেনেস্থলত এদিনত ২ বাৰ গ্ৰীণ টি খোৱাটো উচিত ।

গ্ৰীণ টি খাওক - এন্টি অক্সিডেন্টেৰে ভৰপূৰ গ্ৰীণ টিয়ে বৃদ্ধি কৰে মেটাবলজিম অৰ্থাত্ বিপাক । কোৱা হয় যে ওজন হ্ৰাস কৰিবলৈ শক্তিশালী মেটাবলজিম থকাটো অতি জৰুৰী । যিসকল লোকৰ মেটাবলজিম শক্তিশালী হয়, তেওঁলোকৰ বাবে ওজন হ্ৰাস কৰাটো অতি সহজ হৈ পৰে । তেনেস্থলত এদিনত ২ বাৰ গ্ৰীণ টি খোৱাটো উচিত ।

সাধাৰণতে কফি হৈছে আটাইতকৈ জনপ্ৰিয় পানীয়, কিন্তু এই অভ্যাস এতিয়া সেউজীয়া চাহলৈ পৰিৱৰ্তন হ'বলৈ ধৰিছে।

  • Share this:
আচলতে পুৱা চাহ কাপ নহ'লে বহুতৰ নচলে। সাধাৰণতে কফি হৈছে আটাইতকৈ জনপ্ৰিয় পানীয়, কিন্তু এই অভ্যাস এতিয়া সেউজীয়া চাহলৈ পৰিৱৰ্তন হ'বলৈ ধৰিছে। গ্ৰীণ টিত আছে বহু মহৌষধী গুণ।

শেহতীয়াকৈ গৱেষকসকলে প্ৰকাশ কৰিছে যে, সেউজীয়া চাহ(গ্ৰীণ টি)ত থকা কৰ্কট ৰোগ বিৰোধী প্ৰ’টিনে এই মাৰাত্মক ৰোগ বিধৰ কোষ ধ্বংস কৰাত সহায় কৰিব। আনহাতে এই পানীয় সেৱনে শৰীৰৰ ডি.এন.এ মেৰামতিটো সহায় কৰে বুলি গৱেষকসকলে জনাইছে।

নেচাৰ কমিউনিকেশ্যন নামৰ এখন জাৰ্নেলত এই তথ্য প্ৰকাশ পাইছে। এণ্টি কেঞ্চাৰ প্ৰ'টিন p53 আৰু গ্ৰীণ টি কম্পাউণ্ডৰ মাজত থকা পোনপটীয়া সম্পৰ্কক ইয়াত বিতং ভাবে দেখুওৱা হৈছে। এপিগেল’কটেচিন গেলেটৰ বিষয়ে প্ৰকাশ পোৱা গৱেষণাই যুক্তি দৰ্শাইছে যে, গ্ৰীণ টি হ'ব পাৰে কৰ্কট ৰোগৰ ঔষধ আবিষ্কাৰৰ ক্ষেত্ৰত এক শক্তিশালী সমল। মানব শৰীৰত হোৱা কৰ্কট ৰোগত ৫০ শতাংশতকৈও অধিক p53 মিউটেশ্যন পোৱা যায়। আনহাতে  এপিগেল’কটেচিন গেলেট হৈছে সেউজীয়া চাহৰ মুখ্য এণ্টি-অক্সিডেণ্ট, যি সমগ্ৰ বিশ্বৰে এক জনপ্ৰিয় পানীয়।

এই গৱেষণা পত্ৰৰ লেখক চুনয়ু ৱাং নিউ য়ৰ্কস্থিত পলিটেকনিক ইনষ্টিটিউটৰ অধ্যাপক। তেওঁ কয় যে, “প্ৰ'টিন p53-ত কেইবাটাও কৰ্কট ৰোগ বিৰোধী উপাদান আছে, ইয়াৰ ভিতৰত ডিএনএ মেৰামতিৰ ক্ষেত্ৰত কোষৰ বৃদ্ধি বন্ধ কৰা, ডিএনএ মেৰামতি সক্ৰিয় কৰা আদি।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি